ETV Bharat / city

পুস্পসজ্জিত বাহনেৰে নৱগ্ৰহ শ্মশানলৈ চিৰ তৰুণৰ শেষ যাত্ৰা - The last rites of Tarun Gogoi to Nabagraha

মুখত এমোকোৰা হাঁহি আৰু এটা সৰল মনৰ অধিকাৰ প্ৰাক্তন মুখ্য়মন্ত্ৰী তৰুণ গগৈৰ আজি অন্তোষ্টিক্ৰিয়া সম্পন্ন হয় ৷ পুস্পসজ্জিত বাহনেৰে নৱগ্ৰহ শ্মশানলৈ লৈ যোৱা হয় তেওঁৰ শৱদেহ ৷

পুস্পসজ্জিত বাহনেৰে নৱগ্ৰহ শ্মশানলৈ চিৰ তৰুণৰ শেষ যাত্ৰা
তৰুণ গগৈক বিদায় পৰিয়ালৰ
author img

By

Published : Nov 26, 2020, 9:41 PM IST

গুৱাহাটী, 26 নৱেম্বৰ : মৃত্যুৰ আগমূহুৰ্তলৈকে চিৰ তৰুণ হৈ থকা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ গ'লগৈ ৷ মুখত এমোকোৰা হাঁহি আৰু এটা সৰল মন লৈ গুচি গ'ল সকলোৰে মাজৰ পৰা৷ আজি প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ শেষ যাত্ৰা মহানগৰীৰ ৰাজপথত ৷

পুস্পসজ্জিত বাহনত অজস্ৰ গুণমুগ্ধৰ আবেষ্টনীত নৱগ্ৰহ শ্মশানলৈ যাত্ৰা কৰে তৰুণ গগৈৰ নশ্বৰদেহ লৈ যোৱা গাড়ী ৷ ৰাজপথত অগণন লোকে ৰ' লাগি চাই ৰয় প্ৰিয় মানুহজনক ৷ পুৱা কলাক্ষেত্ৰৰ পৰা চৰকাৰী বাসভৱনলৈ লৈ অনা হৈছিল তৰুণ গগৈৰ শৱদেহ ৷ চৰকাৰী বাসভৱনত পৰিয়ালৰ লোকে সকলো ৰীতি-নীতি পালন কৰে ৷

পুস্পসজ্জিত বাহনেৰে নৱগ্ৰহ শ্মশানলৈ চিৰ তৰুণৰ শেষ যাত্ৰা

শেষত সহধৰ্মিনী ডলী গগৈ, পুত্ৰ গৌৰৱে অশ্ৰুসিক্ত নয়ন আৰু হৃদয়েৰে শেষ বিদায় জনায় প্ৰয়াত গগৈক ৷ চৰকাৰী বাসভৱনত চকুলো টুকি শেষ বিদায় জনায় বহু গুণমুগ্ধই ৷ ইয়াৰ পাছতে তৰুণ গগৈৰ জীৱিত কালৰ ইচ্ছা অনুসৰিয়েই ৰুক্মিনীগাঁৱৰ গীৰ্জালৈ লৈ যোৱা হয় প্ৰয়াত গগৈৰ নশ্বৰ দেহ ৷

পুস্পসজ্জিত বাহনৰ পাছত ৰাজপথত লানি নিছিগা গুণমুগ্ধই ভিৰ কৰে ৷ ৰুক্মিনী গাঁৱৰ গীৰ্জাৰ পাছত জু-ৰোডস্থিত নামঘৰলৈ লৈ যোৱা হয় তেওঁৰ নশ্বৰদেহ ৷ সকলো ঠাইতে অজস্ৰ গুণমুগ্ধই শেষ শ্ৰদ্ধা জনায় ৷ ইয়াৰ পাছত বুঢ়া মছজিদলৈ নিয়া হয় তৰুণ গগৈৰ নশ্বৰদেহ ৷ তাৰ পৰা পোনে পোনে উগ্ৰতাৰা হৈ নৱগ্ৰহলৈ নিয়া হয় প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ শৱদেহ ৷ নৱগ্ৰহতেই শেষকৃত্য সম্পন্ন হয় ৰাজ্যৰ তিনিবাৰৰ মুখ্যমন্ত্ৰীৰ আসন শুৱনি কৰা তৰুণ গগৈৰ ৷

লগতে পঢ়ক : বানবিধস্ত অঞ্চলৰ পৰিস্থিতিৰ বুজ ল'লে কেন্দ্ৰীয় চৰকাৰৰ উচ্চস্তৰীয় দলে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.