গুৱাহাটী, 11 নৱেম্বৰ: সোমবাৰে পুৱাই কামাখ্যা ধামত উপস্থিত হয় দেশৰ মুখ্য ন্যায়াধীশগৰাকী । পত্নীসহ মা কামাখ্যাৰ আশিস লয় মুখ্য ন্যায়াধীশগৰাকীয়ে । মুখ্য ন্যায়াধীশগৰাকীৰ কামাখ্যা মন্দিৰ দৰ্শনৰ সময়চোৱাত সমগ্ৰ মন্দিৰ চৌহদত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হয় ।
মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈক আদৰণি জনাই জিলা উপায়ুক্ত বিশ্বজিৎ পেগু, চক্ৰবিষয়া দামোদৰ বৰ্মন, আৰক্ষী আয়ুক্ত দীপক কুমাৰকে ধৰি বহু আৰক্ষী-প্ৰশাসনৰ শীৰ্ষ পৰ্যায়ৰ বিষয়াসকলে । ইফালে মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ পিছতে মা কামাখ্যা দৰ্শনৰ বাবে আহে দেশৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ ছাৰাদ অৰবিন্দ বোবড়ে ৷
দীৰ্ঘদিনৰ পৰা ৰাম জন্মভূমি আৰু বাবৰি মছজিদ লৈ চলি থকা অযোধ্যা ৰায়দানৰ পাচতেই দেওবাৰে অসমলৈ আহিছিল উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশগৰাকী ৷ মাছখোৱাস্থিত প্ৰাগজ্যোতিষ সাংস্কৃতিক প্ৰকল্পত অনুষ্ঠিত এক গ্ৰন্থ উন্মোচনী সভাত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে গুৱাহাটীত উপস্থিত হৈছিল দেশৰ মুখ্য ন্যায়াধীশগৰাকী ।
উল্লেখ্য যে, ইয়াৰ পাচতে আৰু 5 টা দেশৰ গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত ৰায়দান প্ৰদান কৰিব ন্যায়াধীশগৰাকীয়ে ৷ ইয়াৰ ভিতৰত আছে ৰাফেল কেলেংকাৰী, সাবৰিমালা মন্দিৰ বিৰ্তক ইত্যাদি ৷
লগতে চাওক- মুকলি হ'ল ৰনবীৰ সিঙৰ নতুন ছবি ‘83’ ৰ নতুন প’ষ্টাৰ