ETV Bharat / city

ৰাজ্যজুৰি 10 জানুৱাৰীত অনুষ্ঠিত হ’ব উচ্চতৰ মাধ্যমিক টেট - এডমিট কাৰ্ড

10 জানুৱাৰীত ৰাজ্যত অনুষ্ঠিত হ’ব উচ্চতৰ মাধ্যমিক টেট পৰীক্ষা ৷ পৰীক্ষাৰ্থীয়ে পৰীক্ষা কেন্দ্ৰলৈ লগত নিব পাৰিব কেৱল এডমিট কাৰ্ড আৰু নিজা পৰিচয় পত্ৰ ৷ ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহৰ ভিতৰতে ফলাফল ঘোষণা কৰাৰ সম্ভাৱনা ৷

The state govt of education department will hold the Higher Secondary Tate on January 10
ৰাজ্যজুৰি 10 জানুৱাৰীত অনুষ্ঠিত হ’ব উচ্চতৰ মাধ্যমিক টেট
author img

By

Published : Jan 8, 2021, 7:40 PM IST

নিউজ ডেস্ক, 8 জানুৱাৰী : অহা 10 জানুৱাৰীত ৰাজ্যজুৰি অনুষ্ঠিত হ’ব উচ্চতৰ মাধ্যমিক টেট পৰীক্ষা ৷ ৰাজ্যৰ প্ৰায় 23,855 গৰাকী পৰীক্ষাৰ্থী বহিব এই পৰীক্ষাত ৷ ইয়াৰে কলা শাখাত 18,355 গৰাকী, বিজ্ঞান শাখাত 4,675 গৰাকী আৰু বাণিজ্য শাখাত 835 গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হ’ব ৷

চৰকাৰী সূত্ৰই প্ৰকাশ কৰা অনুসৰি, পৰীক্ষাৰ্থীয়ে পৰীক্ষা কেন্দ্ৰলৈ লগত নিব পাৰিব কেৱল এডমিট কাৰ্ড আৰু নিজা পৰিচয় পত্ৰ ৷ কোনো ধৰণৰ বৈদ্যুতিক সামগ্ৰী নিব নোৱাৰিব পৰীক্ষা কেন্দ্ৰৰ ভিতৰলৈ ৷ পৰীক্ষা কেন্দ্ৰ ভিতৰত ম’বাইল ধৰা পৰিলে সেই পৰীক্ষাৰ্থীৰ ফলাফল ঘোষণা কৰা নহ’ব ৷ তাৰোপৰি সকলো পৰীক্ষা কেন্দ্ৰতে জামাৰৰ ব্যৱস্থা কৰা হ’ব ৷

ইতিমধ্যে ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে নিম্ন প্ৰাথমিক, উচ্চ প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয়ৰ শিক্ষক নিযুক্তিৰ বাবে যো-জা চলাইছে ৷ অহা ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহৰ ভিতৰতে নিৰ্দিষ্ট প্ৰাৰ্থী সকলক নিযুক্তি পত্ৰ প্ৰদান কৰা হ’ব বুলি জানিব পৰা গৈছে ৷ ইয়াৰ লগতে সেই সময়ছোৱাৰ ভিতৰতে উচ্চতৰ মাধ্যমিকৰ টেট পৰীক্ষাৰো ফলাফল ঘোষণা কৰি শীঘ্ৰে নিযুক্তিৰ ব্যৱস্থা কৰিব বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে ৷

লগতে পঢ়ক : বাৰ্ড ফ্লুঃ অসম ৰাজ্যিক চিৰিয়াখানাত নিষিদ্ধ কৰা হ‘ল মুৰ্গীৰ মাংস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.