গুৱাহাটী,8 জুলাই : মহানগৰীবাসীৰ খাদ্যৰসিক সকলৰ বাবে সুখবৰ ৷ এতিয়াৰে পৰা ৰেষ্টুৰেণ্টত উপলব্ধ হ'ব ষ্ট্ৰীট ফুডৰ খাদ্য । ফুটপাথৰ খাদ্য এতিয়া ৰেষ্টুৰেণ্টত পাব সম্পূৰ্ণ পৰিষ্কাৰ-পৰিচন্নতাৰে ৷ মহানগৰীৰ জি এছ ৰোডস্থিত চিটি চেণ্টাৰ মলৰ ফুড কোৰ্টত মুকলি কৰা হয় "চাটকাৰা" নামৰ ৰেষ্টুৰেণ্টখন ৷ বৃহস্পতিবাৰে মুকলি কৰা হয় এই নতুন ৰেষ্টুৰেণ্টখন ৷ 'চাটকাৰা' নামৰ এই ৰেষ্টুৰেন্টত খন অভিষেক সৰাউগী আৰু সঞ্জয় পোড্ডাৰৰ যৌথ প্ৰচেষ্টাত গঢ় লৈ উঠিছে ৷ যত উপলব্ধ হ'ব ষ্ট্ৰীট ফুডৰ খাদ্য ৷ উল্লেখ্য যে 19 বছৰীয়া অভিজ্ঞতাৰে পৰিপুষ্ট অভিষেক সৰাউগী 'ঔমজি কেটৰিঙ'ৰ স্বত্বাধিকাৰী তথা সঞ্জয় পোড্ডাৰ এগৰাকী প্ৰতিষ্ঠিত ব্যৱসায়ী । চাটকাৰাৰ শুভাৰম্ভণি কৰি স্বত্বাধিকাৰী গৰাকীয়ে জনায় যে 'চাটকাৰাত' ভাৰতীয় চাটসমূহৰ বিশেষত্বৰে পৰিপূৰ্ণ চাট খাদ্য সম্ভাৰ উপভোগ কৰিবলৈ পোৱা যাব ৷ যিবোৰ দিল্লী-6,কলকাতা,পাঞ্জাৱ, মেৰট,বাৰণসী আৰু মুম্বাই আদিৰ স্থানত উপলব্ধ ৷
ৰেষ্টুৰেণ্টত উপলব্ধ হ'ব ষ্ট্ৰীট ফুডৰ খাদ্য - চাটকাৰা
মহানগৰীৰ খাদ্যৰসিক সকলৰ বাবে সুখবৰ ৷ এতিয়াৰে পৰা ৰেষ্টুৰেণ্টত উপলব্ধ হ'ব ষ্ট্ৰীট ফুডৰ খাদ্য