আজাৰা, 22 নৱেম্বৰ: অসম ৰাজ্যিক ৰাজধানী ক্ষেত্ৰ উন্নয়ণ প্ৰাধিকৰণ(ASCRDA) আইন ২০১৭ক লৈ পুনৰ উত্তাল হৈছে বৃহত্তৰ ৰাভা হাছং অঞ্চল ৷ বিলখনৰ বিৰোধিতাৰে অঞ্চলটোত বৰ্তমানেও অব্যাহত আছে ইটোৰ পিছত সিটো প্ৰতিবাদী কাৰ্যসূচী ৷ শুকুৰবাৰে পলাশবাৰী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় উত্তাল কৰি তুলিলে কামৰূপ জিলা ৰাভা ছাত্ৰ সন্থা,কামৰূপ জিলা ৰাভা মহিলা পৰিষদ,কামৰূপ জিলা ষষ্ঠ অনুসূচী দাবী সমিতি,কামৰূপ জিলা ৰাভা সাহিত্য সভা,কামৰূপ জিলা ৰাভা জাতীয় পৰিষদকে ধৰি কেইবাটাও ৰাভা জাতীয় সংগঠনে ৷ প্ৰতিবাদকাৰী সকলে ৰাভা হাছং এলেকালৈ জি এম ডি এ সম্প্ৰসাৰণৰ বিৰোধিতাৰে ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ চৌহদত উন্নয়নৰ নামত পুঁজিপতিক ভূমি হস্তান্তৰৰ ষড়যন্ত্ৰ বন্ধ কৰক,বিজেপি চৰকাৰ হায় হায়,অসম চৰকাৰ হায় হায়,খিলঞ্জীয়াৰ অধিকাৰ সুৰক্ষিত কৰক,আদি ধ্বনিৰে দুই ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে ৷ লগতে প্ৰতিবাদকাৰী সকলে নিজে প্ৰতিশ্ৰুতি ৰক্ষা কৰিব নোৱাৰা বহুবল্কী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সকিয়নী প্ৰদান কৰে ৷
উল্লেখযোগ্য যে, ৰাভা হাছং জনজাতি আবেষ্টনী আৰু খণ্ড এলেকাক জি এম ডি এত অন্তৰ্ভুক্তিৰ বিৰোধিতাৰে যোৱা ২০১৭ বৰ্ষৰ ৭ অক্টোবৰত চৰকাৰলৈ ৰাভা জাতীয় সংগঠনে স্মাৰক পত্ৰ প্ৰদান কৰিছিল ৷ পাছত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যোৱা লোকসভাৰ নিৰ্বাচনৰ ৰাভা হাছং এলেকা ভ্ৰমণ কৰি বাসিন্দা সকলক ৰাভা হাচং এলেকাৰ এখনো গাঁও ASCRDA ত অন্তৰ্ভুক্ত নহয় বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল ৷ কিন্তু শেহতীয়াকৈ ৰাভা হাছং এলেকাৰ কেইবাখনো গাঁৱৰ নাম জি এম ডি এত অন্তৰ্ভুক্ত হোৱাত ৰাভা হাছঙৰ লোকসকল ক্ষুব্ধ হৈ পৰিছে ৷ ইফালে প্ৰতিবাদকাৰী সকলে চৰকাৰক অতি শীঘ্ৰে ৰাভা হাছং এলেকাৰ অঞ্চল জি এম ডি এৰ মানচিত্ৰৰ পৰা আতৰ কৰিবলৈ সকিয়নী প্ৰদান কৰিছে অন্যথা ইয়াৰ বিৰুদ্ধে আগন্তুক দিনক ৰাভা জাতীয় সংগঠনে তীব্ৰ প্ৰতিবাদী আন্দোলন গঢ়ি তুলিব ৷
আৰু পঢ়ক: ইছলাম আৰু কোৰাণৰ কলংকিত কথাবোৰক প্ৰত্যাহ্বান দিবলৈ এইবাৰ "ভ্ৰান্তি ভংগ"