ETV Bharat / city

দিনৰ 1 বজাৰ শীৰ্ষ দহটা বাতৰি - TOP 10 AT 1 PM

দিনৰ 1 বজাৰ শীৰ্ষ দহটা বাতৰি

দিনৰ 1 বজাৰ শীৰ্ষ দহটা বাতৰি
দিনৰ 1 বজাৰ শীৰ্ষ দহটা বাতৰি
author img

By

Published : Sep 5, 2020, 1:21 PM IST

যোৰহাটত চাঞ্চল্যকৰ এক হত্যাকাণ্ড

শনিবাৰে যোৰহাটৰ চন্দন নগৰৰ বাইলেন ৪ ত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড ৷ ৰাহুল বসুমতাৰী নামৰ ওদালগুৰিৰ এজন যুৱকক কোঠাৰ ভিতৰতে ডিঙি ৰেপি হত্যা কৰিছে দুৰ্বৃত্তই ৷

সুস্থিৰ হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ স্বাস্থ্য

মগজুৰ ৰক্তক্ষৰণ হৈ শুকুৰবাৰে নিশা হঠাৎ অসুস্থ হৈ পৰা প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ স্বাস্থ্যৰ অৱস্থিতি সুস্থিৰ হোৱাৰ লগতে বৰ্তমান বিপদমুক্ত ৷ প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ ঘনিষ্ঠ সূত্ৰই সদৰী কৰিলে এই তথ্য ৷

চীনা সৈন্যৰ হাতত বন্দী অৰুণাচলী যুৱক

চীনা সৈন্যই বন্দী কৰিলে অৰুণাচলৰ যুৱকক ৷ 5 জন অৰুণাচলৰ যুৱকক ৰঙা চীনৰ পি এল এ সেনাই সীমান্তৰ পৰা বন্দী কৰি লৈ যায় ।

SSR গোচৰ : শৌভিক, ছেমুৱেলক আজি হাজিৰ কৰা হ'ব আদালতত

নাৰ্ক'টিকছ কন্ট্ৰল ব্যুৰো (NCB) য়ে শুকুৰবাৰে মূল অভিযুক্ত ৰিয়া চক্ৰৱৰ্তীৰ ভাতৃ শৌভিক চক্ৰৱৰ্তী আৰু ছেমুৱেল মিৰাণ্ডাক গ্ৰেপ্তাৰ কৰিছিল ৷ সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ সৈতে জড়িত গোচৰত ড্ৰাগছৰ ব্যৱহাৰক লৈ দুয়োজনক গ্ৰেপ্তাৰ কৰা হৈছিল ৷ শনিবাৰে দুয়োজনকে আদালতত হাজিৰ কৰা হ'ব ৷

শিক্ষাগুৰুসকলৰ বাবে উৎসৰ্গিত এটা দিন

প্ৰতিজন শিষ্যৰ হৃদয়ৰ থাপনাখন উচৰ্গিত হয় শিক্ষাগুৰুৰ হাতত ৷ শিক্ষক এডাল শলিতা যি নিজেই জ্বলি আনক পোহৰাই তোলে ৷ আজি 5 ছেপ্তেম্বৰৰ দিনটোতে সমগ্ৰ দেশৰ লগতে ৰাজ্যৰ অনুষ্টুপীয়াকৈ পালন কৰা হয় ৷

সোমবাৰৰ পৰা মহানগৰীত নাপাব পেট্ৰ'ল আৰু ডিজেল !

সোমবাৰে পুৱা 5 বজাৰ পৰা অনিৰ্দিষ্টকাললৈ বন্ধ থাকিব মহানগৰীৰ সকলো পেট্ৰ’ল পাম্প । নৰ্থ ইষ্ট ইণ্ডিয়া পেট্ৰ’লিয়াম ডিলাৰ এছ'চিয়েশ্ব্যনৰ গ্ৰেটাৰ গুৱাহাটী শাখাই কৰিলে এই ঘোষণা ৷ ডিপুৰ মালিক আৰু তেল বিক্ৰেতা প্ৰতিষ্ঠানৰ মাজত হোৱা সংঘাতৰ পৰিণতিত মহানগৰীবাসীয়ে সোমবাৰৰ পৰা ক্ৰয় কৰিব নোৱাৰিব পেট্ৰ'ল, ডিজেল ৷

30 ছেপ্টেম্বৰলৈকে বন্ধ থাকিব ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ

কৰ'ণা মহামাৰীৰ মাজতে ৰাজ্য চৰকাৰে অসমৰ স্কুল কলেজ খোলা সন্দৰ্ভত প্ৰদান কৰিছে গুৰুত্বপূৰ্ণ নিৰ্দেশনা ৷ শুকুৰবাৰে ৰাজ্য চৰকাৰে দিয়া এক নিৰ্দেশনা মতে, 30 চেপ্টেম্বৰ লৈকে বন্ধ থাকিব ৰাজ্যৰ স্কুল, কলেজসমূহ ৷

গাডকাৰী, অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীয়ে শুভাৰম্ভ কৰিব বহুকেইটা আঁচনি

গাডকাৰী আৰু জগন মোহন ৰেড্ডীয়ে মুকলি কৰিব বহুকেইটা আঁচনিৰ আধাৰশিলা তথা শুভাৰম্ভ ৷ 18 ছেপ্তেম্বৰত দিল্লীৰ পৰাই ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে অংশগ্ৰহণ কৰিব গাডকাৰীয়ে ৷

বাতৰি সংগ্ৰহৰ বাবে যোৱা সাংবাদিকক অপদস্থ বন বিষয়াৰ

ৰাজ্যত পুনৰ এবাৰ পোহৰলৈ আহিছে সাংবাদিক নিগ্ৰহৰ ঘটনা ৷ এইবাৰ কাছাৰত বাতৰি সংগ্ৰহৰ বাবে যোৱা সাংবাদিকক অপদস্থ কৰাৰ লগতে দৃশ্য সংগ্ৰহত বাধা দি মোবাইল কাঢ়ি নিয়াৰ অভিযোগ উত্থাপিত হৈছে এগৰাকী বন বিষয়াৰ বিৰুদ্ধে ৷

ডিব্ৰুগড়ত কোভিড আক্ৰান্ত হৈ আদৰ্শ চিকিৎসালয়ৰ উপ অধীক্ষকৰ মৃত্যু

সু-চিকিৎসক, ডিব্ৰুগড় লেজাই কলাখোৱা আদৰ্শ চিকিৎসালয়ৰ উপ অধীক্ষক ডাঃ অপূৰ্ব ৰাজকোঁৱৰৰ ক'ভিডত আক্ৰান্ত হৈ মৃত্যু হয় । অসম চিকিৎসা মহাবিদ্যালয়ত মৃত্যু হয় বিশিষ্ট চিকিৎসকগৰাকীৰ ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.