ETV Bharat / city

কেন্দ্ৰীয় বাজেটৰ গুনাণুকীৰ্তন গুৱাহাটীৰ সাংসদ কুইন ওজাৰ

author img

By

Published : Feb 13, 2022, 9:46 PM IST

দেওবাৰে গুৱাহাটীৰ উলুবাৰীস্থ নিজা বাসভৱনত এখন সংবাদমেল সম্বোধন কৰি (Press conference organise by Queen Oja) সাংসদ কুইন ওজাই কেন্দ্ৰীয় বাজেট সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে (Queen Oja reactions on union budget) ।

queen-oja-reactions-on-union-budget
কেন্দ্ৰীয় বাজেটৰ গুনাণুকীৰ্তন গুৱাহাটীৰ সাংসদ কুইন ওজাৰ

গুৱাহাটী, 13 ফেব্ৰুৱাৰী : 2022-23 বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেটত সকলো খণ্ডৰ বিকাশ সুনিশ্চিত কৰি দেশখনক প্ৰগতিশীল ৰূপত গঢ়ি তোলাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰা হৈছে । দেওবাৰে গুৱাহাটীৰ উলুবাৰীস্থ নিজা বাসভৱনত এখন সংবাদমেল সম্বোধন কৰি (Press conference organise by Queen Oja) সাংসদ কুইন ওজাই কেন্দ্ৰীয় বাজেট সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে (Queen Oja reactions on union budget) । উলুবাৰীত অনুষ্ঠিত হোৱা এই সংবাদমেলত বিজেপিৰ ৰাজ্যিক সংবাদ কোষৰ সদস্য বিকাশ গুপ্তা উপস্থিত আছিল ।

লগতে তেওঁ কয় যে, 2022-23 বৰ্ষৰ বাজেটত জিডিপি 9.2 শতাংশলৈ আগবঢ়াই নিবলৈ আশা প্ৰকাশ কৰা হৈছে । উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰসংগত সাংসদগৰাকীয়ে কয় যে, উত্তৰ-পূৰ্বাঞ্চলত আন্তঃগাঁথনি আৰু সামাজিক উন্নয়ন প্ৰকল্প আৰু পুঁজিৰ বাবে এক নতুন আঁচনি পি এম-ডি ই ভি আই এন ই আৰম্ভ কৰা হৈছে । আঁচনিখনৰ অধীনত যুৱ আৰু মহিলাসকলক জীৱিকাৰ কামত সক্ষম কৰিবলৈ 1500 কোটি টকা আৱণ্টিত কৰা হৈছে বুলি জানিব দিয়ে সাংসদগৰাকীয়ে ৷

ইয়াৰোপৰি দেশৰ প্ৰত্যেক ব্যক্তিৰ বাসগৃহলৈ বিদ্যুৎ সংযোগ যোগান ধৰাৰ বাবে "সৌভাগ্য আঁচনি" এখন ৰূপায়ন কৰিছে । আনহাতে বর্তমান সময়ৰ লগত খাপ খোৱাকৈ যোগ্য তথা উন্নত মানৰ চিন্তাশীল ব্যক্তিৰ দ্বাৰা পৰিকল্পিত ব্যৱসায়িক পৰিকল্পনা সমূহক সকলো ধৰণৰ সুবিধা প্ৰদান কৰাৰ লক্ষ্যেৰে চৰকাৰে এক অভিনৱ আঁচনি Assam Start-up ৰ প্ৰস্তুত কৰি উলিয়াইছে । যাৰ পৰিসৰ বর্তমান সময়ত ব্যাপকভাৱে প্ৰচলিত তথা জনপ্ৰিয় । সেইদৰে 2022-23 চনত ৰাষ্ট্ৰীয় ঘাইপথৰ নেটৱৰ্ক 25 হাজাৰ কিলোমিটাৰলৈ সম্প্ৰসাৰিত কৰা হ'ব ।

লগতে পঢ়ক : মাটিৰ চৰকাৰী মূল্য বৃদ্ধিয়ে প্ৰভাৱ পেলাব ৰিয়েল ইষ্টেট খণ্ডত

আনহাতে 2022-23 বৰ্ষত থলুৱা বিশ্বমানৰ প্ৰযুক্তি আৰু ক্ষমতা সংযোজন কৱচৰ অধীনত ৰে'ল পথ নেটৱৰ্কত 2000 কিলোমিটাৰ যোগ কৰা হ'ব । পৰৱর্তী 3 বছৰত 400 খন উৎকৃষ্ট বন্দে ভাৰত ৰে’ল নির্মাণ কৰা হ'ব বুলি সাংসদগৰাকীয়ে কয় । তদুপৰি 60 কিলোমিটাৰ দৈৰ্ঘ্যৰ 8 টা ৰ'পৱে প্ৰকল্পৰ বাবে চুক্তি প্ৰদান কৰা হ'ব বুলি জানিব দিয়ে ।

লগতে সাংসদগৰাকীয়ে কয় যে, ক'ভিড মহামাৰীৰ সময়তো 2020-21 বৰ্ষত দেশৰ কৃষকসকলে 30 কোটি টনতকৈও অধিক খাদ্য বস্তু উৎপাদন কৰিবলৈ সক্ষম হোৱাৰ লগতে 33 কোটি টনতকৈও অধিক পৰিমাণে বাগান উৎপাদিত শস্যৰ উৎপাদন কৰিছে । সেইদৰে এতিয়ালৈকে 24 খন ৰাজ্যৰ ভিতৰত অৱস্থিত 5 টা ৰাষ্ট্ৰীয় জলপথৰ লগতে 106 টা নতুন জলপথ মিলাই মুঠতে 111 টা ৰাষ্ট্ৰীয় জলপথ হিচাপে ঘোষণা কৰা হৈছে । ইয়াৰে 23 টা জলপথৰ জৰিয়তে সামগ্ৰী পৰিবহণ কৰা সম্ভৱ হৈ উঠিব । সাংসদ গৰাকীয়ে বাজেটৰ লগতে চৰকাৰখনৰ বিভিন্ন পদক্ষেপৰ বিষয়েও এই সংবাদমেলত উল্লেখ কৰে ।

লগতে পঢ়ক : গুৱাহাটীৰ কালাপাহাৰত সংঘটিত হত্যাকাণ্ডৰ মূল অভিযুক্ত গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.