ETV Bharat / city

চাকৰি নিয়মীয়াকৰণ নকৰিলে চৰম সিদ্ধান্ত গ্ৰহণৰ ভাবুকি

author img

By

Published : Oct 12, 2020, 8:03 PM IST

চাকৰি নিয়মীয়াকৰণৰ বাবে শিক্ষামন্ত্ৰীক সিদ্ধান্ত গ্ৰহণ কৰিবলৈ মাত্ৰ এসপ্তাহৰ সময়সীমা প্ৰদান সদৌ অসম যোগ্য স্বীকৃতিপ্ৰাপ্ত মধ্য ইংৰাজী হিন্দী শিক্ষক সন্থাৰ৷

চাকৰি নিয়মীকৰণ নকৰিলে চৰম সিদ্ধান্ত গ্ৰহণৰ ভাবুকি অপ্ৰাদেশীকৃত হিন্দী শিক্ষকৰ

গুৱাহাটী, 12অক্টোবৰ : সদৌ অসম যোগ্য স্বীকৃতিপ্ৰাপ্ত মধ্য ইংৰাজী হিন্দী শিক্ষক সন্থাৰ সংবাদমেল৷ বিগত প্ৰায় ২৫-৩০ বছৰ ধৰি বিনা বেতনেৰে শিক্ষকতা কৰি অহা এইসকল শিক্ষকৰ চাকৰী উপযুক্ত যোগ্যতা থকা সত্বেও তেওঁলোকক বঞ্চিত কৰা বুলি অভিযোগ কৰে হিন্দী শিক্ষক সকলে ৷

তেওঁলোকৰ দাবী কৰে যে,যোগ্য স্বীকৃতি প্ৰাপ্ত উচ্চ প্ৰাথমিক বিদ্যালয়/মাদ্ৰাছাৰ নৱেম্বৰ মাহত প্ৰাদেশীকৰণ কৰিব বিচৰা তালিকাত ভাষা,সমাজ বিজ্ঞানৰ শিক্ষকৰ পোষ্টৰ লগতে হাইস্কুলত একে ডিগ্ৰী অথবা ডিপ্লমা থকা হিন্দী শিক্ষকৰ পদত অসম চৰকাৰৰ শিক্ষা বিভাগে অনলাইন যোগে আবেদন কৰিছে৷ গতিকে ৰাজ্যৰ শিক্ষা বিভাগে উক্ত বিদ্যালয় সমূহত দীৰ্ঘদিন ধৰি বিনা বেতনেৰে শিক্ষকতা কৰি থকা হিন্দী শিক্ষকসকলকো বঞ্চিত নকৰি একেলগে নিযুক্তি দিবৰ বাবে আহ্বান জনাইছে৷

তেওঁলোকৰ অভিযোগ ২০০৯-২০১০ চনৰ Dise code আমাৰ আছে৷ আনহাতে ২০০৫ চনৰ ৰিক’গনাইজৰ তালিকাতো আমাৰ নাম আছে৷ পূৰ্বৰ শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ দিনতে এইসকল শিক্ষকক লৈ minutes copyআৰু letter copy উলিয়াইছিল৷ চৰকাৰে বৰ্তমানে হিন্দী শিক্ষক নিযুক্তিৰ বাবে উলিওৱা বিজ্ঞাপনৰ শিক্ষাগত অৰ্হতাৰ লগতে আমাৰো শিক্ষাগত অৰ্হতা একেই৷ গতিকে শিক্ষামন্ত্ৰীয়ে আমাক মাহী আইৰ দৃষ্টিৰে নাচাই আমাৰ বাবে সহমৰ্মিতা প্ৰকাশ কৰক৷

আনহাতে, চাকৰি নিয়মীয়াকৰণৰ বাবে শিক্ষামন্ত্ৰীক সিদ্ধান্ত গ্ৰহণ কৰিবলৈ মাত্ৰ এসপ্তাহৰ সময়সীমা প্ৰদান সদৌ অসম যোগ্য স্বীকৃতিপ্ৰাপ্ত মধ্য ইংৰাজী হিন্দী শিক্ষক সন্থাৰ৷ এসপ্তাহৰ ভিতৰত কোনো বিশেষ পদক্ষেপ গ্ৰহণ নকৰিলে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰাৰ হুংকাৰ শিক্ষক সন্থাৰ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.