ETV Bharat / city

অসমীয়া খিলঞ্জীয়া মুছলমানৰ স্বীকৃতি: মিশ্ৰিত প্ৰতিক্ৰিয়া ৰাজ্যৰ মুছলমান সমাজৰ - Reaction to recognition of Assamese Muslims

অসমত বসবাস কৰা মুছলমান সম্প্ৰদায়ৰ গৰিয়া, মৰিয়া, দেশী, জলহা আৰু চৈয়দ উপ-গোটক অসমীয়া খিলঞ্জীয়া মুছলমানৰ স্বীকৃতি (Assamese Muslims recognised as a distinct indigenous community)। ৰাজ্য চৰকাৰে গঠন কৰি দিয়া ৭ টা/উপগোট সমিতিৰ পৰামৰ্শ অনুসৰি উক্ত পাঁচটা অসমীয়া মুছলমান উপগোটক খিলঞ্জীয়া অসমীয়া মুছলমান সম্প্ৰদায় হিচাপে চিহ্নিত কৰাত কেবিনেটে অনুমোদন জনায় । ৰ‍াজ্যিক কেবিনেটৰ সিদ্ধান্তকলৈ ৰাজ্যজুৰি মিশ্ৰিত প্ৰতিক্ৰিয়া ।

Reaction on declaration of Assamese indigenous Muslims

author img

By

Published : Jul 6, 2022, 7:57 PM IST

গুৱাহাটী, 6 জুলাই: পবিত্ৰ ঈদ-উজ-জোহাৰ পূৰ্বে অসমৰ অসমত বসবাস কৰা মুছলমান সম্প্ৰদায়ৰ পাঁচটা উপ-গোটক অসমীয়া খিলঞ্জীয়া মুছলমানৰ স্বীকৃতি দিলে অসম কেবিনেটে (Assamese Muslims recognised as a distinct indigenous community)। মুছলমান সম্প্ৰদায়ৰ গৰিয়া, মৰিয়া, দেশী, জলহা আৰু চৈয়দসকলক অসমীয়া খিলঞ্জীয়া মুছলমানৰ স্বীকৃতি দিয়া হৈছে । ৰ‍াজ্যিক কেবিনেটৰ এই সিদ্ধান্তকলৈ ৰাজ্যজুৰি মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

উল্লেখ্য যে ৰাজ্য চৰকাৰে গঠন কৰি দিয়া ৭টা উপগোট/সমিতিৰ পৰামৰ্শ অনুসৰি উক্ত পাঁচটা অসমীয়া মুছলমান উপ-গোটক খিলঞ্জীয়া অসমীয়া মুছলমান সম্প্ৰদায় হিচাপে চিহ্নিত কৰাত কেবিনেটে অনুমোদন জনায় । ৰাজ্য চৰকাৰৰ এই পদক্ষেপে অসমীয়া খিলঞ্জীয়া মুছলমানসকলৰ স্বাস্থ্য সেৱা, সাংস্কৃতিক পৰিচয়, শিক্ষা, বিত্তীয় অন্তর্ভুক্তি, দক্ষতা বিকাশ আৰু মহিলা সৱলীকৰণৰ ক্ষেত্রত সর্বাংগীণ বিকাশ নিশ্চিত কৰিব বুলি আশা কৰা হৈছে (Development of Assamese Muslims)।

অসমীয়া খিলঞ্জীয়া মুছলমানৰ স্বীকৃতি

বিগত এপ্ৰিল মাহত খিলঞ্জীয়া অসমীয়া মুছলমান সকলৰ সামগ্ৰিক বিকাশ আৰু উন্নয়ন সাধনৰ ক্ষেত্রত বিভিন্ন দিহা-পৰামৰ্শ আগবঢ়াবলৈ অসম চৰকাৰে গঠন কৰি দিয়া ৭খন উপ সমিতিয়ে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত তেওঁলোকৰ প্ৰতিবেদন দাখিল কৰিছিল ।

বিশিষ্ট সাংবাদিক আৰু লেখক ৱাজবিৰ হুছেইনৰ নেতৃত্বত সাংস্কৃতিক পৰিচয় বিষয়ক উপ-সমিতিয়ে অসমীয়া মুছলমান সমাজৰ অনন্য সংস্কৃতি আৰু ঐতিহ্য সুৰক্ষিত কৰাৰ বাবে কেইবাটাও পৰামৰ্শ আগবঢ়াইছিল । এই উপ-সমিতিয়ে ৰাজ্য চৰকাৰক এক চৰকাৰী জাননী জাৰি কৰি অসমীয়া মুছলমানসকলক ৰাজ্যখনৰ এক থলুৱা অসমীয়া-ভাষী সম্প্ৰদায় হিচাপে স্বীকৃতি দিবলৈ পৰামৰ্শ আগবঢ়াইছিল । চৰকাৰী অধিসূচনাখনৰ জৰিয়তে খিলঞ্জীয়া অসমীয়া মুছলমানৰ পাঁচটা উপ-গোট ক্ৰমে চৈয়দ, গৰিয়া, মৰিয়া, দেশী আৰু জলহাক স্বীকৃতি দিবলৈ সাংস্কৃতিক পৰিচয় বিষয়ক উপ-সমিতিয়ে চৰকাৰক আহ্বান জনাইছিল ।

Reaction on declaration of Assamese indigenous Muslims
পাঁচটা উপ-গোটক অসমীয়া খিলঞ্জীয়া মুছলমানৰ স্বীকৃতি ৰাজ্য চৰকাৰৰ

