ETV Bharat / city

28 বৰ্ষত ভৰি দিলে ‘স্কুল অৱ ড্ৰামাই’ - School of Drama completed 28 years

স্কুল অৱ ড্ৰামাই 27 বৰ্ষ সম্পূৰ্ণ কৰাৰ ক্ষণত শনিবাৰে গুৱাহাটী প্ৰেছক্লাৱত স্কুল অৱ ড্ৰামাৰ অধ্যক্ষ মুন্না আহমেদৰ এক সংবাদমেল ৷ সাংবাদিক সকলৰ সৈতে মত বিনিময় অধ্যক্ষগৰাকীৰ ৷

School of Drama completed 27 years
School of Drama completed 27 years
author img

By

Published : Sep 5, 2020, 6:20 PM IST

গুৱাহাটী, 5 ছেপ্তেম্বৰ: 1992 চনৰ 5 ছেপ্তেম্বৰ দিনটোতেই জন্ম হৈছিল নাটকৰ বিদ্যালয় ‘স্কুল অৱ ড্ৰামাই’ ৷ শনিবাৰে স্কুল অৱ ড্ৰামাৰ 27 বৰ্ষ সম্পূৰ্ণ হোৱাৰ পৰিপেক্ষিতত গুৱাহাটী প্ৰেছক্লাৱত স্কুল অৱ ড্ৰামাৰ অধ্যক্ষ মুন্না আহমেদে এক সংবাদমেল সম্বোধন কৰি সাংবাদিক সকলৰ সৈতে মত বিনিময় কৰে ৷

28 বৰ্ষত ভৰি দিলে ‘স্কুল অৱ ড্ৰামাই’

উল্লেখ্য যে, নৱপ্ৰজন্মক নাটকৰ দিশত এখন মঞ্চ দিয়াৰ উদ্দেশ্যৰে আৰম্ভ কৰা এই নাট্য প্ৰতিষ্ঠানৰ পৰা বহুকেইগৰাকী অভিনেতা-অভিনেত্ৰীয়ে সফলতাৰে ধাৰাবাহিক, চিনেমাত সুযোগ লাভ কৰিছে ৷ লগতে এই বৰ্ষৰ নামভৰ্তি ইতিমধ্যে আৰম্ভ হৈছে বুলি সাংবাদিকৰ আগত জানিবলৈ দিয়ে স্কুল অৱ ড্ৰামাৰ অধ্যক্ষগৰাকীয়ে ৷

এই নাট্য প্ৰতিষ্ঠানৰ পৰা মন্মথ বৰুৱা, ভগৱৎ প্ৰীতম, জয়শ্ৰী গোস্বামী, জুপিতৰা ভূঞাকে আদি কৰি বহুকেইগৰাকী জনপ্ৰিয় অভিনতা-অভিনেত্ৰীয়ে প্ৰশিক্ষণ গ্ৰহণ কৰিছিল ৷

লগতে চাওক-সোমবাৰৰ পৰা মহানগৰীত নাপাব পেট্ৰ'ল আৰু ডিজেল !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.