ETV Bharat / city

দিনৰ 1 বজাৰ শীৰ্ষ দহটা বাতৰি

author img

By

Published : Sep 1, 2020, 1:28 PM IST

দিনৰ 1 বজাৰ শীৰ্ষ দহটা বাতৰি

TOP 10 AT 1 PM
দিনৰ 1 বজাৰ শীৰ্ষ দহটা বাতৰি

অসমত ইনাৰলাইন প্ৰৱৰ্তনক লৈ কেন্দ্ৰৰ হেমাহিত ক্ষুদ্ধ উচ্চতম ন্যায়ালয়

অসমত ইনাৰলাইন প্ৰৱৰ্তনক লৈ কেন্দ্ৰৰ হেমাহিত ক্ষুদ্ধ উচ্চতম ন্যায়ালয় । ইনাৰলাইন প্ৰৱৰ্তনৰ বিষয়টো পুনৰ বিবেচনাৰ বাবে কেন্দ্ৰক পৰামৰ্শ ন্যায়ালয়ৰ । উচ্চতম ন্যায়ালয়ে ৪ সপ্তাহৰ সময়সীমা নিৰ্ধাৰণ কৰি দিলে কেন্দ্ৰক ।

আজিৰে পৰা অনুষ্ঠিত হৈছে JEE (Main) পৰীক্ষা

বহু বাদ-বিবাদৰ অন্তত অৱশেষত আজিৰে পৰা অনুষ্ঠিত হৈছে JEE (Main) পৰীক্ষা । ১ ছেপ্টেম্বৰৰ পৰা ৬ ছেপ্টেম্বৰলৈকে JEE (MAINS)পৰীক্ষা । কৰ'ণাৰ ভয়াৱহ পৰিস্থিতিৰ মাজতো সামাজিক দূৰত্ব বৰ্তাই ৰাখি নেশ্যনেল টেষ্টিং এজেন্সিয়ে অনুষ্ঠিত কৰিছে JEE (MAINS) পৰীক্ষা ।

নিশা অক্সিজেন লেভেল হ্ৰাস পালে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ

সোমবাৰে নিশা 11:30 বজাত হঠাৎ অক্সিজেন লেভেল হ্ৰাস পায় প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ ৷ এই কথা ঘোষণা কৰে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷

প্ৰণৱ মূখাৰ্জীৰ মৃত্যুত শোক প্ৰকাশ মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ

প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মূখাৰ্জীৰ মৃত্যুত শোক প্ৰকাশ মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ ৷ প্ৰণৱ মূখাৰ্জীৰ মৃত্যুৰ লগতে দেশে এগৰাকী বিদ্যান ব্যক্তিক হেৰুৱালে বুলি মন্তব্য কৰে মেঘালয়ৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

হোজাই আৰক্ষীৰ অভিযানত আটক তিনি ঈৰাণী গ্ৰুপৰ সদস্য

সোমবাৰে হোজাই আৰক্ষীৰ নেতৃত্বত নগাঁও আৰু শোণিতপুৰ আৰক্ষীৰ যুটীয়া অভিযানত আটক কৰা হয় তিনিজনকৈ ঈৰাণী গ্ৰুপৰ সদস্য ৷ ধৃত সদস্যকেইজন ক্ৰমে জিমি গোৱালা, ধৰম কুমাৰ যাদৱ আৰু ভাৰতী যাদৱ বুলি জানিব পৰা গৈছে ৷

সত্যৰঞ্জন বৰাৰ বিৰুদ্ধে গৰজি উঠিছে গোলাঘাটৰ বিভিন্ন দল-সংগঠন

সোমবাৰে গোলাঘাটত হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাৰ বিৰুদ্ধে আয়োজন কৰা হয় সংবাদমেল ৷ সংবাদমেলৰ পৰাই বিতৰ্কিত মন্তব্য কৰা সত্যৰঞ্জন বৰাক সকীয়নি প্ৰদান কৰে বিভিন্ন দল-সংগঠনে ৷

আজি সম্পন্ন হ'ব প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মূখাৰ্জীৰ অন্তোষ্টিক্ৰিয়া

দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মূৰ্খাৰ্জীৰ মঙলবাৰে অন্তিম সংস্কাৰ সম্পন্ন কৰা হ'ব ৷ নতুন দিল্লীস্থিত চৰকাৰী বাসগৃহত তেওঁৰ নশ্বৰ দেহত সকলোৱে অন্তিম শ্ৰদ্ধা প্ৰদানৰ সুবিধা লাভ কৰিব ৷

4 ছেপ্টেম্বৰলৈ অসমত কাৰ্যকৰী নহ'ব আনলক 4

অসমত কাৰ্যকৰী নহ'ব কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ আনলক 4 নীতি ৷ অসম চৰকাৰৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই প্ৰকাশ কৰিছে এই কথা ৷

অসম পৰামৰ্শদাতা সমিতিৰ প্ৰথমখন বৈঠক

সোমবাৰে অনুষ্ঠিত হোৱা অসম পৰামৰ্শদাতা কমিটিৰ বৈঠকত অসমৰ জাতীয় সুৰক্ষাৰ ভৱিষ্যতৰ দিশসমূহৰ কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত আলোচনা কৰি পৰামৰ্শ কমিটিয়ে দিয়া পৰামৰ্শ অনুসৰি আগন্তুক দিনত আছু আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কাম কৰি যাব বুলি জানিবলৈ দিয়ে আছুৰ সম্পাদক লুৰিণ জ্যোতি গগৈয়ে ৷

21 ছেপ্তেম্বৰৰ পৰা শিক্ষানুষ্ঠানলৈ আহিব লাগিব শিক্ষক!

আগন্তুক 21 চেপ্তেম্বৰৰ পৰা COVID-19 ৰ পৰীক্ষা কৰোৱাই নিজা নিজা শিক্ষানুষ্ঠানত উপস্থিত থাকিব শিক্ষক ৷ 1 চেপ্তেম্বৰৰ পৰা শিক্ষাঅনুষ্ঠান সমূহত উপস্থিত থাকিবলৈ নিৰ্দেশ জাৰি কৰিছিল যদিও ৰাজ্য চৰকাৰে সোমবাৰে সালসলনি ঘটাই সেই নিৰ্দেশনাৰ ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.