গুৱাহাটী, 10 ছেপ্তেম্বৰ : ৰে’ল যাত্ৰীৰ বাবে সুঃখবৰ । অহা 12 ছেপ্তেম্বৰৰ ভাৰতবৰ্ষত আৰম্ভ হ’ব নতুনকৈ 80 খন বিশেষ ৰে’লৰ চলাচল ৷ ইয়াৰে ৰাজ্যৰ পৰা আৰম্ভ হ'ব চাৰিখন দূৰণীবটীয়া যাত্ৰীবাহী ৰে’ল সেৱা । কৰ’ণা মহামাৰীৰ বাবে মাৰ্চ মাহৰ পৰাই দেশৰ লগতে ৰাজ্যত বন্ধ হৈ আছিল যাত্ৰীবাহী ৰে’ল সেৱা ।
দ্বিতীয় পৰ্যায়ৰ লক্ ডাউনৰ পাচৰে পৰাই গুৱাহাটীৰ পৰা দিল্লীলৈ চলাচল কৰি আছে ৰাজধানী এক্সপ্ৰেছ, ব্ৰহ্মপুত্ৰ মেইল আৰু গুৱাহাটীৰ পৰা মুম্বাইলৈ চলি আছে লোকমান্য তিলক । ঠিক তেনেকৈ এই তিনিখন ৰে’ল দিল্লী আৰু মুম্বাইৰ পৰা গুৱাহাটী হৈ ডিব্ৰুগড়লৈ চলাচল কৰিব । বৰ্তমানে উত্তৰ-পূৱ সীমান্ত ৰে’লৱেৰ পৰা মুঠ আঠখন যাত্ৰীবাহী ৰে’লৰ চলাচল অব্যাহত আছে ।
উত্তৰ-পূৱ সীমান্ত ৰে’লৱেৰ জনসম্পৰ্কৰক্ষী বিষয়া নৃপেন ভট্টাচাৰ্যই জানিব দিয়া মতে, অহা 12 ছেপ্তেম্বৰৰ পৰা ডিব্ৰুগড়ৰৰ পৰা অমৃতসৰলৈ (সাপ্তাহিক), ঠিক তেনেকৈ সপ্তাহত তিনিদিন অমৃতসৰৰ পৰা ডিব্ৰুগড় লৈ চলাচল কৰিব যাত্ৰীবাহী ৰে’ল ৷ লগতে গুৱাহাটী-বাংগালুৰু লৈ (সপ্তাহত তিনি দিন), ডিব্ৰুগড়-লালগঁড় (ৰাজস্থান) লৈ প্ৰতিদিনে আৰু আগৰতলাৰ পৰা দেওঘৰ লৈ (সাপ্তাহিক) যাত্ৰীবাহী ৰে’ল চলাচল কৰিব । অহা 12 ছেপ্তেম্বৰৰ পৰা উত্তৰ-পূৱ সীমান্ত ৰে’লৱেৰ পৰা মুঠ 12 খন যাত্ৰীবাহী ৰে’লৰ চলাচল কৰিব বুলি জানিবলৈ দিয়ে ভট্টাচাৰ্যই ৷
আনহাতে ভাৰতবৰ্ষত নতুনকৈ মুঠ 80 খন বিশেষ ৰে’ল চলাচল কৰিব ৷ ইয়াৰ লগে-লগে ভাৰতত মুঠ 310 খন যাত্ৰীবাহী দূৰণীবটীয়া ৰে’ল চলাচল কৰিব অহা 12 ছেপ্তেম্বৰৰ পৰা । ইতিমধ্যে এই ৰে’লসমূহৰ টিকট বৃহস্পতিবাৰৰ যাত্ৰীৰ বাবে মুকলি কৰি দিয়া হৈছে বুলি জানিবলৈ দিয়ে বিষয়াগৰাকীয়ে ।
অৱশ্যে,ৰাজ্যৰ স্থানীয় যাত্ৰীবাহী ৰে’ল চলাচলৰ বিষয়ে চৰকাৰ তথা ৰে’ল মন্ত্ৰণালয়ৰ পৰা কোনো নিৰ্দেশ লাভ কৰা নাই বুলি উল্লেখ কৰে । অনাগত দিনত চৰকাৰ তথা তথা ৰে’ল মন্ত্ৰণালয়ৰ পৰা নিৰ্দেশ পালেই স্থানীয় যাত্ৰীবাহী ৰে’ল চলাচলৰ আৰম্ভ কৰা হ’ব বুলি জানিবলৈ দিয়ে ৷
লগতে চাওক-লুইতত সাঁতোৰ মাৰিবলৈ আহি আছে ৰ'পেক্স