ETV Bharat / city

বিতৰ্কত ঔষধ নিৰ্মাণকাৰী প্ৰতিষ্ঠান চানফাৰ্মা - Guwahati

সভানেত্ৰীগৰাকীয়ে অভিযোগ কৰামতে কোম্পানীটোক কেৱল এটা ঘৰৰহে অনুমতি দিছিল পঞ্চায়তে ৷ কিন্তু বৰ্তমান এটা ঘৰৰ অনুমতিতেই চলি আছে এই বৃহৎ ঔষধ নিৰ্মান প্ৰতিষ্ঠানটো । তাৰ উপৰি বুধবাৰে কৰ্মৰত অৱস্থাত দুৰ্ঘটনাত ৩জন কৰ্মচাৰী আঘাতপ্ৰাপ্ত হোৱা ঘটনা গাপ দিবলৈ চেষ্টা কৰি আন এক বিৰ্তকত সোমাই পৰে কোম্পানীটো ।

ঔষধ ব্যৱসায়ৰ নামত বহিৰাগত কোম্পানীৰ ব্যাপক জালিয়াতি
author img

By

Published : Jul 11, 2019, 4:30 PM IST

আজাৰা, 11 জুলাইঃ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে উদ্ধোধন কৰা দেশৰ আগশাৰীৰ ঔষধ নিৰ্মাতা কোম্পানী চান ফাৰ্মাৰ বিৰুদ্ধে উঠিছে ৰাজ্যত জালিয়াতিৰে ব্যৱসায় চলোৱাৰ অভিযোগ । কামৰূপ জিলাৰ পলাশবাৰীত থকা কোম্পানীটোৰ ব্যৱসায়ৰ বাবে নাই পঞ্চায়তৰ আপত্তিবিহীন প্ৰমাণপত্ৰ তথা এন অ' চি (N.O.C) । দীৰ্ঘদিনৰ পৰা গাঁও পঞ্চায়তক কৰ ফাঁকি দি ব্যৱসায় চলাই আহিছে বহুজাতিক কোম্পানীটোৱে ৷ এই অভিযোগ পলাশবাৰী গাঁও পঞ্চায়তৰ সভানেত্ৰীৰ ।

এন অ চি অবিহনে অসমত ব্যৱসায় চলাইছে 'চান ফাৰ্মাই'

সভানেত্ৰীগৰাকীয়ে অভিযোগ কৰামতে কোম্পানীটোক কেৱল এটা ঘৰৰহে অনুমতি দিছিল পঞ্চায়তে ৷ কিন্তু বৰ্তমান এটা ঘৰৰ অনুমতিতেই চলি আছে এই বৃহৎ ঔষধ নিৰ্মান প্ৰতিষ্ঠানটো । তাৰ উপৰি বুধবাৰে কৰ্মৰত অৱস্থাত দুৰ্ঘটনাত ৩জন কৰ্মচাৰী আঘাতপ্ৰাপ্ত হোৱা ঘটনা গাপ দিবলৈ চেষ্টা কৰি আন এক বিৰ্তকত সোমাই পৰে কোম্পানীটো । প্ৰাপ্ত বাতৰি অনুসৰি সন্ধিয়াৰ ভাগত সংঘটিত হোৱা দুৰ্ঘটনাটোত আঘাতপ্ৰাপ্ত দুজনৰ অৱস্থা সংকটজনক । অৱশ্যে চান ফাৰ্মাই আহত আটাইকেজনৰ চিকিৎসাৰ দায়িত্ব লোৱাৰ লগতে আহতৰ পৰিয়াললৈ এককালীন সাহাৰ্য ঘোষণা কৰে ।

