ETV Bharat / city

দিনৰ 1 বজাৰ শীৰ্ষ দহটা বাতৰি

author img

By

Published : Aug 29, 2020, 1:06 PM IST

দিনৰ 1 বজাৰ শীৰ্ষ দহটা বাতৰি

TOP 10 AT 1 PM
দিনৰ 1 বজাৰ শীৰ্ষ দহটা বাতৰি

ক্ষুব্ধ মহন্তৰ "বিস্ফোৰণ": ইটিভি ভাৰত এক্সক্লুছিভ

অগপৰ বৰ্তমানৰ নেতৃত্ব বিজেপিৰ ৰিম'টত চলিছে বুলি মন্তব্য অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা দলটোৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰফুল্ল কুমাৰ মহন্তই ৷ লগতে অগপই এনেদৰে আঞ্চলিকতাবাদ ৰক্ষা কৰিব নোৱাৰে বুলিও মন্তব্য কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে । ইটিভি ভাৰত এক্সক্লুছিভ...

নিৰ্বাচনী ৰণকৌশল প্ৰস্তুতৰ বাবে বিহাৰৰ বিজেপি সাংসদৰে জে পি নাড্ডাৰ বৈঠক

নিৰ্বাচনী ৰণকৌশল প্ৰস্তুতৰ বাবে বিহাৰৰ বিজেপি সাংসদৰে দলটোৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ বৈঠক । কেন্দ্ৰীয় মন্ত্ৰী ৰবিশংকৰ প্ৰসাদ, গিৰিৰাজ সিং, আৰ কে সিং, নিত্যানন্দ ৰায়, অশ্বিনী ডুবেকে ধৰি বিহাৰৰ সকলো বিজেপি সাংসদে বৈঠকত অংশগ্ৰহণ কৰিব ।

নলা-নৰ্দমা নিৰ্মাণৰ আধাৰশিলা উন্মোচন কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ

চলিত বৰ্ষত ঐতিহ্যমণ্ডিত ডিব্ৰুগড় চহৰখন ভয়াবহ কৃত্ৰিম বানৰ কৱলত পৰিছিল ৷ শুকুৰবাৰে ডিব্ৰুগড় থানা চাৰিআলি আৰ কে বি পথৰ পৰা বগা বাবা মাঝাৰ সমীপলৈকে পথৰ দুই দাঁতিত আধুনিক পদ্ধতিৰে নিৰ্মাণ হ'বলগীয়া পদপথৰ লগতে নলা নিৰ্মাণৰ কামৰ আধাৰশিলা স্থাপন কৰে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে ৷

লোকসভাৰ সচিব হিচাপে নিযুক্ত প্ৰাক্তন ভাৰতীয় প্ৰশাসনিক বিষয়া উৎপল কুমাৰ সিং

লোকসভাৰ সচিব হিচাপে অৱসৰপ্ৰাপ্ত ভাৰতীয় প্ৰশাসনিক বিষয়া উৎপল কুমাৰ সিঙক নিযুক্তি প্ৰদান লোকসভাৰ অধ্যক্ষৰ ৷ 1 ছেপ্তেম্বৰৰ পৰা কাৰ্যভাৰ গ্ৰহণ কৰিব উৎপল কুমাৰ সিঙে ৷

চাপৰমুখ ৰেল লাইনত মৃতদেহ উদ্ধাৰ

কামপুৰ-চাপৰমুখ সংযোগী নাৰিকলিৰ ৰেল লাইনৰ মাজত পুৱাই সংঘটিত হয় অঘটন । নাৰিকলিৰ ৰেল লাইনৰ মাজত উদ্ধাৰ হয় যুৱকৰ মৃতদেহ ৷ ডিঙিকটা মৃতদেহটো ৰেল লাইনত পৰি থকা অৱস্থাত উদ্ধাৰ হয় ৷

কলগাছিয়াত কবৰ খান্দি উলিওৱা হ’ল মৃতদেহ

কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত বালিকুৰি ননকে গাঁৱৰ কবৰস্তানৰ পৰা আব্দুৰ ৰহমান নামৰ এগৰাকী ৬৫ বছৰীয়া বৃদ্ধৰ মৃতদেহ কবৰস্থ কৰাৰ আঢ়ৈ মাহ পাছত খান্দি উলিয়াবলগীয়া হোৱাক লৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য ৷ তেখেতক প্ৰহাৰ কৰি হত্যা কৰা বুলি পুত্ৰৰ অভিযোগৰ ভিত্তিত কবৰৰ পৰা উলিওৱা হয় মৃতদেহটো ৷

কলগাছিয়াৰ খাৰবাল্লীত বিদ্যুৎস্পৃষ্ট হৈ এগৰাকীৰ মৃত্যু

কলগাছিয়াৰ খাৰবাল্লীত অঘটন । বিদ্যুৎস্পৃষ্ট হৈ নুৰ হুছেইন নামৰ এজন লোকৰ মৃত্যু । বিদ্যুতৰ তাঁৰ ছিঙি পৰি থিতাতে মৃত্যু হয় লোকজন ৷

জম্মু-কাশ্মীৰৰ পুলৱামাত নিহত 3 সন্ত্ৰাসবাদী

জম্মু-কাশ্মীৰৰ পুলৱামা জিলাৰ জাদোৰাত শুকুৰবাৰে নিশা সুৰক্ষা বাহিনীৰ সৈতে হোৱা সংঘৰ্ষত 3 সন্ত্ৰাসবাদী নিহত হয় ৷

জ্যেষ্ঠ ভাতৃৰ সহকৰ্মীৰ হাতত প্ৰাণ হেৰুৱালে কনিষ্ঠ ভাতৃয়ে

বিশ্বনাথৰ প্ৰতাপগড় চাহ বাগিছাত হত্যাকাণ্ড ৷ দুই ভাতৃৰ মাজত হোৱা কণ্ডলৰ ফলতেই লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা ৷

কলিয়াবৰত আম আদমী পাৰ্টীৰ শাখা গঠন

শুকুৰবাৰে কলিয়াবৰৰ তৰুণ সংঘ প্ৰেক্ষাগৃহত আম আদমী পাৰ্টীৰ শাখা গঠন কৰা হয় । আপৰ ৰাজ্যিক সমন্বয়ক ডা৹ ভবেন চৌধুৰী, ৰাজ্যিক শীৰ্ষ নেতা লক্ষ্মীকান্ত ডুবেৰ উপস্থিতিত গঠন কৰা হয় শাখা সমিতিখন ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.