ETV Bharat / city

খিলঞ্জীয়া ভূমিপুত্ৰৰ ভূমি কাৰ্যত পদে পদে হস্তান্তৰিত হৈছে কোম্পানীৰ হাতলৈ - খিলঞ্জীয়া বিৰোধী অভিযান উদ্যোগীকৰণৰ নামত

লক ডাউনৰ পৰিস্থিতিলৈ চাই অসম চৰকাৰে শুকুৰবাৰে যি নতুন অধ্যাদেশ জাৰি কৰিছে তাত উল্লেখিত বেল্ট আৰু ব্লক সমূহৰ ভূমিক ৰেহাই দিয়া হৈছে বুলি ঘোষণা কৰিছে । কিন্তু সেই আশ্বাস উক্ত অঞ্চলৰ জনগোষ্ঠীয় লোকসকলৰ বাবে বিশ্বাসযোগ্য হৈ উঠা নাই । শংকা হৈছে যে এই অধ্যাদেশে অধিক বিপদসংকুল কৰি তুলিব নেকি জনগোষ্ঠীয় অঞ্চলৰ উৰ্বৰ ভূমি সমূহ ।

খিলঞ্জীয়া ভূমিপুত্ৰৰ ভূমি কাৰ্যত পদে পদে হস্তান্তৰিত হৈছে কোম্পানীৰ হাতলৈ

author img

By

Published : Jul 4, 2020, 5:52 AM IST

Updated : Jul 4, 2020, 10:22 AM IST

গুৱাহাটী, 4 জুলাইঃ দিল্লী কিম্বা দিছপুৰ উভয়তে শাসনাধিষ্ঠিত ভিন্ন দলৰ চৰকাৰ সমূহৰ পৃষ্ঠপোষকতাতে অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰৰ উৰ্বৰ ভূমি কাৰ্যত : পদে পদে হস্তান্তৰিত হৈছে কোম্পানীৰ হাতলৈ । যোৱা কেইটামান দশকত চৰকাৰী আমোলা বিষয়া আৰু ৰাজনীতিকৰ প্ৰযত্নত সম্ভৱ হৈ উঠা এই খিলঞ্জীয়া বিৰোধী অভিযানক উদ্যোগীকৰণৰ নামত সাৰ পানী দিছে বিজেপিৰ চৰকাৰখনে। শেহতীয়াকৈ ৰাজ্যৰ উদ্যোগমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে এই সন্দৰ্ভত কৰা এক মন্তব্যই ৰাজ্যৰ সচেতন নাগৰিক,বিশেষকৈ জনগোষ্ঠীয় বেল্ট আৰু ব্লক সমুহৰ ৰাইজক ক্ষোভিত কৰি তুলিছে ।

মন কৰিবলগীয়া যে আওপকীয়াকৈ থকা চৰকাৰী পৃষ্ঠপোষকতা আৰু নীতিৰ সুৰুঙাৰ সুযোগ লৈ ৰাজ্যৰ ৰাজধানী গুৱাহাটীৰ গাতে লাগি থকা সোণাপুৰ অঞ্চলৰ জনগোষ্ঠীয় বেল্টৰ ভূমিত ইতিমধ্যে বিভিন্ন আইনী সুৰুঙা আৰু স্থানীয় ৰাজনীতিকৰ সহযোগত পুঁজিপতি গোষ্ঠী সমূহে চিমেণ্ট, এলুমিনিয়াম কাৰখানাকে ধৰি বিভিন্ন পৰ্যায়ৰ উদ্যোগ গঢ়ি তুলিছে ।

খিলঞ্জীয়া ভূমিপুত্ৰৰ ভূমি কাৰ্যত পদে পদে হস্তান্তৰিত হৈছে কোম্পানীৰ হাতলৈ

অভিযোগ অনুসৰি এই প্ৰক্ৰিয়াত মাটিৰ স্বত্বাধিকাৰী স্থানীয় জনগোষ্ঠীয় ভূমিপূত্ৰক নিয়ম মাফিকভাৱে কোম্পানীৰ একো গৰাকীয়ে সঞ্চালক পাতি থোৱা হৈছে । আৰ্থিক দাৰিদ্ৰতাৰ সুযোগ লৈ পূঁজিপতি গোষ্ঠী সমূহে জনগোষ্ঠীয় লোক সকলক সামান্য টকাৰ প্ৰলোভন দি বৃহৎ পৰিমাণৰ কৃষি ভূমি অতি সহজেই কোম্পানীৰ হাতলৈ হস্তান্তৰিত কৰিছে ।

তথ্য অনুসৰি কেৱল সোণাপুৰ ৰাজহ চক্ৰৰ অধীনৰ জনগোষ্ঠীয় এলেকাৰ কেইবাহাজাৰো বিঘা ভূমি সৰু বৰ ব্যৱসায়ীক গোষ্ঠী তথা বৃহৎ কোম্পানীৰ হাতলৈ গৈছে । আছাম লেণ্ড এণ্ড ৰেভিনিউ ৰেগুলেছন আইন 1886 অধীনত বৃটিছৰ শাসনৰ সময়তে জনগোষ্ঠীয় ভূমিপুত্ৰ সকলৰ সুৰক্ষাৰ বাবে ট্ৰাইবেল্ট ব্লক এণ্ড বেল্ট সমূহ গঠন কৰা হৈছিল ।

একে উদ্দেশ্যে স্বাধীনতাৰ পিছতো তদানীন্তন গোপীনাথ বৰদলৈ চৰকাৰে এই বেল্ট আৰু ব্লক সমুহৰ সুৰক্ষিত কৰাৰ বাবে সিদ্ধান্ত লৈছিল । কিন্তু পৰৱৰ্তী পৰ্যায়ত এই অঞ্চল সমূহৰ সুৰক্ষাৰ বিষয়টো হৈ পৰিল বাগাড়ম্বৰ মাথো ।

দিবজ্যোতি মেধিৰ প্ৰতিক্ৰিয়া

শেহতীয়া লক ডাউনৰ পৰিস্থিতিলৈ চাই অসম চৰকাৰে যি নতুন অধ্যাদেশ জাৰি কৰিছে তাত উল্লেখিত বেল্ট আৰু ব্লক সমূহৰ ভূমিক ৰেহাই দিয়া হৈছে বুলি শুকুৰবাৰে ঘোষণা কৰিছে । কিন্তু সেই আশ্বাস উক্ত অঞ্চলৰ জনগোষ্ঠীয় লোকসকলৰ বাবে বিশ্বাসযোগ্য হৈ উঠা নাই । শংকা হৈছে যে এই অধ্যাদেশে অধিক বিপদসংকুল কৰি তুলিব জনগোষ্ঠীয় অঞ্চলৰ উৰ্বৰ ভূমি সমূহ ।

লগতে চাওক-লক ডাউনৰ সুৰুঙাৰে গোপনে সৰবৰাহ কৰা হৈছে নেকি জলবিদ্যুৎ প্ৰকল্পৰ সামগ্ৰী ?

Last Updated : Jul 4, 2020, 10:22 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.