ETV Bharat / city

ক্ষমতাৰ লোভত মত্ত শিল্পী-নেতা: কি কয় ছাত্ৰ সমাজে ? - ছাত্ৰসমাজ

'CAA' আন্দোলনৰ সক্ৰিয় নেতা,শিল্পী বৰ্তমান ৰাজনৈতিক দললৈ ঢাপলি ৷ কংগ্ৰেছ, বিজেপিকে আদি কৰি ৰাজনৈতিক দল গঠন কৰাত ব্যস্ত বৰ্তমান একাংশ সক্ৰিয় নেতা ৷ কিন্তু জাতি-মাটি, ভেঁটি ৰক্ষাৰ স্বাৰ্থত 'CAA' বাতিলৰ দাবীৰে ৰাজপথত প্ৰশাসনৰ লাঠীৰ কোব খোৱা শিক্ষাৰ্থী সমাজ বৰ্তমান চৰম হতাশাত ৷

Students reactions On CAA Protest
আন্দোলনৰ 8 মাহ পিচতে স্বাভিমানক জলাঞ্জলি দি ৰাজনৈতিক দললৈ ঢাপলি কা বিৰোধী নেতা,শিল্পী
author img

By

Published : Aug 28, 2020, 7:40 PM IST

Updated : Aug 28, 2020, 7:58 PM IST

নিউজ ডেস্ক, 28 আগষ্ট : বিতৰ্কিত নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধীতাৰে ৰাজ্যজুৰি সৃষ্টি হৈছিল ধাৰাবাহিকভাবে আন্দোলন ৷ আছুকে ধৰি 30 টা জাতীয় সংগঠনৰ নেতৃত্বত বিপ্লৱী অভিবৰ্তন, গণ বিক্ষোভ কাৰ্যসূচী, বজ্ৰ নিনাদ আদিৰে কপাই তুলিছিল অসমৰ চৌপাশ ৷ পিছ পৰি ৰোৱা নাছিল ৰাজ্যৰ জ্যেষ্ঠ নাগৰিক, শিল্পী সমাজ তথা সচেতন মহলো ৷

বিগত বৰ্ষৰ নৱেম্বৰ-ডিচেম্বৰত সক্ৰিয় হৈ পৰা আন্দোলনত ৰাজ্যৰ দল-সংগঠনৰ লগতে মুখ্য কৰ্ণধাৰ হিচাপে অংশগ্ৰহণ কৰিছিল ৰাজ্যৰ শিক্ষাৰ্থী সকলেও ৷ গুৱাহাটী বিশ্ববিদ্যালয়, কটন বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয়, তেজপুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে ৰাজ্যৰ আন সমূহ শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰী সকলেও 'বিপ্লৱী অসমীয়া গৰ্জন' কাৰ্যসূচীৰ জৰিয়তে কপাই তুলিছিল ৰাজ্যৰ চৌপাশ ৷ জাতিধংসী বিধেয়কখনৰ বিৰুদ্ধে ছাত্ৰ সমাজৰ আন্দোলন ইমানেই তীব্ৰতৰ আছিল যে, শ্ৰেণীসমূহ বৰ্জন কৰাৰ লগতে পৰীক্ষাও বাতিল কৰিব লগা হৈছিল কৰ্তৃপক্ষই ৷ আনকি, উক্ত আন্দোলনত শ্বহীদ হ'ব লগা হৈছিল দীপাঞ্জল, ছেমকে আদি কৰি ৰাজ্যৰ 5 গৰাকীকৈ শিক্ষাৰ্থী ৷

আন্দোলনৰ 8 মাহ পিচতে স্বাভিমানক জলাঞ্জলি দি ৰাজনৈতিক দললৈ ঢাপলি কা বিৰোধী নেতা,শিল্পী

