বাইহাটা, 12 জুন : অসমৰ বাবে সুবিধাজনক নহয় ৰৰ জাহাজ । ব্ৰহ্মপুত্ৰত সুচল চলাচলৰ বাবে উপযোগী নহয় ৰৰ জাহাজ । যাৰ বাবে অসমলৈ অনা ৰৰ জাহাজ ওভতাই দিয়া হৈছে ৷ ৰৰ জাহাজৰ পৰিৱৰ্তে ৰোপেষ্ক জাহাজ চলোৱাৰ সিদ্ধান্ত অসম চৰকাৰৰ । শীঘ্ৰে কুৰিখনৰো অধিক ৰোপেষ্ক জাহাজ অসম পাবহি বুলি সদৰি কৰিলে পৰিবহন মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে ।
কামৰূপ জিলাৰ চাংসাৰিৰ ভাৰতীয় খাদ্য নিগমৰ গুদাম ঘৰ পৰিদৰ্শন কৰি মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীৰ ৰাজ্য বাবে পৰ্যাপ্ত খাদ্য সামগ্ৰী মজুত থকা বুলি সদৰি কৰে সংবাদ মাধ্যমত । বাঢ়নী পানী অথবা ক’ভিডপিষ্ট সময়ত খাদ্য সামগ্ৰী নাটনি অথবা পৰিবহনত যাতে কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি নহয় তাৰ প্ৰতি চৰকাৰে চোকা দৃষ্টি ৰখা বুলিও মত পোষণ কৰে মন্ত্ৰীগৰাকীয়ে ।
কৰ’ণা মহামাৰীৰ এই বিপদসংকুল সময়ত ট্ৰাক চালক হেণ্ডিমন সকলৰো শলাগ লয় কেবিনেত মন্ত্ৰী গৰাকীয়ে । চাংসাৰিৰ খাদ্য নিগমৰ গুদামৰ পৰা ৰাজ্য লগতে উত্তৰ-পূৱৰ বিভিন্ন ৰাজ্যলৈ খাদ্য সামগ্ৰী সৰবৰাহ কৰাৰ ক্ষেত্ৰত পৰিবহনৰকাৰী সকলে যাতে কোনো ধৰণৰ সমস্যাৰ সন্মুখীন নহয় তাৰ প্ৰতিও চৰকাৰে লক্ষ্য ৰাখিছে বুলি উল্লেখ কৰে কেবিনেট মন্ত্ৰী গৰাকীয়ে ।
চাংসাৰিৰ খাদ্য নিগমৰ গুদামৰ লগতে ষ্টেচন পৰিদৰ্শন কৰি মন্ত্ৰী গৰাকীয়ে ৰাজ্যত নৈ পৰিবহনৰ ক্ষেত্ৰত আমোল পৰিৱৰ্তন হ’ব বুলিও সংবাদ মাধ্যমক জানিব দিয়ে । শীঘ্ৰে ৰাজ্যৰ পাৰঘাটসমূহ আধুনিকীকৰণ মত প্ৰকাশ কৰে কেবিনেট মন্ত্ৰীগৰাকীয়ে । ৰেল ষ্টেচনৰ লেখিয়া সকলো সা-সুবিধা উপলব্ধ কৰা হ’ব বুলিও উল্লেখ কৰে কেবিনেট মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে ৷
লগতে পঢ়ক : "আপোন ঘৰ"-"বিদ্যালক্ষ্মী"য়ে লগাইছে পয়মাল