ETV Bharat / city

মূল্যবৃদ্ধি সন্দৰ্ভত ব্যৱসায়ী সন্থাৰে যোগানমন্ত্ৰীৰ বৈঠক - যোগানমন্ত্ৰী ফণীভূষণ চৌধুৰীৰ বৈঠক

মূল্যবৃদ্ধি সন্দৰ্ভত কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত ব্যৱসায়ী সন্থাৰে যোগানমন্ত্ৰী ফণীভূষণ চৌধুৰীৰ বৈঠক ৷

Supply minister's meeting with trade union
মূল্যবৃদ্ধি সন্দৰ্ভত ব্যৱসায়ী সন্থাৰে যোগানমন্ত্ৰীৰ বৈঠক
author img

By

Published : Nov 5, 2020, 9:27 PM IST

গুৱাহাটী, 5 নৱেম্বৰ : বৃহস্পতিবাৰে মুখ্যমন্ত্ৰীৰ নিৰ্দেশমৰ্মে কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত ব্যৱসায়ী সন্থাৰে যোগান বিভাগৰ বৈঠক অনুষ্ঠিত হয় । আলু-পিয়াজকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ অভাৱনীয় মূল্যবৃদ্ধি ৰোধ সম্পৰ্কত আলোচনা কৰা হয় এই বৈঠকত । বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিন্ধান্ত গ্ৰহণ কৰা হয় ।

যোগানমন্ত্ৰী ফণীভূষণ চৌধুৰীৰ বৈঠক
মূল্যবৃদ্ধি সন্দৰ্ভত ব্যৱসায়ী সন্থাৰে যোগানমন্ত্ৰীৰ বৈঠক

জিলা প্ৰশাসনে বান্ধি দিয়া নিৰ্দেশসমূহ মানি চলিবলৈ ব্যৱসায়ী সন্থাক আহ্বান জনায় মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে । মন্ত্ৰী চৌধুৰীৰ নিৰ্দেশ অনুসৰি, অহা 10 দিনৰ বাবে গঠন কৰা হ'ব টাস্ক ফৰ্চ । যোগান বিভাগ, জিএমচি, জোখ মাখ বিভাগ, কৃষি বিভাগ, আৰক্ষী আৰু জিলা প্ৰশাসনৰ বিষয়াৰে গঠিত হ'ব এই টাস্ক ফৰ্চ । টাস্ক ফৰ্চে দামৰ ওপৰত নজৰ ৰাখিব । তদুপৰি পিয়াজৰ পাইকাৰী মূল্য 50 টকা নিৰ্ধাৰণ কৰি দিছে যোগান বিভাগে ।

বিভাগৰ নিৰ্দেশ অনুসৰি, গ্ৰাহকে 56-57 টকাত কিনিব পাৰিব পিয়াজ । ইফালে শুকুৰবাৰৰ পৰা পামহিত শাক-পাচলিৰ মূল্য নিৰ্ধাৰণ কৰা হ'ব । অস্বীকৃতিপ্ৰাপ্ত বজাৰসমূহেও এই নিৰ্দেশনা পালন কৰিব লাগিব বুলি যোগানমন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে উল্লেখ কৰে । বহিঃৰাজ্যৰ পৰা পিয়াজ ক্ৰয় কৰি আনিব লগা হোৱাৰ বাবে দাম নিয়ন্ত্ৰণ কৰাত অসুবিধা যোগান বিভাগৰ । 9 হাজাৰখন সুলভ মূল্যৰ দোকানত 35 টকাত পাইকাৰী মূল্যত পাব পিয়াজ । ইতিমধ্যে 6 হাজাৰ মেট্ৰিক টন পিয়াজ ক্ৰয় কৰাৰ ব্যৱস্থা কৰিছে যোগান বিভাগে । তাৰোপৰি অন্য অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ ক্ষেত্ৰত চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰি আছে বুলি জানিবলৈ দিয়ে মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে ।

লগতে পঢ়ক : গুৱাহাটীত অৰ্ণৱ গোস্বামীৰ গ্ৰেপ্তাৰৰ বিৰোধিতাৰে বিভিন্ন দল সংগঠনৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.