ETV Bharat / city

কেবৰ বিৰোধীতাৰে উত্তাল ৰাজ্য: প্ৰতিবাদী ছাত্ৰ ছাত্ৰীৰ ওপৰত আৰক্ষীৰ লাঠীচালনা

author img

By

Published : Dec 12, 2019, 12:22 AM IST

ৰাজ্যজুৰি ক্ৰমাৎ তীব্ৰতৰ হৈ পৰিছে কেব বিৰোধী আন্দোলন ৷ প্ৰতিবাদ সাব্যস্ত কৰা কটন কলেজ আৰু সন্দিকৈ গাৰ্লছ কলেজৰ ছাত্ৰ ছাত্ৰী সকলৰ ওপৰত নিৰ্মম লাঠী চালনা আৰক্ষীৰ ৷

ETV BHARAT
কেবৰ বিৰোধীতাৰে উত্তাল ৰাজ্য

গুৱাহাটী,11 ডিচেম্বৰ: ৰাজ্যজুৰি ক্ৰমাৎ তীব্ৰতৰ হৈ পৰিছে কেব বিৰোধী আন্দোলন ৷ বিধেয়ক খন বাতিলৰ দাবীৰে ৰাজপথলৈ ওলাই আহিছে অসমৰ প্ৰায় আটাইকেইখন আগশাৰীৰ শিক্ষানুষ্ঠানৰ হাজাৰ-হাজাৰ ছাত্ৰ ছাত্ৰী ৷ কিন্তু সম্পূৰ্ণ গণতান্ত্ৰিকভাৱে চলি থকা এই প্ৰতিবাদক প্ৰতিহত কৰাৰ যেন পূৰ্ণ চেষ্টা অব্যাহত ৰাখিছে অসম আৰক্ষীয়ে ৷

গুৱাহাটী: মহানগৰীত আজি কেবৰ বিৰোধীতাৰে প্ৰতিবাদ সাব্যস্ত কৰা কটন বিশ্ববিদ্যালয় আৰু সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলৰ ওপৰত নিৰ্মম লাঠী চালনা আৰক্ষীৰ ৷ উল্লেখ্য যে কটনৰ পৰা জনতা ভৱনলৈ শান্তিপূৰ্ণ ভাৱে গৈ থকা অৱস্থাতে প্ৰতিবাদকাৰীক বাধা প্ৰদান কৰে আৰক্ষীয়ে ৷ উক্ত সময়তে আৰক্ষীৰ বাধাক প্ৰতিহত কৰিবলৈ গৈ ছাত্ৰ ছাত্ৰী সকলে সন্মুখীন হয় এক উত্তপ্ত পৰিস্থিতিৰ ৷ ইয়াৰ লগে লগে প্ৰতিবাদকাৰী ছাত্ৰ ছাত্ৰী সকলক ছত্ৰভংগ দিবলৈ মহানগৰীৰৰ এ বি চিৰ সন্মুখত লাঠীচালনা কৰে আৰক্ষীয়ে ৷ আনহাতে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কখন বাতিলৰ দাবীৰে গণেশগুৰিতো প্ৰতিবাদকাৰীয়ে উত্তাল কৰি তোলে ৰাজপথ ৷ সম্পূৰ্ণৰূপে বন্ধ কৰি ৰখা হয় সকলো দোকান-পোহাৰ তথা ব্যৱসায়ীক প্ৰতিষ্ঠান ৷

গুৱাহাটীত প্ৰতিবাদী ছাত্ৰ ছাত্ৰীৰ ওপৰত আৰক্ষীৰ লাঠীচালনা

বৰপেটা: ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে বৰপেটা জিলাৰ কলগাছিয়াতো অব্যাহত আছে নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী প্ৰতিবাদ ৷ নাগৰিকত্ব সংশোধনী বিধেয়কখন বাতিলৰ দাবীত আজি কলগাছিয়া ষ্টেট বেংকৰ সন্মুখত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে কলগাছিয়া-সৰভোগ পথ অৱৰোধ কৰি টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ৷ প্ৰতিবাদীকাৰীসকলে টায়াৰ জ্বলাই কেব বিৰোধী শ্লোগানেৰে পৰিৱেশ উত্তাল কৰাৰ সমান্তৰালভাৱে কলগাছিয়াৰ পৰা সৰভোগলৈ যোৱা পথৰ যান বাহন চলাচল বন্ধ কৰি দিয়ে ৷

বৰপেটা জিলাৰ কলগাছিয়াতো অব্যাহত আছে নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী প্ৰতিবাদ

মৰিগাঁও: আনহাতে মৰিগাঁৱটো নাগৰিকত্ব সংশোধনী বিধেয়কখন বাতিলৰ দাবীৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ ৷ হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰীৰ অংশগ্ৰহনত ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰী সকলে ৷ বিধেয়কখন অচিৰেই বাতিল নকৰিলে আন্দোলন অধিক তীব্ৰতৰ কৰি তোলাৰ হুংকাৰ প্ৰতিবাদকাৰীৰ ৷

মৰিগাঁৱত কেবৰ বিৰোধীতাৰে উত্তাল প্ৰতিবাদ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ

Intro:ছাত্ৰ ছাত্ৰী ৰ ওপৰত আৰক্ষীৰ লাঠী চালনা। কটন কলেজ আৰু সন্দিকৈ গাৰ্লছ কলেজৰ ছাত্ৰ ছাত্ৰী সকলক লাঠী চালনা আৰক্ষীৰ । কটন কলেজৰ পৰা জনতা ভৱনলৈ শান্তি পূৰ্ণ ভাবে গৈ থকা অৱস্থাত আৰক্ষীৰ বাধা। Body:আৰক্ষীৰ বাধাক প্ৰতিহত কৰিবলৈ গৈ ছাত্ৰ ছাত্ৰী সকলে সন্মুখীন হয় এক উত্তপ্ত পৰিস্থিতিৰ।ছাত্ৰ ছাত্ৰী সকলক ছত্ৰভংগ দিবলৈ আৰক্ষীয়ে মহানগৰীৰৰ এ বি চি ৰ সন্মুখত লাঠীচালনা কৰে। Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.