ETV Bharat / city

আগষ্টত আৰম্ভ হব নামনি সোৱণশিৰি প্ৰকল্পৰ প্ৰথম ইউনিটৰ উৎপাদন

দেওবাৰে গুৱাহাটীত এখন সংবাদমেলত ভাগ লৈ কেন্দ্ৰীয় শক্তি মন্ত্ৰী ৰাজ কুমাৰ সিঙে ( Union Power Minister Raj Kumar Singh ) স্পষ্ট কৰি দিলে যে, নামনি সোৱণশিৰি প্ৰকল্পৰেই প্ৰথমটো গোটৰ উৎপাদন চলিত বৰ্ষৰ আগষ্টৰ পৰা আৰম্ভ হ’ব ৷ সবিশেষ জানো আহক ৷

production-of-namoni-subansiri-will-start-from-august
আগষ্টত আৰম্ভ হব নামনি সোৱণশিৰি প্ৰকল্পৰ প্ৰথম ইউনিটৰ উৎপাদন
author img

By

Published : Feb 6, 2022, 7:56 PM IST

গুৱাহাটী, ৬ ফেব্ৰুৱাৰী: যি নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে অসম জ্বলিছিল, আন্দোলনৰ পিছত আন্দোলন চলিছিল, সেই নামনি সোৱণশিৰি প্ৰকল্পৰেই প্ৰথমটো গোটৰ উৎপাদন চলিত বৰ্ষৰ আগষ্টৰ পৰা আৰম্ভ হ’ব (Production of Namoni Subansiri will start from August) । গুৱাহাটীত আজি এই কথা স্পষ্ট কৰি দিলে কেন্দ্ৰীয় শক্তি মন্ত্ৰী ৰাজ কুমাৰ সিঙে ( Union Power Minister Raj Kumar Singh ) । দেওবাৰে গুৱাহাটীত এখন সংবাদমেলত ভাগ লৈ কেন্দ্ৰীয় শক্তি মন্ত্ৰী গৰাকীয়ে কয় যে আগষ্টত প্ৰকল্পটোৰ প্ৰথমটো গোটৰ উৎপাদন আৰম্ভ হোৱাৰ পিছত পৰ্যায়ক্ৰমে বাকী কেইটা গোটৰো উৎপাদন আৰম্ভ হব ।

আগষ্টত আৰম্ভ হব নামনি সোৱণশিৰি প্ৰকল্পৰ প্ৰথম ইউনিটৰ উৎপাদন

এই প্ৰকল্পটো জনতাৰ বাবে অতি লাভজনক হব বুলি ইতিমধ্যে বিশেষজ্ঞ সকলে মতামত দিছে বুলিও তেওঁ কয় । আনহাতে, প্ৰকল্পটোৰ নামনি অংশত অৰ্থাৎ অসমৰ দিশে পৰিব পৰা প্ৰভাৱ দুৰীকৰণ আৰু উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰে প্ৰথম পৰ্যায়ত ১৪৪ কোটি টকা ধাৰ্য কৰিছে আৰু ইয়াৰে ৫৬ কোটি টকা ইতিমধ্যে মুকলি কৰি দিয়া হৈছে বুলি তেওঁ প্ৰকাশ কৰে । পৰবৰ্তী কিস্তিত ইয়াৰ বাবে পুণৰ ১৮৮ কোটি টকা কেন্দ্ৰই আগবঢ়াব ।

ইপিনে, এই প্ৰকল্পটোৰ পৰা উৎপাদিত বিদ্যুতৰ এটা বৃহৎ অংশ অৰুণাচল প্ৰদেশে বিনামূলীয়াকৈ লাভ কৰিব, যিহেতু প্ৰকল্পটো অৰুণাচলত অৱস্থিত ।

ইয়াৰ বিপৰীতে, অসমে লাভ কৰিবলগীয়া বিনামূলীয়া বিদ্যুতৰ পৰিমাণ হব অৰুণাচলতকৈ কম । কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে সংবাদমেলত আৰু কয় যে এইবাৰৰ বাজেটত অসম তথা উত্তৰ পূৱৰ ক্ষেত্ৰত বিশেষ ভাবে গুৰুত্ব দিয়া হৈছে (Special focus to Northeast in union budget) । আনহাতে, বিগত সাত বছৰত সমগ্ৰ দেশত প্ৰায় ৮০ লাখ লোকক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ প্ৰদান কৰা হৈছে । ইয়াৰ বাবে ব্যয় হৈছে ৪৮ হাজাৰ কোটি টকা ।

লগতে পঢ়ক : বিজেপিত খদমদম: মাজুলীত প্ৰাৰ্থী হ'ব কোন ?

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.