দক্ষিণ কামৰূপ, 23 এপ্ৰিল : নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ অসমলৈ অহা প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙক আদৰিবলৈ বৰঝাৰ বিমানবন্দৰত উপস্থিত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ লগতে বিৰোধী দলপতি দেব্ৰবত শইকীয়া ৷ বিমানবন্দৰত উপস্থিত হৈ ৰিপুন বৰাৰ বিষ্ফোৰক মন্তব্য , ৰাহুল গান্ধীয়ে মোডীক কোনোধৰণৰ ক্ষমা খোজা নাই, উচ্চতম ন্যায়ালয়ত নিজৰ পক্ষত মতহে দাঙি ধৰিছে ৰাহুল গান্ধীয়ে ৷
ইপিনে সোমবাৰে কলিকতাত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে প্ৰথমে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত তাৰ পাচতহে এন আৰ চিৰ কাম হ'ব বুলি কৰা মন্তব্যক অগণতান্ত্ৰিক, অসাংবিধানিক বুলি মন্তব্য কৰে ৰিপুন বৰাই ৷