ETV Bharat / city

গুৱহাটীত এজাক শিশু আৰু "টিকনি ৰজাৰ সাধু" - theatre

দেওবাৰে গুৱাহাটীৰ কুমাৰ ভাস্কৰ নাট্য মন্দিৰৰ মঞ্চষ্ঠ হ'ল দিল্লীৰ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ সহযোগত আৰু জিৰছং থিয়েটাৰৰ নিবেদনত "টিকনী ৰজাৰ সাধু" নামৰ এখন শিশু নাট ৷ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ সহযোগত জিৰছং থিয়েটাৰে প্ৰায় এমাহজুৰি শিশু নাট কৰ্মশালাৰ আয়োজন কৰিছিল আৰু দেওবাৰে ইয়াৰ সফল সমাপ্তিত শিশুসকলৰ দ্বাৰা নাটখনি মঞ্চষ্ঠ কৰা হয় ৷

শিশু নাট কৰ্মশালা
author img

By

Published : Apr 8, 2019, 5:27 AM IST

গুৱাহাটী,8এপ্ৰিল: এজাক কণ কণ শিশুৰ কলৰৱ আৰু মনোমোহা অভিনয়ৰে দেওবাৰে সন্ধিয়া জীপাল হৈ উঠিল গুৱাহাটীৰ কুমাৰ ভাস্কৰ নাট্য মন্দিৰৰ মঞ্চ । দিল্লীৰ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয় ( NSD ) ৰ সহযোগত জিৰছং থিয়েটাৰে দেওবাৰে সন্ধিয়া কুমাৰ ভাস্কৰ নাট্য মন্দিৰত নিবেদন কৰে এখন অনবদ্য শিশু নাট " টিকনী ৰজাৰ সাধু "।

শিশু নাট কৰ্মশালা

ৰবিজিতা গগৈৰ সামগ্ৰিক পৰিকল্পনা আৰু পৰিচালনাৰে মঞ্চস্থ কৰা নাটখনত প্ৰাণ ঢালি অভিনয় কৰে প্ৰায় দুকুৰিৰো অধিক শিশুৱে । নাটখনৰ সংগীতৰ দায়িত্বত আছিল দিল্লীৰ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ পৰা অহা এগৰাকী যুৱ প্ৰতিভাধৰ শিল্পী সুশীল শৰ্মা । অঞ্জন ভূঞাৰ ৰচনাৰে নাটখনৰ পৰিচালনাত সহায় কৰে কৈলাশ দাস আৰু হিমাংশু গগৈয়ে । উল্লেখ্য যে জিৰছং থিয়েটাৰে বিগত প্ৰায় এমাহজুৰি ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ সহযোগত গুৱাহাটীত এক শিশু নাট কৰ্মশালাৰ আয়োজন কৰিছিল । এই কৰ্মশালাত ভাগ লৈছিল প্ৰায় দুকুৰিৰো অধিক ভিন্ন বয়সৰ শিশুৱে । দেওবাৰে কৰ্মশালাৰ অন্তত এই শিশুসকলৰ দ্বাৰাই মঞ্চস্থ কৰা হয় " টিকনি ৰজাৰ সাধু " নামৰ নাটখন ।

এজাক শিশু আৰু " টিকনি ৰজাৰ সাধু "
-------------------------------------------------------

এজাক কণ কণ শিশুৰ কলৰৱ আৰু মনোমোহা অভিনয়ৰে দেওবাৰে সন্ধিয়া জীপাল হৈ উঠিল গুৱাহাটীৰ কুমাৰ ভাস্কৰ নাট্য মন্দিৰৰ মঞ্চ। দিল্লীৰ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয় ( NSD ) ৰ সহযোগত  জিৰছং থিয়েটাৰে দেওবাৰে সন্ধিয়া কুমাৰ ভাস্কৰ নাট্য মন্দিৰত নিবেদন কৰে এখন অনবদ্য শিশু নাট " টিকনি ৰজাৰ সাধু "। নাটখনৰ ৰচনা আছিল অঞ্জন ভূঞাৰ। ৰবিজিতা গগৈৰ সামগ্ৰিক পৰিকল্পনা আৰু পৰিচালনাৰে মঞ্চস্থ কৰা নাটখনত প্ৰাণ ঢালি অভিনয় কৰে প্ৰায় দুকুৰি শিশুৱে । নাটখনৰ সংগীতৰ দায়িত্বত আছিল দিল্লীৰ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ পৰা অহা এগৰাকী যুৱ প্ৰতিভাধৰ শিল্পী সুশীল শৰ্মা। নাটখনৰ পৰিচালনাত সহায় কৰে কৈলাশ দাস আৰু হিমাংশু গগৈয়ে। উল্লেখ্য যে জিৰছং থিয়েটাৰে বিগত প্ৰায় এমাহজুৰি ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ সহযোগত গুৱাহাটীত এক শিশু নাট কৰ্মশালাৰ আয়োজন কৰিছিল । এই কৰ্মশালাত ভাগ লৈছিল প্ৰায় দুকুৰি ভিন্ন বয়সৰ শিশুৱে। কৰ্মশালাৰ অন্তত এই শিশুসকলৰ দ্বাৰাই মঞ্চস্থ কৰা হয় " টিকনি ৰজাৰ সাধু " নামৰ নাটখন।  দেওবাৰে সন্ধিয়া প্ৰবীণ নাট্যশিল্পী, বিশিষ্ট অভিনেতা দুলাল ৰয়ে আনুষ্ঠানিক ভাবে মুকলি কৰে নাট্য সন্ধিয়াটি।

গৌতম বৰুৱা
গুৱাহাটী
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.