ETV Bharat / city

উপ-নিৰ্বাচনত বিৰোধী দলসমূহক উমৈহতীয়া প্ৰাৰ্থী দিয়াৰ আহ্বান ৰাইজৰ দলৰ

author img

By

Published : Aug 3, 2021, 9:39 PM IST

বিজেপিক (BJP) প্ৰতিহত কৰাৰ বাবে এআইইউডিএফ দলক বাদ দি উপ-নিৰ্বাচনত বিৰোধীৰ উমৈহতীয়া এজন প্ৰাৰ্থী দিয়াৰ ক্ষেত্রত কংগ্ৰেছে আগভাগ লওক । সংবাদমেলত ৰাইজৰ দলৰ নেতৃত্বই পুনৰ আহ্বান জনোৱা দেখা যায় ৷

উপ-নিৰ্বাচনত বিৰোধী দলসমূহক উমৈহতীয়া প্ৰাৰ্থী দিয়াৰ আহ্বান ৰাইজৰ দলৰ
উপ-নিৰ্বাচনত বিৰোধী দলসমূহক উমৈহতীয়া প্ৰাৰ্থী দিয়াৰ আহ্বান ৰাইজৰ দলৰ

গুৱ‍াহাটী, ৩ আগষ্ট : ৰাজ্যত অনুষ্ঠিত হ'বলগীয়া উপ-নিৰ্ব‍াচনত (by elections) ৰাজ্যৰ বিৰোধী দলসমূহক বিজেপিৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে যুঁজ দিয়াৰ বাবে পুনৰ আহ্বান জনালে ৰাইজৰ দলে (RAIJOR DOL) । মঙলবাৰে গুৱাহাটীৰ মঠঘৰীয়াস্থিত ৰাইজৰ দলৰ মুখ্য কাৰ্যালয়ত আয়োজন কৰা এখন সংবাদমেলত দলটোৰ সাধাৰণ সম্পাদক কমল কুমাৰ মেধি (kamal kumar medhi) আৰু উপ-সভাপতি ৰাছেল হুছেইনে কয়, এই উপ-নিৰ্বাচনে চৰকাৰ গঠন কৰাৰ ক্ষেত্ৰত কোনো প্ৰভাৱ নেপেলায় যদিও অসমৰ ভৱিষ্যত ৰাজনৈতিক প্ৰেক্ষাপটত এই নিৰ্বাচনৰ যথেষ্ট গুৰুত্ব আছে ।

কংগ্ৰেছ দলৰ শেহতীয়া স্থিতিত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰাইজৰ দলৰ নেতাদ্বয়ে কয়, ২ আগষ্টত প্ৰদেশ কংগ্ৰেছৰ (congress) কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীয়ে বিৰোধীৰ উমেহতীয়া প্ৰাৰ্থী প্ৰক্ষেপৰ ধাৰণাটো নসাৎ কৰি আকস্মিকভাৱে ঘোষণা কৰিলে যে, উপ-নিৰ্বাচনত কংগ্ৰেছ দলে প্ৰতিটো সমষ্টিতে নিজাববীয়া প্ৰাৰ্থী প্ৰক্ষেপ কৰিব । এই ঘোষণাৰ দ্বাৰা বিৰোধীৰ ঐক্যৰ সম্ভাৱনাক কংগ্ৰেছ একেবাৰে নসাৎ কৰিলে ।

বিৰোধী দলসমূহে নিজাকৈ প্ৰাৰ্থী দিলে বিজেপি লাভবান হ'ব । আমি ৰাইজৰ দলে প্ৰতিটো সমষ্টিত উমৈহতীয়া একোজন প্ৰাৰ্থী দিয়াটো বিচাৰো । ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে বিজেপিক প্ৰতিহত কৰাৰ স্বাৰ্থত উপ-নিৰ্বাচনত বিৰোধীৰ ঐক্যৰ পোষকতা আৰম্ভণিতে কৰিছিল । প্ৰদেশ কংগ্ৰেছৰ তদানীন্তন সভাপতি ৰিপুণ বৰায়েও অখিল গগৈৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাইছিল ।

আমি পুনৰ আহ্বান জনাইছো যে, বিজেপিক প্ৰতিহত কৰাৰ বাবে এআইইউডিএফ দলক বাদ দি উপ-নিৰ্বাচনত বিৰোধীৰ উমৈহতীয়া এজন প্ৰাৰ্থী দিয়াৰ ক্ষেত্ৰত কংগ্ৰেছক আগভাগ লওক । আমি কোনো কাৰণতে সাম্প্ৰদায়িক এআইইউডি এফ দলক মিত্ৰতাত থকাটো নিবিচাৰো । আমাৰ স্থিতি এটাই । নেতাদ্বয়ে লগতে আৰু কয় যে, বিধানসভা নিৰ্বাচনৰ পূৰ্বেও ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে ফেচিষ্ট বিজেপিক প্ৰতিহত কৰাৰ স্বাৰ্থত সন্মিলিত বিৰোধী ঐক্যৰ পোষকতা কৰিছিল ।

লগতে এইটোও স্পষ্ট কৰিছিল যে, এটা সাম্প্ৰদায়িক শক্তিক প্ৰতিহত কৰাৰ স্বাৰ্থত এআইইউডিএফ-ৰ দৰে সাম্প্ৰদায়িক শক্তিক এই মিত্ৰতাৰ পৰা আঁতৰত ৰাখিব লাগিব । ৰাইজৰ দলৰ এই স্থিতিৰ বাবে সেইসময়ত অসমৰ বহুকেইগৰাকী বুদ্ধিজীৱী আৰু একাংশ লোকে ৰাইজৰ দলক সমালোচনা কৰিছিল ।

যাৰ ফলত বিৰোধী ঐক্যবদ্ধ নহ'ল । কিন্তু ৰাইজৰ দলৰ স্থিতি যে বাস্তৱ সন্মত আছিল সেই কথা নিৰ্বাচনৰ পৰবৰ্ত্তী সময়ত প্ৰমাণিত হ'ল । সংবাদমেলযোগে কংগ্ৰেছ দলক এক বাস্তৱসন্মত দৃষ্টিভংগীৰে বিৰোধী ঐক্য গঠনত আগভাগ ল'বলৈ ৰাইজৰ দলে পুনৰ আহ্বান জনোৱা দেখা গ’ল ৷

লগতে পঢ়কঃ ১৫ আগষ্টৰ পৰা উপলব্ধ হ'ব Ola ৰ বৈদ্যুতিক স্কুটাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.