ETV Bharat / city

ক্ৰিকেটাৰ যুৱৰাজ সিঙৰ ৫০ বিচনাৰ ক্ৰিটিকেল কেয়াৰ ইউনিট উদ্বোধন - you we can

ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়লৈ যুৱৰাজ সিঙৰ দাতব্য ন্যাসৰ ৫০খন বিচনাৰ 'ক্ৰিটিকেল কেয়াৰ ইউনিট' (চিচিইউ)। ভাৰ্চুৱেল উদ্বোধনী অনুষ্ঠানত মাতৃৰ সৈতে যুৱৰাজ সিঙৰ অংশগ্ৰহণ ।

star-cricketer-yuvraj-sing-donates-ccu-to-assam-medical-college
ক্ৰিকেটাৰ যুৱৰাজ সিঙৰ ৫০ বিচনাৰ ক্ৰিটিকেল কেয়াৰ ইউনিট উদ্বোধন
author img

By

Published : Sep 16, 2021, 10:26 PM IST

গুৱাহাটী,১৬ ছেপ্টেম্বৰ : দেশৰ তাৰকা ক্ৰিকেটাৰ যুৱৰাজ সিঙে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়লৈ আগবঢ়োৱা ৫০খন বিচনাৰ 'ক্ৰিটিকেল কেয়াৰ ইউনিট' (চিচিইউ) এটা বৃহস্পতিবাৰে আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰে ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী কেশৱ মহন্তই । ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন খেলুৱৈগৰাকীৰ দাতব্য সংস্থা 'ইউ উই কেন ফাউণ্ডেচন'ৰ পৃষ্ঠপোষকতাত অসমৰ সবাতোকৈ পুৰণি চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়খনত সংযোজিত হয় এই ব্যৱস্থা ৷

এই চি চি ইউৰ ভাৰ্চুৱেল উদ্বোধনী অনুষ্ঠানত ফাউণ্ডেচনৰ প্ৰতিষ্ঠাপক যুৱৰাজ সিঙৰ লগতে তেওঁৰ মাতৃ তথা ফাউণ্ডেচনৰ অধ্যক্ষা শ্বৱনম সিঙেও চণ্ডীগড়ৰ পৰা ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে যোগদান কৰে । বৃহস্পতিবাৰে বিয়লি গুৱাহাটীস্থিত এন এইছ এমৰ ৰাজ্যিক কাৰ্যালয়ৰ পৰা ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে স্বাস্থ্যমন্ত্ৰী মহন্তৰ সৈতে এন এইচ এমৰ ৰাজ্যিক অভিযান সঞ্চালক ডাঃ এছ লক্ষ্মনন আৰু কাৰ্যবাহী সঞ্চালক ডাঃ মনোজ চৌধুৰীয়ে অংশগ্ৰহণ কৰে ৷

star cricketer yuvraj sing donates ccu to assam medical college
ভিডিঅ' কনফাৰেন্সিঙত যুৱৰাজ সিং

এই অনুষ্ঠানত ডিব্ৰুগড়ৰ পৰা অসম চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসালয়ৰ অধীক্ষক তথা অধ্যাপক ডাঃ প্ৰশান্ত দিহিংগীয়া আৰু অধ্যাপিকা ডাঃ জলী ৰাভা আৰু নতুন দিল্লীৰ পৰা উৱান ইণ্ডিয়া এণ্টাৰটেইনমেণ্টৰ পৰিচালন সঞ্চালক ছবিৰ মমিন, এচেনচিউৰ ইণ্ডিয়াৰ পৰিচালন সঞ্চালিকা ক্ষিতিজা কৃষ্ণাস্বামীৰ লগতে ইউউইকেন ফাউণ্ডেচনৰ কাৰ্যবাহী পুনম নন্দাই ভাগ লয় ।

চলিত বৰ্ষত ক'ভিডৰ দ্বিতীয় ঢৌ তুংগত উঠাৰ সময়তে তাৰকা ক্ৰিকেটাৰগৰাকীৰ দাতব্য সংস্থাটোৱে অসম চৰকাৰৰ ক'ভিড বিৰোধী যুঁজত সহায়ক হোৱাকৈ ডিব্ৰুগড়ৰ চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়খনত সদ্যহতে গুৰুতৰ ভাৱে ক'ভিডত আক্ৰান্ত লোকক চিকিৎসা আগবঢ়োৱাৰ বাবে প্ৰথম পৰ্যায়ত দহখন আই চি ইউ ভেণ্টিলেটৰযুক্ত বিচনাসহ মুঠ ৫০খন অক্সিজেনৰ সুবিধা থকা বিচনাৰ এই চি চি ইউটো স্থাপনৰ ব্যৱস্থা কৰে ।

যুৱৰাজ সিঙৰ ফাউণ্ডেচনটোৱে দ্বিতীয় পৰ্যায়ত পুনৰ আন ১০খন আই চি ইউ ভেণ্টিলেটৰ সুবিধাযুক্ত বিচনাসহ ৫০খন অক্সিজেন বিচনা এই চি চি ইউৰ বাবে শীঘ্ৰে আগবঢ়াব । ইউউইকেন ফাউণ্ডেচনৰ 'ক্ৰিটিকেল কেয়াৰ চিকিৎসাৰ বাবে ১০০০খন বিচনা অভিযান' কাৰ্যসূচীৰ অংশ হিচাপে অসম চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়লৈ এই চি চি ইউ দান কৰিছে ।

ক'ভিড পৰিস্থিতিৰ অন্ত পৰাৰ পাছত এই চি চি ইউক কৰ্কট ৰোগত আক্ৰান্ত শিশুৰ চিকিৎসাৰ বাবে ব্যৱহৃত হ'ব । এই ভাৰ্চুৱেল উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি স্বাস্থ্যমন্ত্ৰী মহন্তই ভাৰতৰ তাৰকা ক্ৰিকেটাৰ যুৱৰাজ সিং আৰু তেওঁৰ দাতব্য সংস্থাটোক অসম চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়লৈ আগবঢ়োৱা এই অৱদানৰ বাবে কৃতজ্ঞতা জনায় ৷

ইয়াৰ লগতে কৰ্কট ৰোগাক্ৰান্ত শিশুসকলৰ চিকিৎসাৰ ক্ষেত্ৰত সহায়ক হোৱাকৈ ইউউইকে ফাউণ্ডেচনে দেশজুৰি হাতত লোৱা এনে মহৎ প্ৰয়াসৰ ভূয়সী প্ৰশংসা কৰে । যুৱৰাজ সিঙে উজনী অসমৰ চিকিৎসালয়খনত স্থাপন কৰা এই চিচিইউ স্থাপন কাৰ্যক শিশু আৰু সমাজৰ দুৰ্বল শ্ৰেণীৰ লোকসকলক উপকাৰ সাধিবলৈ তেওঁৰ ফাউণ্ডেচনে চলোৱা প্ৰয়াসৰ অংশ বুলি অভিহিত কৰি আগন্তুক দিনতো এই প্ৰয়াসক আৰু অধিক ফলপ্ৰসু ৰূপত আগবঢ়াই নিবলৈ যত্নবান হ'ব বুলি দোহাৰে ।

লগতে পঢ়ক : থাওৰাত হাইভল্টেজ পলিটিকেল ড্ৰামা !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.