নিউজ ডেস্ক, ২৫ আগষ্ট: বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাক বৃহস্পতিবাৰে সাক্ষাৎ কৰে কেন্দ্ৰীয় মন্ত্ৰী তথা জ্যেষ্ঠ বিজেপি নেতা সৰ্বানন্দ সোণোৱালে(Sarbananda Sonowal visit J P Nadda) । নাড্ডাৰ নতুন দিল্লীস্থিত বাসভৱনত হোৱা এই সাক্ষাৎকালত দলৰ বিভিন্ন সাংগঠনিক বিষয় আলোচিত হয় । দলৰ দায়িত্ব আৰু কাম-কাজ সুচাৰুৰূপে পালন কৰি যোৱাৰ ক্ষেত্ৰত সৰ্বানন্দ সোণোৱালক যাৱতীয় দিহা-পৰামৰ্শ আগবঢ়ায় জে পি নাড্ডাই(BJP National President J P Nadda) ।
এই সাক্ষাৎকালত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষগৰাকীৰ মাৰ্গদৰ্শনমৰ্মে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বলিষ্ঠ নেতৃত্বত দেশমাতৃ তথা দলৰ সেৱাত সেৱা আৰু সমৰ্পণৰ মনোভাৱেৰে কাম কৰি যাবলৈ দায়বদ্ধ আৰু প্ৰতিজ্ঞাবদ্ধ বুলি উল্লেখ কৰে ।
-
Glad to visit and extend my greetings to @BJP4India National President Shri @JPNadda ji at his residence in New Delhi. pic.twitter.com/6U12MNyjmg
— Sarbananda Sonowal (@sarbanandsonwal) August 25, 2022 " class="align-text-top noRightClick twitterSection" data="
">Glad to visit and extend my greetings to @BJP4India National President Shri @JPNadda ji at his residence in New Delhi. pic.twitter.com/6U12MNyjmg
— Sarbananda Sonowal (@sarbanandsonwal) August 25, 2022Glad to visit and extend my greetings to @BJP4India National President Shri @JPNadda ji at his residence in New Delhi. pic.twitter.com/6U12MNyjmg
— Sarbananda Sonowal (@sarbanandsonwal) August 25, 2022
উল্লেখ্য যে, কেইদিনমানৰ পূৰ্বে জে পি নাড্ডাৰ অধ্যক্ষতাত নৱগঠিত বিজেপিৰ কেন্দ্ৰীয় সংসদীয় ব'ৰ্ড আৰু কেন্দ্ৰীয় নিৰ্বাচনী সমিতিত অন্তৰ্ভুক্ত হৈছিল সৰ্বানন্দ সোণোৱালৰ নাম । ভাৰতীয় জনতা পাৰ্টিৰ নীতি-নিৰ্ধাৰণকাৰী এই সৰ্বোচ্চ সমিতিত দায়িত্ব পোৱা সোণোৱাল হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী ব্যক্তি(Central Minister Sarbananda Sonowal) ।
লগতে পঢ়ক : কৰ্মচাৰীক প্ৰহাৰ কৰা বিধায়কৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী কৰ্মচাৰী পৰিষদৰ