ETV Bharat / city

Street Play at Cotton University : কটনত সজাগতা সৃষ্টিৰ লক্ষ্যৰে বাটৰ নাট প্ৰদৰ্শন - কটনত সজাগতা সৃষ্টিৰ লক্ষ্যৰে বাটৰ নাট প্ৰদৰ্শন

মঙলবাৰে কটনত MNDP ছাত্ৰাৱাসৰ উদ্যোগত এখন ড্ৰাগছ বিৰোধী বাটৰ নাট প্ৰদৰ্শন কৰা হয়(Street Play at Cotton University) ৷ কটনৰ চৌহদৰ পৰাই ড্ৰাগছ নিৰ্মূল অসম গঢ়ি তোলাৰ বাবে অসমবাসীক আহ্বান জনাই এই নাট প্ৰদৰ্শন কৰা হয় ৷

awareness-street-drama-display-at-cotton-university
কটনত ড্ৰাগছ বিৰোধী বাটৰ নাট প্ৰদৰ্শন
author img

By

Published : Dec 8, 2021, 1:27 PM IST

গুৱাহাটী, 8 ডিচেম্বৰ : মঙলবাৰে কটন বিশ্ববিদ্যালয়ৰ চৌহদত সমাজব্যাধি ড্ৰাগছৰ বিৰুদ্ধে এখন সজাগতামূলক বাটৰ নাট অনুষ্ঠিত হয়(Street Play at Cotton University) ৷ এই বাটৰ নাটখনি কটন বিশ্ববিদ্যালয়ৰ মহেন্দ্ৰ ডেকা ফুকন ছাত্ৰাৱাস (MNDP Hostel)ৰ উদ্যোগত বিশ্ববিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিত প্ৰদৰ্শন কৰা হয় ৷

যুৱ প্ৰজন্মক কেনেদৰে ড্ৰাগছে ধ্বংস কৰিছে(How the young generation has destroyed drugs)? ইয়াৰ পৰা সমাজখনৰ কিদৰে ক্ষতি হৈছে ? তাৰে এক প্ৰতিচ্ছবি এই বাটৰ নাটখনিৰ জৰিয়তে দৰ্শকৰ আগত দাঙি ধৰাৰ প্ৰয়াস কৰা হৈছিল ৷

awareness-street-drama-display-at-cotton-university
কটনত ড্ৰাগছ বিৰোধী বাটৰ নাট প্ৰদৰ্শন

বৰ্তমান অসমত ড্ৰাগছৰ লগত জড়িত ঘটনা সঘনাই ঘটি থকা দেখা পোৱা গৈছে ৷ ইয়াৰোপৰি ড্ৰাগছে একাংশ যুৱ প্ৰজন্মক পংগু কৰা ঘটনা সঘনে দেখা পোৱা গৈছে ৷ সম্প্ৰতি ড্ৰাগছৰ বাবে সঘনাই বিভিন্ন ধৰণৰ হিংসাত্মক ঘটনা ঘটিছে ৷ বিশেষকৈ ধৰ্ষণৰ দৰে ঘটনা সংঘটিত হোৱা প্ৰায়ে পৰিলক্ষিত হৈছে অসমত ৷

সেয়ে এই পৰিস্থিতি সুস্থ কৰি তোলাৰ উপৰিও ড্ৰাগছ বিৰোধী সজাগতা বৃদ্ধি কৰিবলৈ এই নাটখন প্ৰদৰ্শন কৰা হৈছে বুলি এম এন ডি পি ছাত্ৰাৱাসৰ নাট প্ৰদৰ্শনকাৰীসকলে প্ৰকাশ কৰে ৷

লগতে কটনৰ চৌহদৰ পৰাই ড্ৰাগছ নিৰ্মূল অসম গঢ়ি তোলাৰ বাবে অসমবাসীক আহ্বান জনায় নাট প্ৰদৰ্শনকাৰীসকলে ৷ আনহাতে অসমৰ শিক্ষিত যুৱকসকলে ড্ৰাগছ বিৰুদ্ধে অধিক সচেতন হৈ ড্ৰাগছ বিক্ৰী আৰু সেৱনকাৰীক দেখা মাত্ৰেই আৰক্ষীক খবৰ দিবলৈ আহ্বান জনায় এম এন ডি পি ছাত্ৰাৱাসৰ নাট প্ৰদৰ্শনকাৰীসকলে ৷

লগতে পঢ়ক : Mob Lynching in Jorhat: অনিমেষৰ ন্যায়ৰ দাবীত মুখত ক'লা কাপোৰ বান্ধি কটনিয়ানৰ প্ৰতিবাদ

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.