ETV Bharat / city

দিনৰ 1 বজাৰ শীৰ্ষ দহটা বাতৰি

author img

By

Published : Oct 17, 2020, 1:05 PM IST

দিনৰ 1 বজাৰ শীৰ্ষ দহটা বাতৰি

TOP 10 AT 1 PM
দিনৰ 1 বজাৰ শীৰ্ষ দহটা বাতৰি

আইপিএল 2020 : আজি অনুষ্ঠিত হ'ব দুখনকৈ মেচ

আইপিএলত আজি অনুষ্ঠিত হ'ব দুখনকৈ মেচ ৷ এখন মেচত ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰ আৰু আন এখন মেচত দিল্লী কেপিটেলছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব চেন্নাই ছুপাৰ কিংছ ৷

নিযুক্তি কেলেংকাৰী : গুৱাহাটীত গ্ৰেপ্তাৰ বিজেপি নেতা ৰাজীৱ পৰাশৰ

গুৱাহাটীত গ্ৰেপ্তাৰ বিজেপি নেতা ৷ পঞ্চায়ত আৰু গ্ৰামোন্বয়নয়ন বিভাগত বিগত বৰ্ষত সংঘটিত নিয়ুক্তি কেলেংকাৰীত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে ৰাজীৱ পৰাশৰ ৷

এছ আই কেলেংকাৰীৰ অভিযুক্ত দেৱৰাজ দাসক গ্ৰেপ্তাৰ

এছ আই কেলেংকাৰীৰ আন এজন অভিযুক্ত দেৱৰাজ দাসক গ্ৰেপ্তাৰ ৷ দেৱৰাজ দাসৰ ঘৰত দুবাৰলৈ চিআইডিৰ অভিযান ৷

শিৱসাগৰত ট্ৰাকৰ মুখামুখি সংঘৰ্ষত গুৰুতৰভাৱে আহত ট্ৰাকচালক

শনিবাৰে পুৱতি নিশা শিৱসাগৰৰ জাঁজীৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনা ৷ দুখন বিপৰীত দিশৰ পৰা অহা ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ ৷ গুৰুতৰভাৱে আহত হৈছে এখন ট্ৰাকৰ চালকজন ৷

বাক্সাৰ বাঙালীপাৰাত বি জে পিৰ কৰ্মীয়ে চুৰিকাঘাত কৰিলে যুৱকক

বাক্সাৰ বাঙালীপাৰাত বি জে পি কৰ্মীৰ গুণ্ডাগিৰি ৷ চোকা অস্ত্ৰৰে ৰাজপথতে আক্ৰমণ কৰিলে এজন যুৱকক ৷ ঘটনাৰ পিছতে বি জে পিৰ কৰ্মী মনোজ দাস আৰু হৰকান্ত ডেকাক আটক কৰে আৰক্ষীয়ে ।

জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ আত্মসমৰ্পনৰ ভিডিঅ' ভাইৰেল

শুকুৰবাৰে ভাৰতীয় সেনা বাহিনীয়ে প্ৰকাশ কৰিছে সন্ত্ৰাসবাদীৰ আত্মসমৰ্পনৰ এক ভিডিঅ' ৷ AK-47 ৰাইফলৰ সৈতে আত্মসমৰ্পন কৰে জাহাংগীৰ ভট্ট নামৰ যুৱকজনে ৷

মিথুন চক্ৰৱৰ্তীৰ পুত্ৰ মহাক্ষয়ৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ

80ৰ দশকৰ চুপাৰষ্টাৰ মিথুন চক্ৰৱৰ্তীৰ পুত্ৰ মহাক্ষয় চক্ৰৱৰ্তী আৰু অভিনেতা য়োগিতা বালিৰ বিৰুদ্ধে 15 অক্টোবৰত ধৰ্ষণৰ অভিযোগ ৷ এগৰাকী যুৱতীক ধৰ্ষণ কৰাৰ অভিযোগ তুলি ওচিৱাৰা আৰক্ষী চকীত এক গোচৰ ৰুজু হৈছে ৷

পিলিভিটত ভয়ংকৰ পথ দুৰ্ঘটনা : মৃতকৰ সংখ্যা 9 লৈ বৃদ্ধি

পিলিভিটত বাছ আৰু কাৰৰ মুখামুখি সংঘৰ্ষত নিহত 9 জনকৈ লোক ৷ আনহাতে, 30 জনতকৈ অধিক লোক আহত ৷

ৰাষ্ট্ৰীয় সুৰক্ষা, ক'ভিড-19 সম্পৰ্কত ট্ৰাম্প-বিডেনৰ পৰৱৰ্তী বাকযুদ্ধ

বিভিন্ন বিষয়ক সাঙুৰি অনুষ্ঠিত হ'ব ট্ৰাম্প আৰু বিডেনৰ ৰাষ্ট্ৰপতীয় বাকযুদ্ধ ৷ ক'ভিড-19 আৰু ৰাষ্ট্ৰীয় সুৰক্ষা লগতে বহুকেইটা বিষয়বস্তু থাকিব এই বাকযুদ্ধত ৷

এছ আই কেলেংকাৰীৰ অন্যতম অভিযুক্ত পি কে দত্তৰ জবানবন্দী গ্ৰহণ

সম্প্ৰতি আৰক্ষীৰ জিম্মাত আছে এছ আই কেলেংকাৰীৰ অন্যতম অভিযুক্ত তথা প্ৰাক্তন আৰক্ষীৰ উপ মহাপৰিদৰ্শক পি কে দত্ত ৷ শুকুৰবাৰে কামৰূপ জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হয় পি কে দত্তক ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.