ETV Bharat / city

ৰাজ্যসভা নিৰ্বাচনত শশী-শ্বেৰমানৰ ভূমিকাই নিৰ্ণয় কৰিব কংগ্ৰেছৰ ভাগ্য - বিধায়ক শশীকান্ত দাস

ৰাজ্যসভাত খালী হ’বলগীয়া আসনকলৈ চিন্তিত কংগ্ৰেছ (Tension in congress camp for Rajyasabha election) ৷ এখন আসনত জয়ী হ’বলৈ হ'লে ন্যূনতম ৪২ টা ভোট লাভ কৰিব লাগিব । বিৰোধী শিবিৰত আছে ৪৩ গৰাকী বিধায়ক । এজন প্ৰাৰ্থী জিকিবলৈ প্ৰয়োজন হোৱা ৪২ টা ভোটতকৈ এটা ভোট বেছিকৈহে থকাৰ পিছতো কিয় চিন্তিত হৈছে কংগ্ৰেছ ? জানো আহক সবিশেষ ৷

tension-in-congress-camp-for-rajyasabha-electiontension-in-congress-camp-for-rajyasabha-election
ৰাজ্যসভা নিৰ্বাচনঃ শশী-শ্বেৰমানৰ ভূমিকাই নিৰ্ণয় কৰিব কংগ্ৰেছৰ ভাগ্য
author img

By

Published : Jan 24, 2022, 5:53 PM IST

গুৱাহাটী, ২৪ জানুৱাৰী : ৰাজ্যসভাত খালী হ’বলগীয়া দুখন আসনৰ অন্ততঃ এখন আসন সংখ্যাৰ ফালৰ পৰা কংগ্ৰেছ বা বিৰোধীৰ হাতত থকাটো নিশ্চিত আছিল যদিও দেওবাৰে বি পি এফৰ তিনিগৰাকীকৈ বিধায়কে চৰকাৰৰ পক্ষত অৱস্থান কৰাত (BPF join hands with BJP) সমীকৰণ এতিয়া জটিল হৈ পৰিছে । আজিৰ তাৰিখত অসম বিধানসভাৰ ১২৬ খন আসনৰ ভিতৰত এখন আসন (মাজুলী) খালী হৈ আছে ।

সেই হিচাপত ৰাজ্যসভাৰ নিৰ্বাচনত ১২৫ গৰাকী বিধায়কে ভোটদান কৰিব লাগিব । সংসদীয় অংক অনুসৰি ৰাজ্যসভাত এখন আসনত জয়ী হবলৈ হ'লে ন্যূনতম ৪২ টা ভোট লাভ কৰিব লাগিব । এতিয়া মন কৰক বিধানসভাত বৰ্তমান শাসকীয় মিত্ৰজোট আৰু বিৰোধী পক্ষৰ ভোটৰ হিচাপলৈ । সম্প্ৰতি শাসক পক্ষৰ হাতত আছে ৮২ জন বিধায়ক ।

প্ৰথমে এই সংখ্যা ৭৯ আছিল যদিও বি পি এফৰ তিনি বিধায়কে কালি চৰকাৰী পক্ষত যোগ দিয়াত সংখ্যা ৮২ লৈ বৃদ্ধি পালে । বিজেপিৰ ৬৩, অগপৰ ৯, ইউ পি পি এলৰ ৭ আৰু শেহতীয়াকৈ বি পি এফৰ ৩ বিধায়ক মিলি শাসক পক্ষৰ শক্তি ৮২ হৈছে । এতিয়া চাওক বিৰোধীৰ শক্তিলৈ । আজিৰ তাৰিখত কংগ্ৰেছৰ বিধায়ক আছে ২৬ গৰাকী, এ আই ইউ ডি এফৰ ১৫ গৰাকী, চি পি এমৰ এগৰাকী আৰু নিৰ্দলীয় এগৰাকী ।

সেইফালৰ পৰা চাবলৈ গ’লে বিৰোধী শিবিৰত আছে ৪৩ গৰাকী বিধায়ক । এজন প্ৰাৰ্থী জিকিবলৈ প্ৰয়োজন হোৱা ৪২ টা ভোটতকৈ এটা ভোট বেছিকৈহে আছে বিৰোধীৰ হাতত । তৎস্বত্বেও কিন্তু বিৰোধী শংকিত । কাৰণ কংগ্ৰেছৰ দুই নিলম্বিত বিধায়ক শশীকান্ত দাস আৰু শ্বেৰমান আলী আহমেদে কাক ভোট দিব ?

কংগ্ৰেছত থাকিও বিজেপিক সমৰ্থন কৰাৰ এক অদ্ভুত "ফৰ্মূলা" ইতিমধ্যে আবিস্কাৰ কৰিছে বিধায়ক শশীকান্ত দাসে (Congress MLA Sashikanta Das) । একেদৰে কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বক তীব্ৰ বাক্যবাণেৰে আক্ৰমণ কৰি আহিছে শ্বেৰমান আলী আহমেদে (MLA Sherman Ali targeting Congress)। গতিকে বিৰোধীৰ প্ৰাৰ্থী গৰাকীয়ে এই দুজন বিধায়কৰ ভোট পাবনে ? সাতে পাঁচে মিলি এতিয়া বিৰোধীৰ বাবে একপ্ৰকাৰ গুৰুত্বপূৰ্ণ হৈ উঠিছে শ্বেৰমান আৰু শশীকান্ত ।

লগতে পঢ়ক : Assam Arunachal border conflict : সোমবাৰে নিশা তেজপুৰত হ’ব অসম-অৰুণাচলৰ মুখ্যমন্ত্ৰীৰ বৈঠক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.