ETV Bharat / city

বান অভিযানত শিক্ষকৰ নিয়োগঃ শিক্ষাবিদৰ প্ৰতিক্ৰিয়া - বিশিষ্ট শিক্ষাবিদ অনংগ কুমাৰ নাথ

শুক্ৰবাৰে অসম ৰাজ‍্যিক দুৰ্যোগ ব‍্যৱস্থাপনা বিভাগে বিদ্যালয়, মহাবিদ্যালয়ৰ শিক্ষকসকলক বান সাহাৰ্য আৰু উদ্ধাৰ অভিযানত নিয়োগ হ'বৰ বাবে নিৰ্দেশনা জাৰি কৰে । ইয়াক লৈ এতিয়া অসন্তুষ্টি ব‍্যক্ত কৰিছে ৰাজ্যৰ শিক্ষক সমাজে ।

বান অভিযানত শিক্ষকৰ নিয়োগঃ শিক্ষাবিদৰ প্ৰতিক্ৰিয়া

author img

By

Published : Jun 1, 2020, 5:37 PM IST

Updated : Jun 1, 2020, 7:57 PM IST

গুৱাহাটী, 1 জুনঃ ৰাজ্যৰ বান পৰিস্থিতি ক্ৰমাৎ অৱনতি ঘটিছে ৷ এনে অৱস্থাত শুকুৰবাৰে অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা বিভাগে বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ শিক্ষকসকলক নিয়োগ কৰাৰ বাবে এক নিৰ্দেশনা জাৰী কৰে ৷ অসম ৰাজ‍্যিক দুৰ্যোগ ব্যৱস্থাপনা বিভাগে বিদ্যালয়, মহাবিদ্যালয়ৰ শিক্ষকসকলক বান সাহাৰ্য আৰু উদ্ধাৰ অভিযানত নিয়োগ হ'বৰ বাবে জাৰি কৰে এই নিৰ্দেশনা । ইয়াকে লৈ অসন্তুষ্টি ব‍্যক্ত কৰিছে ৰাজ্যৰ একাংশ শিক্ষকে ।

বান অভিযানত শিক্ষকৰ নিয়োগঃ শিক্ষাবিদৰ প্ৰতিক্ৰিয়া

উল্লেখযোগ্য যে কৰ'ণা মহামাৰীৰ ফলত দীঘলীয়া পৰ্যায়ৰ লকডাউনত দেশৰ লগতে ৰাজ‍্যৰ সকলো শিক্ষানুষ্ঠান মাৰ্চ মাহৰ শেষৰ পৰা প্ৰায় দুমাহ ধৰি সম্পূৰ্ণ ৰূপে বন্ধ হৈ আছে । যাৰ ফলত শিক্ষাৰ্থীসকলক অনলাইন যোগে পাঠদান কৰা হৈছে ।

কিন্তু চৰকাৰে হঠাৎ জাৰী কৰা এই নিৰ্দেশনাই বিপাঙত পেলাইছে শিক্ষকসকলক । পঞ্চম পৰ্যায়ৰ লকডাউনৰ পাছত পৰ্যায়ক্ৰমে বিদ্যালয়, মহাবিদ্যালয়সমূহ খোলাৰ কথাও ঘোষণা কৰিছে চৰকাৰে । এনে অৱস্থাত বান সাহাৰ্য আৰু উদ্ধাৰ অভিযানত শিক্ষকসকলক নিয়োজিত কৰিবৰ বাবে অসম ৰাজ‍্যিক দুৰ্যোগ ব্যৱস্থাপনা বিভাগে জিলা প্ৰশাসনসমূহলৈ জাৰী কৰা এই নিৰ্দেশনাক লৈ আপত্তি দৰ্শাইছে শিক্ষকসকলে ৷

লগতে পঢ়কঃ ভয়াৱহ বানৰ কৱলত ৰাজ্যঃ 7গৰাকীৰ মৃত্যু, লক্ষাধিক ক্ষতিগ্ৰস্থ

Last Updated : Jun 1, 2020, 7:57 PM IST

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.