ETV Bharat / city

বিশিষ্ট সমাজসেৱিকা ইভলিনটিছ চাজেমলৈ 2020 বৰ্ষৰ সতী ৰাধিকা বঁটা

author img

By

Published : Sep 3, 2020, 7:29 PM IST

স্ত্ৰী শিক্ষাৰ প্ৰসাৰৰ ক্ষেত্ৰত চাজেমে আগবঢ়োৱা অৱদানৰ বাবে সতী ৰাধিকা বঁটা প্ৰদান কৰা হয় । এই বঁটাত আছে 2 লাখ টকাৰ চেক, প্ৰশস্তিপত্ৰ, এখন শৰাই আৰু এখন অংগবস্ত্ৰ ।

Sati Radhika Award for the year 2020 to eminent social worker Evalentis Chajem

গুৱাহাটী, 3 ছেপ্তেম্বৰ: সমাজৰ কল্যাণৰ বাবে ওৰেটো জীৱন অক্লান্ত প্ৰচেষ্টা অব্যাহত ৰখা বিশিষ্ট সমাজসেৱিকা ইভলিনটিছ চাজেমলৈ আগবঢ়োৱা হৈছে 2020 বৰ্ষৰ সতী ৰাধিকা বঁটা । বুধবাৰে ৰাজ্য চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত অসম অনুসূচিত জাতি যুৱ ছাত্ৰ সন্থাৰ সহযোগত ৰবীন্দ্ৰ ভৱনত আয়োজিত এক অনুষ্ঠানত ইভলিনটিছ চাজেমক এই বঁটা প্ৰদান কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।

সতীত্বৰ আদৰ্শৰে জিলিকি থকা সতী ৰাধিকাৰ স্মৃতিত প্ৰতি বছৰে প্ৰদান কৰা হয় এই বঁটা । ইভলিনটিছ চাজেমলৈ আগবঢ়োৱা হৈছে 2020 বৰ্ষৰ সতী ৰাধিকা বঁটা ৷ এই বঁটাত আছে 2 লাখ টকাৰ চেক, প্ৰশস্তিপত্ৰ, এখন শৰাই আৰু এখন অংগবস্ত্ৰ ।

উল্লেখ্য যে, শিক্ষাৰ প্ৰতি সদায় আগ্ৰহী ইভলিনটিছ চাজেমে পাহাৰীয়া জিলা ডিমা হাচাওৰ দুৰ্গম অঞ্চলত দৈনিক 20 কিলোমিটাৰ খোজকাঢ়ি শিক্ষা গ্ৰহণৰ বাবে গৈছিল । কঠোৰ পৰিশ্ৰম তথা অধ্যৱসায়ৰ বলত লাভ কৰা এই শিক্ষাৰ পোহৰেৰে তেওঁ শিক্ষা লাভৰ পৰা বঞ্চিত লোককো আলোকিত কৰিছিল । সমাজৰ হিতৰ বাবে জীৱন উচৰ্গা কৰা এই গৰাকী মহিলাৰ কৰ্মৰাজীৰ প্ৰতি সন্মান জনাই ইভলিনটিছ চাজেমলৈ সতী ৰাধিকা বঁটা আগবঢ়োৱা হয় । বঁটা লাভ কৰাৰ পিছতে ৰাজ্য চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে ইভলিনটিছ চাজেমে । লগতে লক্ ডাউনৰ কঠিন পৰিস্থিতিৰ মাজতো চৰকাৰৰ বলিষ্ঠ পদক্ষেপৰ বাবে তেওঁৰ নিজৰ গাঁৱৰ কোনো লোকেই অনাহাৰে থাকিবলগীয়া হোৱা নাই বুলি মন্তব্য কৰে বিশিষ্ট সমাজসেৱিকাগৰাকীয়ে ।

লগতে চাওক-অভিৰুচি ক্ৰীড়া দিৱসত কি ক'লে ভোগেশ্বৰ বৰুৱাই...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.