গুৱাহাটী, 1 ফেব্ৰুৱাৰীঃ মোডী চৰকাৰৰ দ্বিতীয় কাৰ্যকালৰ দ্বিতীয়খন বাজেটৰ পাচতেই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ প্ৰতিক্ৰিয়া । এই বাজেটৰ বাবে প্ৰধানমন্ত্ৰী আৰু নিৰ্মলা সীতাৰমণক ধন্যবাদ জ্ঞাপন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ এই বাজেটখনৰ আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ দিশটোৱে হৈছে কৃষি বিভাগ, ফিছাৰী ইত্যাদি ৷ যিয়ে নিম্ন মধ্যবিত্ত আৰু মধ্যশ্ৰেণীৰ লোকৰ বাবে উন্নয়নমূলক কাৰ্যকলাপ কৰাৰ বাবে পদক্ষেপ হাতত লৈছে বুলি উল্লেখ কৰে । ইয়াৰ লগতে আয়কৰ ক্ষেত্ৰত সকাহ পাব সাধাৰণ জনতাই বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে ।
অসমত জল বিকাশ মাৰ্গৰ যোগেদি শদিয়াৰ পৰা ধুবুৰী লৈ 2022 ভিতৰত সকলো কাৰ্য শেষ কৰাৰ কথা বাজেটত ঘোষণা কৰাক লৈ সন্তুষ্টি প্ৰকাশ কৰে মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ । জল পথ হোৱাৰ লগে লগে যাতায়ত ব্যৱস্থা সুচল হোৱাৰ লগতে পৰিবহণ ব্যৱস্থাত মাচুল কম হ’ব ৷ ইয়াৰ দ্বাৰা পোনপটীয়াকৈ লাভাম্বিত হ’ব সৰ্বসাধাৰণ ৰাইজ ।
ইপিনে ভাৰতবৰ্ষৰ 5 খন ঐতিহাসিক স্থানৰ ভিতৰত অসমৰ শিৱসাগৰ জিলাৰ নাম সন্নিৱিষ্ট হোৱাত সন্তুষ্টি প্ৰকাশ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে । এই বাজেটে ডিজিটেল যোগাযোগত প্ৰসাৰৰ পৰা আৰম্ভ কৰি ৰে’ল, পৰিবহণ বিভাগ সকলোতে নিম্ন পৰ্যায়ৰ পৰা উন্নয়ন হ’ব বুলি জানিবলৈ দিয়ে ।