গুৱাহাটী,২৫জুন : অভিনেত্ৰী প্ৰাঞ্জনা দত্তলৈ আহিল সুখবৰ । চুক্তিবদ্ধ হ'ল অসমৰ আগশাৰীৰ ভ্ৰাম্যমান নাট্যদল ৰাজমুকুট থিয়েটাৰৰ লগত। ৰাজমুকুট থিয়েটাৰৰ কৰ্তৃপক্ষই বলিষ্ঠ অভিনেত্ৰী গৰাকীক চুক্তিবদ্ধ কৰাৰ পাছতেই অভিনেত্ৰীগৰাকী সাজু হৈছে নতুন উদ্যমেৰে। বিশেষকৈ প্ৰাঞ্জনা দত্তক কেন্দ্ৰ কৰি জনপ্ৰিয় নাট্যকাৰ ৰাজদ্বীপে লিখি উলিয়াইছে 'বীৰাংগনা' নামৰ এখন নাটক ৷ ইয়াৰ উপৰিও নাট্যদলটোত নাটক থাকিব 'বন্ধুৰ বাকদত্তা' নামৰ আন এখন নাটকো ৷ নাট্যদলটোত প্ৰাঞ্জনা দত্তৰ লগতে অভিনয় কৰিব কপিল বৰা,ৰাজকুমাৰ,সুনীতা কৌশিকে।
উল্লেখ্য যে,বৰদৈচিলা থিয়েটাৰে বে-আইনীভাৱে অভিনেত্ৰী প্ৰাঞ্জনা দত্তৰ লগত চুক্তি বাতিল কৰাৰ পাছতেই তীব্ৰ প্ৰতিক্ৰিয়া হৈছিল সাংস্কৃতিক মহলত। অভিনেত্ৰী গৰাকীও দিকবিদিক হেৰুৱাই পেলাইছিল এই ঘটনাৰ পাছতেই। কিন্তু ৰাজমুকুট থিয়েটাৰৰ লগত হোৱা চুক্তিৰ পিচতে এতিয়া আনন্দিত হৈ পৰিছে অভিনেত্ৰী প্ৰাঞ্জনা দত্ত।