ETV Bharat / city

উগ্রপন্থীৰ গুলী অথবা বিস্ফোৰণত ঘূণীয়া আৰক্ষীৰ লোকসকলে পাব পদোন্নতি

author img

By

Published : Oct 30, 2021, 9:37 PM IST

অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত বিশেষ সম্বৰ্ধনা অনুষ্ঠানত আৰক্ষী সঞ্চালক প্ৰধানৰ ৷ উগ্ৰপন্থীৰ গুলী তথা বিস্ফোৰণত আহত হোৱা ২৫ গৰাকী আৰক্ষীৰ লোক আৰু তেওঁলোকৰ পৰিয়ালবৰ্গৰ লগত আৰক্ষীৰ উচ্চ পদস্থ বিষয়াৰ মত-বিনিময় ৷ ঘূণীয়া হোৱা আৰক্ষীৰ লোকক ‘পৰাক্ৰমী’ পদকেৰে বিভূষিত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ লগত যোগাযোগ অসম আৰক্ষীৰ ।

special felicitation ceremony at Assam Police Headquarters
উগ্রপন্থীৰ গুলী-বিস্ফোৰণত ঘূণীয়া আৰক্ষীৰ লোকসকলে পাব পদোন্নতি

গুৱাহাটী, ৩০ অক্টোবৰ : কৰ্তব্যৰত অৱস্থাত উগ্ৰপন্থীৰ গুলী অথবা বিস্ফোৰণত ঘূণীয়া হৈ শাৰিৰীক অক্ষমতাৰ হেতু প্ৰয়োজনীয় বিশেষ পাঠ্যক্ৰমত অংশ ল'ব নোৱাৰি পদোন্নতি লাভ নকৰা আৰক্ষীৰ লোকসকলৰ পদোন্নতিৰ ব্যৱস্থা কৰা হ'ব । এই কথা সদৰি কৰিছে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই ।

গুৱাহাটীৰ উলুবাৰীস্থিত অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ সভাকক্ষত শনিবাৰে উগ্ৰপন্থীৰ গুলী অথবা বিস্ফোৰণত আহত হোৱা ২৫ গৰাকী আৰক্ষীৰ লোক আৰু তেওঁলোকৰ পৰিয়ালবৰ্গৰ লগত আৰক্ষীৰ উচ্চ পদস্থ বিষয়াসকলৰ এক মতবিনিময় অনুষ্ঠানৰ আয়োজন কৰা হয় ।

উক্ত অনুষ্ঠানত আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই কয় যে, ভুক্তভোগী এইসকল আৰক্ষীয়ে প্ৰয়োজনীয় প্ৰশিক্ষণত অৱতীৰ্ণ নোহোৱাকৈয়ে পদোন্নতি লাভ কৰিব আৰু পদোন্নতিৰ ক্ষেত্ৰত বাধ্যতামূলক এই পাঠ্যক্ৰম তেওঁলোকৰ ক্ষেত্ৰত ৰেহাই দিয়া হ'ব । এইক্ষেত্ৰত চৰকাৰী অনুমোদন প্ৰক্ৰিয়া চূড়ান্ত পর্যায়ত আছে বুলি তেওঁ জানিবলৈ দিয়ে ।

আৰক্ষীৰ সঞ্চালক প্ৰধানগৰাকীয়ে লগতে কয় যে, পদোন্নতিৰ পৰা বঞ্চিত এইসকল আৰক্ষীৰ লোকৰ প্ৰতিগৰাকীৰ কনিষ্ঠজনক পদোন্নতিৰ জৰিয়তে লাভ কৰা পদবীত মকৰল কৰা হ'ব । উগ্ৰপন্থীৰ গুলী অথবা বিস্ফোৰণত ঘূণীয়া হোৱা আৰক্ষীৰ আৰু বহু লোক আছে আৰু প্ৰত্যেকেই এই সুবিধা লাভ কৰিব বুলিও তেওঁ মন্তব্য কৰে ।

সঞ্চালক প্ৰধানগৰাকীয়ে লগতে কয় যে, আজি কেৱল প্ৰতিনিধিত্বমূলকভাৱেহে এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে আৰু ঘূণীয়া হোৱা আৰক্ষীৰ এইসকল লোকক ‘পৰাক্ৰমী’ পদকেৰে বিভূষিত কৰাৰ বাবেও ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰৰ লগত যোগাযোগ কৰি থকা হৈছে ।

অনুষ্ঠানত অংশগ্ৰহণ কৰি গৃহ আৰু ৰাজনৈতিক বিভাগৰ প্ৰধান সচিব নীৰজ বাৰ্মাই আৰক্ষীৰ এইসকল লোকৰ কল্যাণৰ বাবে সম্ভৱপৰ সকলো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা হ'ব বুলি সদৰি কৰে ।

মত-বিনিময় অনুষ্ঠানত উপস্থিত থাকি বিশেষ আৰক্ষী সঞ্চালক প্ৰধান (আইন-শৃংখলা) জি পি সিঙে আহত আৰক্ষীৰ লোকসকলক চিকিৎসাৰ বাবে সেইসময়ত নিজে ব্যয় কৰা ধনৰাশি তেওঁলোকক চৰকাৰীভাৱে পৰিশোধ কৰাকে আদি ধৰি আন ভালেমান দিশ দাঙি ধৰে । এই মত-বিনিময় অনুষ্ঠানতে আৰক্ষীৰ এই লোকসকলৰ লগতে তেওঁলোকৰ পৰিয়ালবৰ্গকো সম্বর্ধনা জনোৱা হয় ।

অনুষ্ঠানত উগ্ৰপন্থীৰ গুলী আৰু বিস্ফোৰণত আহত কেইবাগৰাকী আৰক্ষীৰ লোকে সেই সময়ত সংঘটিত শিহৰণকাৰী ঘটনাৰ বিষয়ে বর্ণনা কৰাৰ লগতে নিজৰ অনুভৱখিনিও ব্যক্ত কৰে । অনুষ্ঠানটোত অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান (প্ৰশাসন) এম পি গুপ্তাই আদৰণি ভাষণ প্ৰদান কৰে । অনুষ্ঠানটো আঁত ধৰে আৰক্ষী উপ-মহাপৰিদৰ্শক (প্ৰশাসন) নিতুল গগৈয়ে ।

লগতে পঢ়ক : বেংগালুৰুত অসম ভৱন নিৰ্মাণস্থলী পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.