ETV Bharat / city

দিনৰ 1 বজাৰ শীৰ্ষ দহটা বাতৰি

দিনৰ 1 বজাৰ শীৰ্ষ দহটা বাতৰি

TOP 10 AT 1 PM
দিনৰ 1 বজাৰ শীৰ্ষ দহটা বাতৰি
author img

By

Published : Nov 16, 2020, 12:57 PM IST

ঘৰ আহি পালে শ্বহীদ বীৰ জোৱানৰ নশ্বৰ দেহ

সোমবাৰে পুৱাই নিজ গৃহ পালেহি পাকিস্তানী সেনাৰ গুলিত নিহত হোৱা স্থলসেনাৰ হাবিলদাৰ হৰধন চন্দ্ৰ ৰায়ৰ নশ্বৰ দেহ । উল্লেখ্য় যে, ৰাষ্ট্ৰীয় মর্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হ’ব অসম সন্তান বীৰ জোৱানজনৰ । ইয়াৰ বাবে জিলা প্ৰশাসনে সম্পন্ন কৰি তুলিছে যাৱতীয় ব্যৱস্থা ৷

দুৰ্ঘটনাত পতিত হৈ জোনাইত মৃত্যুক সাৱটিলে তিনি যুৱকে

জোনাইত এক ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যুক সাৱটিলে তিনি যুৱকে ৷ জোনাইৰ বৰবালি গাঁৱৰ ৰঙাজান দলঙৰ সমীপৰ 15নং ৰাষ্ট্ৰীয় ঘাইপথত দেওবাৰে শোকাৱহ পথ দুৰ্ঘটনাটো সংঘটিত হয় ৷ দুৰ্ঘটনাটোৰ ফলত দুজনে থিতাতে মৃত্যুক সাৱটি লয় আৰু এজনৰ চিকিৎসাধীন অৱস্থাত মৃত্যু ঘটে ৷

সপ্তমবাৰলৈ বিহাৰৰ মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ কৰিবলৈ সাজু নিতীশ কুমাৰ

সপ্তমাবৰৰ বাবে বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব নিতীশ কুমাৰে ৷ সৰ্বাধিক বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱাৰ অভিলেখ গঢ়ি সোমবাৰে বিয়লি 4:30 বজাত বিহাৰৰ নৱনিৰ্বাচিত মুখ্যমন্ত্ৰী হিচাপে পুনৰবাৰ শপত গ্ৰহণ কৰিব নিতীশ কুমাৰে ৷

হিমাচলৰ মণ্ডী জিলাত পথ দুৰ্ঘটনাত নিহত সাত

হিমাচলৰ মণ্ডী জিলাত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত সাতজন প্ৰব্ৰজিত শ্ৰমিক ৷ আনহাতে, আহত হয় বাহনৰ চালক ৷

এটিপি ফাইনেলছৰ প্ৰথম মেচত জয় সাব্যস্ত নাডালৰ

এটিপি ফাইনেলছৰ দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে ৰাফেল নাডালে ৷ ৰাছিয়াৰ আন্দ্ৰে ৰোবলেভক 6-3, 6-4 ছেটত পৰাস্ত কৰে নাডালে ৷

জম্মু-কাশ্মীৰৰ পঞ্চায়ত নিৰ্বাচনৰ দায়িত্বত অনুৰাগ ঠাকুৰ

জম্মু-কাশ্মীৰক কেন্দ্ৰীয়শাসিত অঞ্চল ঘোষণা কৰাৰ পিচতেই প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন ৷ বিজেপিয়ে নিৰ্বাচনত নিৰ্বাচনী পৰ্যবেক্ষকৰ দায়িত্বভাৰ প্ৰদান কৰিছে দলটোৰ যুৱ নেতা তথা কেন্দ্ৰীয় ৰাজ্যিক বিত্তমন্ত্ৰী অনুৰাগ ঠাকুৰক ৷

ডুমডুমাৰ বাইপাছত প্ৰত্যক্ষ বন্যহস্তীৰ বৃহৎ জাক

ডুমডুমা বাইপাছলৈ ওলাই আহিল বন্যহস্তীৰ বৃহৎ জাক ৷ খাদ্যৰ সন্ধানত বন্যহস্তীৰ জাকতো ওলাই অহাৰ সন্দেহ ৷ আতংকিত বাইপাছেৰে যাতায়ত কৰা লোক ৷

হৰধন ৰায়ৰ পৰিয়াললৈ মুখ্যমন্ত্ৰীৰ 20 লাখ টকাৰ এককালীন সাহাৰ্য

শ্বহীদ সেনা জোৱান হৰধন ৰায়ৰ পৰিয়াললৈ 20 লাখ এককালীন সাহাৰ্য ঘোষণা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ৷ অসমে এজন বীৰ সন্তান হেৰুৱালে বুলি মন্তব্য মুখ্যমন্ত্ৰী সোণোৱালৰ ৷

ইথিওপিয়াত সন্ত্ৰাসবাদী আক্ৰমণত নিহত 34 বাছ আৰোহী

ইথিওপিয়াত সন্ত্ৰাসবাদী আক্ৰমণত প্ৰাণ হেৰুৱাইছে 34 বাছ আৰোহীয়ে ৷ ইথিওপিয়াৰ পশ্চিমীয়া বেনিশানগুল-গুমুজ অঞ্চলত সংঘটিত এই ঘটনা ৷

কেদাৰনাথ ধামত বৰফৰ শুভ্ৰ আচ্ছাদন

বৰফেৰে আবৃত হৈ পৰিছে উত্তৰাখণ্ডৰ পবিত্ৰ কেদাৰনাথ ধামৰ চৌহদ । আজি বন্ধ হৈ থাকিব কেদাৰনাথ, যমোনাত্ৰীৰ দ্বাৰ । বৰফাবৃত কেদাৰনাথৰ নয়নাভিৰাম দৃশ্যই মন্ত্ৰমুগ্ধ কৰিছে পৰ্যটকক ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.