গুৱাহাটী, ৫ অক্টোবৰ: ৰাজ্যৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণৰ কাৰ্যকাল শেষ হোৱাৰ পথত । ৩১ অক্টোবৰত মুখ্য সচিবগৰাকীয়ে চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰিব যদিও পুনৰ ছমাহৰ বাবে তেওঁৰ কাৰ্যকাল ৰাজ্য চৰকাৰে বৃদ্ধি কৰাটো প্ৰায় চূড়ান্ত হৈছে ।
মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰে এক শীৰ্ষ সূত্ৰই প্ৰকাশ কৰা মতে, যিহেতু ৰাজ্যৰ বিধানসভা নিৰ্বাচন সমাগত । নিৰ্বাচনলৈ মাজত মাত্ৰ পাঁচ-ছমাহহে বাকী আছে, তেনেক্ষেত্ৰত স্বয়ং মুখ্যমন্ত্ৰীয়েই কুমাৰ সঞ্জয় কৃষ্ণৰ কাৰ্যকাল পুনৰ ছমাহলৈ বৃদ্ধি কৰাৰ পোষকতা কৰিছে । এই কথাও একে সময়তে মন কৰিবলগীয়া যে, মুখ্য সচিবগৰাকী মুখ্যমন্ত্ৰীৰ অতিকে ঘনিষ্ঠ । গতিকে নিৰ্বাচনৰ ঠিক আগে আগে আন কোনো শীৰ্ষ প্ৰশাসনিক বিষয়াক এই গুৰুত্বপূৰ্ণ পদবীত বহুৱাব খোজা নাই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । যাৰ ফলস্বৰূপে কুমাৰ সঞ্জয় কৃষ্ণৰ কাৰ্যকাল ছমাহৰ বাবে বৃদ্ধি কৰাৰ প্ৰক্ৰিয়া ইতিমধ্যে দিছপুৰত আৰম্ভ হৈছে ।
উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বেও কংগ্ৰেছ চৰকাৰৰ পোন্ধৰ বছৰীয়া শাসনকালতো অৱসৰৰ পিছত দুগৰাকীকৈ মুখ্য সচিবৰ কাৰ্যকাল বৃদ্ধি কৰা হৈছিল । তেওঁলোক আছিল নৱ কুমাৰ দাস আৰু ভি কে পিপাৰছেনীয়া । আনহাতে, পৰৱৰ্তী মুখ্য সচিব পদৰ বাবে জ্যেষ্ঠতাৰ ফালৰ পৰা বৰ্তমানৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণৰ পিছতে আছে সম্প্ৰতি অতিৰিক্ত মুখ্য সচিব ৰূপে কাৰ্যনিৰ্বাহ কৰি থকা জিষ্ণু বৰুৱাৰ নাম ।
লগতে পঢ়ক : ৰাজ্যজুৰি ভূমিহীন খিলঞ্জীয়া হিতাধিকাৰীলৈ ভূমিপট্টা আৰু আৱণ্টন পত্ৰ প্ৰদান