Intro:পঞ্চায়তৰ NOC অবিহনে চলি আছে বৃহৎ ঔষধ নিৰ্মান প্ৰতিষ্ঠান চান ফাৰ্মা । এক ভয়ংকৰ ঘটনা গাপ দিয়াৰ চেষ্টা চান ফাৰ্মাৰ ।Body:Vo..এটা চানফাৰ্মা নামৰ বহুজাতিক ঔষধ নিৰ্মান কোম্পানী । ঔষধ নিৰ্মানকাৰী এই বৃহৎ কোম্পানীটো শুভউদ্ধোধন কৰিছিল স্বয়ং মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে । কিন্তু এই ঔষধ নিৰ্মান প্ৰতিষ্ঠানটোৱে চলাইছে চুড়ান্ত মইমতালি । পলাশবাৰীস্থিত চানফাৰ্মা নামৰ এই কোম্পানীটোৰ নাই পঞ্চায়তৰ NOC । গাও পঞ্চায়তৰ কৰ ফাকি দি চলি আহিছে এই বহুজাতিক কোম্পানীটো । নিজৰ স্থিতিত অতল হৈ কোম্পানীটোৱে চলাই গৈছে নিজৰ বেহা । এই কোম্পানীটোৰ নামত বৰ্তমানলৈ ।কোনো NOC হোৱাই নাই বুলি জনাই গাও পঞ্চায়তৰ সভানেত্ৰীয়ে । কোম্পানীটো স্থাপিত হোৱা সেই ঠাইত পুৰ্বে কেৱল এটা ঘৰৰ হে অনুমতি দিছিল পঞ্চায়তে কিন্তু ঘৰৰ অনুমতিতে চলি গৈছে এই বৃহৎ ঔষধ নিৰ্মান প্ৰতিষ্ঠানটো । পঞ্চায়তৰ NOC অবিহনে চলি থকা এই কোম্পানীটোৰ কথা সদৰি কৰিলে পঞ্চায়তৰ সভানেত্ৰীয়ে লগতে পলাশবাৰীৰ এনে বহুবোৰ কোম্পানী পঞ্চায়তৰ কৰ ফাকি দি চলি অহা মন্তব্য কৰে সভানেত্ৰী গৰাকীয়ে ।

Bite1…পঞ্চায়ত সভানেতী ।

উল্লেখ্য যে যোৱাকালিও এই কোম্পানীটোত সংঘটিত হৈছিল এক ভয়ংকৰ ঘটনা । কৰ্মৰত অৱস্থাত গৰম পানীৰ ট্ৰেঙ্কৰ পৰা নিৰ্গত গৰম পানীয়ে জ্বলাই পেলাইছিল ৩জন কৰ্মচাৰীক । যোৱাকালি সন্ধিয়াৰ ভাগত সংঘটিত হৈছিল এই ভয়াৱহ দুৰ্ঘটনাটো । দুৰ্ঘটনাটোত জয়ন্ত চক্ৰৱৰ্তী,প্ৰকাশ ঠাকুৰীয়া,প্ৰদীপ নাথ নামৰ ৩ও জন কৰ্মচাৰীৰ কথমপি প্ৰান ৰক্ষা পৰে যদিও দুজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে । বৰ্তমান আটাইকেইজন গুৱাহাটীৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ।

Bite2..স্থানীয় লোক ।Conclusion:আনহাতে এই ঘটনা সম্পুৰ্ণ ৰূপে গাপ দিয়াৰ চেষ্টা চলাইছিল চান ফাৰ্মা প্ৰতিষ্ঠানে । আৰক্ষী প্ৰশাসন আৰু সংবাদ মাধ্যমৰ পৰা লুকুৱাব বিছাৰিছিল এই ঘটনাটো । কিন্তু এই ঘটনাটো সংবাদ মাধ্যমে জ্ঞাত হৈ ঘটনাস্থলী পৰ্যবেক্ষণ কৰিব বিছাৰিছিল যদিও সংবাদ মাধ্যমক তালৈ অনুমতি নিদিয়ে । অৱশ্যে আহত আটাইকেজনৰ চিকিৎসাৰ দায়িত্ব চান ফাৰ্মা প্ৰতিষ্ঠানে লোৱাৰ লগতে পৰিয়ালৰ লোকলৈ এককালিন সাহাৰ্য্যও ঘোষণা কৰে ।

দক্ষিণ কামৰূপ/আজাৰা পৰা অজয় দাস,etv bharat assam
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.