পৰৱৰ্তী সময়ত কেন্দ্ৰীয় চৰকাৰে প্ৰতিবাদৰ ভাষাক জলাঞ্জলী দি 10 ডিচেম্বৰত ৰাজ্যসভাত CAB গৃহীত কৰাৰ পাচত ৰূপান্তৰ হৈছিল CAA লৈ ৷ কিন্তু 'CAA' আন্দোলনত সন্মুখৰ পৰাই নেতৃত্বলৈ বৰ বৰ কথাৰ ফুলজাৰি মৰা একাংশ সক্ৰিয় আন্দোলনকাৰী বৰ্তমান ৰাজনৈতিক স্থিতি সুদৃঢ় কৰাৰ উদ্দেশ্যে দলে বলে যোগদান কৰিছে ৰাজনৈতিক দলত ৷ একাংশই যদি কংগ্ৰেছ শিবিৰলৈ ঢাপলি মেলিছে আন একাংশই আকৌ গেৰুৱা বসন ধাৰণ কৰি শাসকীয় দলৰ জয়গান গোৱা পৰিলক্ষিত হৈছে ৷ একেদৰে পিচপৰি ৰোৱা নাই ৰাজ্যৰ শিল্পী সমাজেও ৷ নিজৰ ব্যক্তিগত মুনাফা আদায় কৰাৰ স্বাৰ্থত ৰাজ্যৰ ছাত্ৰ-ছাত্ৰীৰ কষ্ট আৰু আবেগক জলাঞ্জলী দি ৰাজনৈতিক দলৰ ৰঙা দলিচাত ভৰি থোৱা একাংশ শিল্পী বৰ্তমান হৈ পৰিছে ঘৰ বিভীষণ ৷

কিন্তু জাতি-মাটি, ভেঁটি ৰক্ষাৰ স্বাৰ্থত 'CAA' বাতিলৰ দাবীৰে ৰাজপথত প্ৰশাসনৰ লাঠীৰ কোব খোৱা শিক্ষাৰ্থী সমাজ বৰ্তমান চৰম হতাশাত ৷ কেৱল জাতি ৰক্ষাৰ স্বাৰ্থত ৰাজপথলৈ ওলাই অহা ছাত্ৰ-ছাত্ৰীৰ সৰলতা আৰু দুৰ্বলতাৰ সুযোগ লৈ নেতা হোৱাৰ সপোন পুহি ৰখা সেই সকলক তথাকথিত শিল্পীৰ বিৰুদ্ধে বৰ্তমান জাঙুৰ খাই উঠিছে ৰাজ্যৰ ছাত্ৰ সমাজ ৷ ছাত্ৰ সমাজৰ হুংকাৰ এনে নামধাৰী শিল্পীক ইতিহাসে কেতিয়াও ক্ষমা নকৰিব৷ নিজৰ ৰাজনৈতিক অভিপ্ৰায়েৰে আন্দোলন কৰা এই সকল তথাকথিত শিল্পীয়ে ভৱিষ্যতে 'CAA' বাতিলৰ দাবীত আন্দোলন কৰক বা নকৰক ছাত্ৰ সমাজে আন্দোলন কৰি যাব বুলিও মন্তব্য প্ৰদান কৰিলে আন্দোলনত অংশগ্ৰহণ কৰা শিক্ষাৰ্থীয়ে ৷ ছাত্ৰসমাজৰ নেতৃত্বত আৰম্ভ হোৱা অসমীয়া ৰাইজৰ স্বতঃস্ফূৰ্ত আন্দোলনক একাংশ শিল্পী আৰু ছাত্ৰ নেতাই নিজৰ স্বাৰ্থ সিদ্ধিৰ ঢাল হিচাপে ব্যৱহাৰ কৰা এনে সুবিধাবাদী লোকক ৰাইজে বৰ্জন কৰিব লাগে বুলিও ছাত্ৰ সমাজে মন্তব্য প্ৰদান কৰিলে ৷

লগতে পঢ়ক : তিনিখনকৈ শান্তি চুক্তিয়েও শান্তি ঘূৰাই আনিব নোৱাৰিলে বড়োভূমিলৈ

Last Updated : Aug 28, 2020, 7:58 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.