ETV Bharat / city

দিনৰ 1 বজাৰ শীৰ্ষ দহটা বাতৰি

দিনৰ 1 বজাৰ শীৰ্ষ দহটা বাতৰি

TOP 10 AT 1 PM
দিনৰ 1 বজাৰ শীৰ্ষ দহটা বাতৰি
author img

By

Published : Sep 3, 2020, 1:30 PM IST

বৰ্ষাকালিন অধিৱেশনৰ অন্তিমটো দিনত কি কি হ'ল ?

অসম বিধানসভাৰ চলিত বৰ্ষাকালিন অধিৱেশনৰ অন্তিম দিনটোত বিজেপি চৰকাৰে উত্থাপন কৰে তিনিখনকৈ নতুন বিধেয়ক ৷ বিধেয়ক তিনিখন হৈছে মৰাণ স্বায়ত্বশাসিত পৰিষদ বিধেয়ক, মটক স্বায়ত্বশাসিত পৰিষদ বিধেয়ক আৰু কোচ ৰাজবংশী স্বায়ত্ব শাসিত পৰিষদ বিধেয়ক ৷

এটা সংগীতে খলকনি তুলিছে ছ’চিয়েল মেডিয়াত

সামাজিক মাধ্যমত খলকনি সৃষ্টি যোৰহাটৰ যুৱকৰ ৷ 'পলিটিক্স কৰি যোৱা বন্ধু' শীৰ্ষক এটি গীত ছ’চিয়েল মেডিয়াত উপস্থাপন কৰে যোৰহাটৰ যুৱক গৌতম গোস্বামীয়ে ৷

নিৰ্বাচনী আয়োগৰ নিৰ্দেশ অমান্য কৰি কলাইগাঁৱত বিপিএফৰ নিৰ্বাচনী সভা

বুধবাৰে কলাইগাঁৱত নিৰ্বাচনী আয়োগে প্ৰদান কৰা নীতি-নিয়ম উলংঘা কৰি বিপিএফ দলৰ প্ৰাক্তন ই এম জগদীশ সৰকাৰে অনুষ্ঠিত কৰিলে নিৰ্বাচনী প্ৰচাৰ সভা ৷

পশ্চিম কাৰ্বি আংলঙৰ বৰবালিত মৃত বন্যহস্তীৰ পোৱালি উদ্ধাৰ

পশ্চিম কাৰ্বি আংলঙৰ বৰবালিত বুধবাৰে উদ্ধাৰ হয় এটা মৃত বন্যহস্তীৰ পোৱালি । হাতীৰ এটা বৃহৎ জাকৰ সৈতে কাৰ্বি আংলঙৰ শিলডুবিৰ পৰা বৰবালিলৈ গৈ আছিল পোৱালিটো ।

বৰপেটাত বিষ্ণুৰাভাৰ আৱক্ষ মূৰ্তিত মাস্ক !

বৰপেটা জিলাত হোলীগীতৰ শিল্পী প্ৰমথৰঞ্জন কন্টিয়ে বিষ্ণুৰাভাৰ আৱক্ষ মূৰ্তিত পৰিধান কৰালে মাস্ক ৷ জিলাবাসীৰ মাজত কৰ'ণা ভাইৰাছৰ সজাগতা সৃষ্টিৰ বাবে গ্ৰহণ কৰা হয় এই ব্যৱস্থা ৷

অৰুণাচলৰ বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন ইন্টাৰ মিনিস্ত্ৰীয়েল টিমৰ

অৰুণাচল প্ৰদেশৰ বানপীড়িত অঞ্চল পৰিদৰ্শন কৰে কেন্দ্ৰীয় ইন্টাৰ মিনিস্ত্ৰীয়েল চেণ্ট্ৰেল টিমে ৷ দুদিনীয়া ভ্ৰমণৰে জিলাখনৰ ক্ষতিগ্ৰস্ত এলেকা, পথ আৰু পানীত অনিষ্ট হোৱা কৃষকৰ খতিয়ান লয় দলটোৱে । লগতে, দলটোক সংগ দিয়ে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে ৷

আৰক্ষীয়ে কবৰৰ পৰা খান্দি উলিয়ালে মৃতদেহ

কৰিমগঞ্জ জিলাৰ কালিগঞ্জত পিতৃৰ বিৰুদ্ধে কন্যা সন্তানক হত্যা কৰাৰ অভিযোগ ৷ শিশুটিৰ মাতৃ পৰিয়ালৰ এজাহাৰৰ ভিত্তিত মৃতদেহ কবৰৰ পৰা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে আৰক্ষীয়ে ৷

ৰাজ্যৰ নিযুক্তি সন্দৰ্ভত অসম সংগ্ৰামী মঞ্চৰ সংবাদমেল

বুধবাৰে এখন সংবাদমেল সম্বোধন কৰে অসম সংগ্ৰামী মঞ্চই ৷ সংবাদমেলত শাসনাধীন চৰকাৰৰ বিৰুদ্ধে বহুতো গুৰুতৰ অভিযোগ উত্থাপন কৰে সংগঠনটোৰ কাৰ্যকৰী সভাপতি অদীপ কুমাৰ ফুকনে ৷

মালিগাঁৱত পুণৰ প্ৰকাণ্ড নাহৰফুটুকী পিঞ্জৰাবদ্ধ

মহানগৰীৰ মালিগাঁও আদিংগিৰি পাহাৰত পুনৰ এটা প্ৰকাণ্ড নাহৰফুটুকী পিঞ্জৰাবদ্ধ হয় । বুধবাৰে নিশাৰ ভাগত ছাগলী ভক্ষণ কৰিবলৈ আহি আৱদ্ধ হয় নাহৰফুটুকীটো ।

অবৈধ মাৰনাস্ত্ৰৰ সৈতে তেজপুৰত আটক এজন

তেজপুৰ আৰক্ষীয়ে মাৰনাস্ত্ৰসহ গ্ৰেপ্তাৰ কৰিছে নগাঁও জিলাৰ ৰূপহীৰ এজন যুৱক ৷ তেজপুৰ সদৰ আৰক্ষীৰ নগৰ ইন্সপেক্টৰ প্ৰাঞ্জল শইকীয়াৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে গোপন সুত্ৰৰ পম খেদি তেজপুৰ কলিয়াভোমোৰা সেতুৰ সমীপত 7.65 mm পিষ্টল আৰু 6 জাঁই সজীৱ গুলীসহ গ্ৰেপ্তাৰ কৰে আনিছুৰ জামান নামৰ যুৱকজনক ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.