ETV Bharat / city

Threat to handloom weavers: বহিঃৰাজ্যৰ গামোচাৰে ভৰি পৰিছে বজাৰ

author img

By

Published : Mar 23, 2022, 4:07 PM IST

বিহুৰ প্ৰাকক্ষণত ৰাজ্যৰ বজাৰত বহিঃৰাজ্যৰ গামোচাৰ পয়োভৰ হোৱাত চিন্তিত হৈ পৰিছে থলুৱা শিপিনীৰ লগতে ব্যৱসায়ীসকল (Threat to handloom weavers) ৷ বজাৰত বহিঃৰাজ্যৰ গামোচাৰ বিক্ৰী বন্ধ কৰি থলুৱা শিপিনীসকলক জীয়াই ৰাখিবলৈ চৰকাৰক আহ্বান থলুৱা ব্যৱসায়ী আৰু শিপিনীৰ ৷

imported Gamocha filled assam market
বহিঃৰাজ্যৰ গামোচাৰে ভৰি পৰিছে বজাৰ

গুৱাহাটী, ২৩ মাৰ্চ : অসমীয়াৰ সমাজ জীৱনৰ অতি আদৰৰ বস্ত্ৰ গামোচা (Gamucha, Most cherished textile of Assamese social life) । কিন্তু বিহুৰ প্ৰাকক্ষণত ৰাজ্যৰ বজাৰত বহিঃৰাজ্যৰ গামোচাৰে উভয় নদী হৈ পৰাত থলুৱা শিপিনীৰ লগতে ব্যৱসায়ীসকল চিন্তিত হৈ পৰিছে (Threat to handloom weavers)। বহিঃৰাজ্যৰ গামোচাৰ বিক্ৰী সম্পূৰ্ণৰূপে বন্ধ কৰিবলৈ চৰকাৰক আহ্বান জনাইছে ব্যৱসায়ীসকলে । ফাঁচী বজাৰৰ গামোচা ব্যৱসায়ী ভাৰ্গৱ দেৱানে এই সন্দৰ্ভত কয় যে, বিহুৰ বজাৰ মাৰ্চৰ মাজভাগৰ পৰায়ে আৰম্ভ হয় । এইবাৰ বিহুৰ বজাৰ আৰম্ভ হৈছে যদিও গামোচাৰ বিক্ৰী ৮০% কমি গৈছে । কিয়নো বহিঃৰাজ্যৰ পৰা অহা গামোচাৰ বাবে থলুৱা গামোচাৰ বিক্ৰী কমিছে ।

থলুৱা শিপিনী আৰু ব্যৱসায়ী

বহিঃৰাজ্যৰ পৰা অহা গামোচাসমূহ ৩০ টকাৰ পৰায়ে উপলব্ধ হয় । কিন্তু থলুৱা গামোচাসমূহ প্ৰায় ৮০ টকাৰ পৰা উপলব্ধ হয় । সেয়ে গ্ৰাহকে কম মূল্যত পোৱা গামোচা ক্ৰয় কৰিবলৈ বেছি আগ্ৰহী হয় । যাৰ ফলত থলুৱা শিপিনী ব্যৱসায়ী সকলৰ তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে । তেওঁ লগতে কয় যে, পূৰ্বে থলুৱা গামোচাৰ বজাৰ যথেষ্ট ভাল আছিল যদিও বহিঃৰাজ্যৰ পৰা গামোচা বজাৰলৈ অহাৰ পিছৰে পৰা থলুৱা গামোচা বিক্ৰী কৰিবলৈ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছো (Assam market filled with outside made Gamucha) । কিয়নো প্ৰতি বছৰে থলুৱা গামোচাৰ মূল্যবৃদ্ধি হৈ গৈ আছে । যোৱা বছৰৰ তুলনাত এইবাৰো গামোচাৰ মূল্য প্ৰায় ৩০% বৃদ্ধি হৈছে ।

বিহুৰ বজাৰত থলুৱা গামোচাৰ বিক্ৰী কমি যোৱাৰ বাবে পূৰ্বৰ তুলনাত ৫০% গামোচাহে মজুত ৰখা হৈছে । সেয়েহে চৰকাৰক থলুৱা শিপিনী সকলক সন্মান জনায় বহিঃৰাজ্যৰ গামোচাৰ বিক্ৰী বন্ধ কৰিবলৈ আহ্বান জনায় তেওঁ । আনহাতে শিপিনী নিখিল ডেকাই কয় যে, বহু বছৰ ধৰি গামোচা প্ৰস্তুত কৰি আহিছো । কিন্তু বহিঃৰাজ্যৰ গামোচাৰ বাবে থলুৱা গামোচাৰ বিক্ৰী কমি গৈছে । বৰ্তমান প্ৰায় ৭০% সূতাৰ দাম বৃদ্ধি হোৱাৰ ফলত গামোচাৰ মূল্যও বৃদ্ধি পাইছে । বহিঃৰাজ্যৰ গামোচাসমূহ কম মূল্যত উপলব্ধ হোৱাৰ বাবে থলুৱা গামোচা ক্ৰয় নকৰে গ্ৰাহকে ।

বিহুৰ সময়ত চৰকাৰৰ বিভাগীয় কৰ্তৃপক্ষই বহিঃৰাজ্যৰ গামোচাৰ বিৰুদ্ধে অভিযান চলায় যদিও এই গামোচা বিক্ৰী বন্ধ কৰাত ব্যৰ্থ হৈছে । সেয়েহে এইসকল ব্যৱসায়ী আৰু শিপিনীয়ে চৰকাৰক বজাৰত বহিঃৰাজ্যৰ গামোচাৰ বিক্ৰী বন্ধ কৰি থলুৱা শিপিনীসকলক জীয়াই ৰাখিবলৈ আহ্বান জনায় ।

লগতে পঢ়ক : ব'হাগলৈ দিনচেৰেক: তাঁত শালত মাঁকোৰ খিট-খিটনি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.