উল্লেখ্য যে, ২০২১ চনত সংখ্যালঘুৰ কল্যাণ আৰু উন্নয়ন বিভাগে গঠন কৰা উপ-সমিতিসমূহে শ শ বছৰ ধৰি অসমত বাস কৰি অহা খিলঞ্জীয়া অসমীয়া মুছলমান সম্প্ৰদায়ৰ সাংস্কৃতিক পৰিচয়, শিক্ষা, জনসংখ্যা নিয়ন্ত্ৰণ, স্বাস্থ্যসেৱা, বিত্তীয় অন্তৰ্ভুক্তি, দক্ষতা বিকাশ আৰু মহিলা সৱলীকৰণ সন্দৰ্ভত বিস্তৃতভাৱে অধ্যয়ন কৰিছিল । তাৰ পাছত ৭ খন উপ সমিতিয়ে প্ৰতিবেদন দাখিল কৰিছিল ।

সেই প্ৰতিবেদনৰ পৰামৰ্শৰ ভিত্তিত ৰাজ্যিক কেবিনেটে পাঁচটা উপ-গোটক স্বীকৃতি প্ৰদান কৰে । এই পাঁচটা উপ-গোটক প্ৰদান কৰা স্বীকৃতিক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰদেশ কংগ্ৰেছে ।

কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰকিবুল হুছেইনে প্ৰশ্ন কৰি কয় যে, আগতে তেওঁলোক খিলঞ্জীয়া নাছিল নেকি ? তাৰ মানে চৈয়দ আব্দুল মালিক আগতে খিলঞ্জীয়া নাছিল নেকি ? চৰকাৰৰ কেবিনেটত সিদ্ধান্ত ল’লেহে খিলঞ্জীয়া হ’ব নেকি বুলি প্ৰশ্ন কৰি তেওঁ কয় যে, এতিয়ালৈকে খিলঞ্জীয়াৰ সংজ্ঞাই নিৰূপন হোৱা নাই । আগতে এই পাঁচটা জনগোষ্ঠী খিলঞ্জীয়া নাছিল নেকি বুলি তেওঁ প্ৰশ্ন কৰে (Rokibul Hussain on indigenous recognition of Assamese Muslims)।

গৰিয়া উন্নয়ন পৰিষদৰ অধ্যক্ষ হাফিজুল আহমেদে কয়,"আমি ২০০৬ চনৰ পৰা আমাৰ সম্প্ৰদায়সমূহৰ বাবে পৃথক শ্ৰেণীবিভাজনৰ দাবী কৰি আহিছো । কিন্তু যিহেতু তেনে কোনো বিষয় নাছিল, আমি বঙালী ভাষী মুছলমানসকলৰ সৈতে একে হৈ পৰিছিলোঁ আৰু উপেক্ষিত হৈছিলো । আজিৰ সিদ্ধান্তৰ বাবে আমি চৰকাৰক ধন্যবাদ জনাইছো" ।

কেইবা বছৰ ধৰি, অসমৰ থলুৱা মুছলমানসকলে এক পৃথক শ্ৰেণীবিভাজন বিচাৰি আছে ৷ তেওঁলোকক পূৱ পাকিস্তানৰ (বৰ্তমান বাংলাদেশ) পৰা ৰাজ্যলৈ প্ৰব্ৰজন কৰা মুছলমানসকলৰ পৰা পৃথক কৰি স্বীকৃতি প্ৰদানৰ বাবে দাবী জনাই আহিছিল ।

2011 চনৰ লোকপিয়ল অনুসৰি, অসমত 10.67 নিযুতৰো অধিক মুছলমান আছে । পূব বংগ বা বাংলাদেশৰ পৰা প্ৰব্ৰজন কৰা বঙালী ভাষী মুছলমানসকলৰ বিপৰীতে, থলুৱা অসমীয়া মুছলমানসকলে অসমীয়াক মাতৃভাষা হিচাপে ব্যৱহাৰ কৰে আৰু অসমীয়া লোকৰৰ দৰে সাংস্কৃতিক পৰম্পৰা আৰু উৎসৱ পালন কৰে ।

বিশিষ্ট অধিবক্তা নেকিবুৰ জামানে কয়, "আমি অসমত এক আণুবীক্ষণিক সংখ্যালঘু আৰু ৰাজ্যখনৰ থলুৱা লোক হোৱা স্বত্বেও কোনো সুবিধা লাভ কৰা নাই । এই সিদ্ধান্তটো আমাৰ বাবে এক ঐতিহাসিক সিদ্ধান্ত আৰু ই আমাৰ সম্প্ৰদায়সমূহৰ পৃথক লোকপিয়লৰ পথ প্ৰশস্ত কৰিব" । মুঠতে চৰকাৰৰ এই সিদ্ধান্তৰ প্ৰতি ৰাজ্যৰ একাংশ মুছলমান লোকে অসন্তুষ্টি প্ৰকাশ কৰিলেও কিন্তু দীৰ্ঘদিনৰ পাৰ দাবী তুলি অহা অসমীয়াভাষী মুছলমান সকলে এই সিদ্ধান্তৰ সমৰ্থন জনাইছে ৷

লগতে পঢ়ক : লেপটপ নিদিয়ে: ৰাজ্যিক কেবিনেটত গ্ৰহণ কৰা হ'ল আন কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.