ETV Bharat / city

ন্যায় প্ৰক্ৰিয়া কেতিয়াও মুখ্যমন্ত্ৰীৰ আদালত হ’ব নোৱাৰে: ৰাইজৰ দল - ৰাইজৰ দলৰ মুখ্য কাৰ্যালয়

শনিবাৰে মহানগৰীৰ মঠঘৰীয়াস্থিত ৰাইজৰ দলে আয়োজন কৰা এক সংবাদমেল ‘‘এগৰাকী মহিলা আৰক্ষীক ঢাল হিচাপে ব্যৱহাৰ কৰিছে বিজেপি চৰকাৰে ’’ এই বুলি মন্তব্য কৰে ৰাইজৰ দলৰ উপ সভাপতি ৰাছেল হুছেইনে ৷ ইফালে মুকলি আকাশৰ তললৈ আহিয়ে বিজেপি চৰকাৰৰ অক্ৰোশ মূলক চৰিত্ৰ হিচাপে প্ৰতিফলিত হৈছে গুজৰাটৰ বিধায়ক তথা দলিত নেতা জিগনেছ মেৱানী (Jignesh Mevani latest news) ৷

press-meet-of-raijor-dal-on-arrest-of-mla-jignesh-mevani
ন্যায় প্ৰক্ৰিয়া কেতিয়াও মুখ্যমন্ত্ৰীৰ আদালত হ’ব নোৱাৰে: ৰাইজৰ দল
author img

By

Published : Apr 30, 2022, 8:38 PM IST

গুৱাহাটী, 30 এপ্ৰিল : প্ৰায় 9 দিনৰ পাছত মুকলি আকাশৰ তললৈ আহিয়ে বিজেপি চৰকাৰৰ অক্ৰোশ মূলক চৰিত্ৰ হিচাপে প্ৰতিফলিত হৈছে গুজৰাটৰ বিধায়ক তথা দলিত নেতা জিগনেছ মেৱানী (Jignesh Mevani released from jail in bail) ৷ বৰপেটাৰ সত্ৰ ন্যায়ালয়ৰ এই ৰায়ক আদৰণি জনাইছে ৰাইজৰ দলে ।

ন্যায় প্ৰক্ৰিয়া কেতিয়াও মুখ্যমন্ত্ৰীৰ আদালত হ’ব নোৱাৰে: ৰাইজৰ দল

শনিবাৰে মহানগৰীৰ মঠঘৰীয়াস্থিত ৰাইজৰ দলৰ মুখ্য কাৰ্যালয়ত আয়োজিত এক সংবাদমেলত (Press meet of raijor dal) ভাগ লৈ ৰাইজৰ দলৰ উপ-সভাপতি ৰাছেল হুছেইনে কয় যে, গুজৰাটৰ বিধায়ক জিগনেছ মেৱানীক অসম চৰকাৰে মিছা গোচৰত গ্ৰেপ্তাৰ কৰা ঘটনাই অসমবাসীৰ লগতে ভাৰতবাসীক লজ্জানত কৰিছে (Jignesh Mevani latest news) ।

উল্লেখ্য যে, সামাজিক মাধ্যমত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে এটা টুইটৰ গোচৰত মেৱানীক গ্ৰেপ্তাৰ কৰিছিল কোকৰাঝাৰ আৰক্ষীয়ে । এই গোচৰত জামিন লাভ কৰাৰ পিছতে কৰ্তব্যৰত মহিলা আৰক্ষীক অশালীন ব্যৱহাৰ কৰাৰ অভিযোগত বৰপেটা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা প্ৰসংগটো উল্লেখ কৰি ৰাইজৰ দলৰ নেতা গৰাকীয়ে কয়, ‘‘এগৰাকী মহিলা আৰক্ষীক ঢাল হিচাপে ব্যৱহাৰ কৰিছে বিজেপি চৰকাৰে ।’’

বিজেপি চৰকাৰে এই দুয়োটা গোচৰ খাৰিজ কৰি আদালতে এক ৰায়দান যোগে আৰক্ষীয়ে ভুৱা গোচৰ ৰুজু কৰা আৰু এনকাউণ্টাৰৰ ঘটনাই অসমত জে আৰক্ষী ৰাজ চলি আছে সেয়া প্ৰমাণিত কৰিছে বুলিও উল্লেখ কৰে নেতা গৰাকীয়ে । ইতিমধ্যে এনকাউণ্টাৰৰ ফলত ৰাজ্যখনত 108 লোক আহত কৰাৰ বিপৰীতে 46 জনক গুলিয়াই হত্যা কৰা হৈছে ।

আৰক্ষীৰ জিন্মাৰ পৰা অপৰাধী কেনেকৈ পলায় যায় বুলি প্ৰশ্ন কৰি ৰাছেল হুছেইনে কয় যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভাৰতীয় আইন ব্যৱস্থাক ন্যাসত কৰি এগৰাকী মুখ্যমন্ত্ৰী হৈ আৰক্ষীক এনকাউণ্টাৰৰ মান্যতা প্ৰদান কৰিছে । বিৰোধীৰ কণ্ঠ ৰুদ্ধ কৰিবলৈ বিজেপি চৰকাৰে মিছা গোচৰ জাপি এক চৈৰাস্বাৰী শাসন ব্যৱস্থা চলোৱাৰ পৰিকল্পনা কৰিছে বুলিও সংবাদমেলত উল্লেখ কৰে ৰাছেল হুছেইনে ।

আনহাতে বড়ো জনগোষ্ঠীৰ দল হিচাপে চিহ্নিত UPPL দলে দলিত নেতাজনৰ বিৰুদ্ধে সমদল উলিয়াই বিজেপিৰ ওচৰত আঁঠু কাঢ়ি নিজৰ বিবেক বিক্ৰী কৰিছে বুলিও মন্তব্য কৰে ৰাইজৰ দলৰ উপ সভাপতি ৰাছেল হুছেইনে ৷

লগতে পঢ়ক: এয়া অসমৰ সম্পূৰ্ণ সংস্কৃতিৰ পৰিপন্থী : মুকলি আকাশৰ তললৈ আহিয়ে মন্তব্য জিগনেশ মেৱানীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.