ETV Bharat / city

আৰক্ষী চকীৰ ভিতৰতে ছাত্ৰ নেতাই প্ৰহাৰ কৰিলে আৰক্ষী বিষয়াক

author img

By

Published : Oct 26, 2019, 5:56 PM IST

মেঘালয়ৰ ৰিভ'ই জিলাত আৰক্ষী চকীৰ ভিতৰত প্ৰৱেশ কৰি খাচী ছাত্ৰ সংগঠনৰ সদস্যই প্ৰহাৰ কৰিলে এজন আৰক্ষী বিষয়া আৰু এজন আৰক্ষী কনিষ্টবলক ৷ য়োৱা 15 অক্টোবৰত সংঘটিত হয় এই ঘটনা ৷

ছাত্ৰনেতাই প্ৰহাৰ কৰিলে আৰক্ষী বিষয়াক

গুৱাহাটী, 26 অক্টোবৰঃ এটা ভিডিঅ'ক লৈ তোলপাৰ লাগিছে মেঘালয়ৰ ৰিভ'ই জিলাত ৷ আৰক্ষী চকীৰ ভিতৰত প্ৰৱেশ কৰি খাচী ছাত্ৰ সংগঠনৰ সদস্যই প্ৰহাৰ কৰিলে এজন আৰক্ষী বিষয়া আৰু এজন আৰক্ষী কনিষ্টবলক ৷ য়োৱা 15 অক্টোবৰত সংঘটিত হয় এই ঘটনা ৷

আৰক্ষী চকীৰ ভিতৰতে ছাত্ৰ নেতাই প্ৰহাৰ কৰিলে আৰক্ষী বিষয়াক

তথ্য অনুসৰি,মেঘালয়ৰ ৰিভ'ই জিলাৰ সুমেৰ গাঁৱত বৰপেটাৰ এজন গাড়ী চালকক প্ৰহাৰ কৰিছিল কেইজনমান যুৱকে ৷ ভুক্তভোগী গাড়ী চালক আমিৰ আলীৰ গোচৰৰ ভিত্তিত আৰক্ষীয়ে আটক কৰে এজন অভিযুক্তক ৷ কিন্তু তাৰ পাচতেই যুৱকজনক মুকলি কৰি দিয়াৰ দাবীত আৰক্ষী চকীত উপস্থিত হয় স্থানীয় খাচী ছাত্ৰ সংগঠনৰ কেইজনমান সদস্য ৷ ৰিভ'ই জিলাৰ আৰক্ষী অধীক্ষকে জনোৱা মতে সংগঠনটোৰ সভাপতি ফাৰ্ডিনেল্ড খাৰকামনিয়ে আৰক্ষী চকীৰ ভিতৰত প্ৰথমে মুখ্য কনিষ্টবল বি.বৰদলৈক শাৰীৰিকভাৱে অপদস্থ কৰে ৷ তাৰ পাচতেই ছাত্ৰ নেতাজনে প্ৰহাৰ কৰে আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া এল. চিংখনক ৷

ইতিমধ্যে কনিষ্টবল বি.বৰদলৈয়ে ছাত্ৰ নেতাজনৰ বিৰুদ্ধে দাখিল কৰিছে এটা গোচৰ ৷ আৰক্ষীয়ে পলাতক ছাত্ৰ নেতাজনৰ সন্ধান চলোৱাৰ লগতে প্ৰকাশ কৰিছে এখন জাননী ৷ যি লোকে অভিযুক্তজনৰ সন্ধান দিব তেখেতৰ পৰিচয় গোপনে ৰখা হ'ব বুলি জনাইছে আৰক্ষীয়ে ৷

Intro:আৰক্ষী চকীৰ ভিতৰত খাচী ছাত্ৰ সংগঠনৰ আৰক্ষী ক প্ৰহাৰ
Body:আৰক্ষী চকীৰ ভিতৰত প্ৰৱেশ কৰি খাচী ছাত্ৰ সংগঠনৰ সদস্যই এজন আৰক্ষী বিষয়া আৰু এজন আৰক্ষী কনিষ্টবলক প্ৰহাৰ কৰা ঘটনাই মেঘালয়ত তোল পাৰৰ সৃষ্টি কৰিছে। তথ্য অনুসৰি আৰক্ষীয়ে আটক কৰা এজন স্থানীয় যুৱকক মুকলি কৰি দিয়াৰ দাবী কৰি ছাত্ৰ সংগঠনৰ দলটোৱে আৰক্ষী চকীত এনে পৰিস্থিতিৰ সৃষ্টি কৰে। জানিব পৰা মতে কেইজনমান যুৱকে বৰপেটা জিলাৰ বৰভোগৰ নিবাসী আমিৰ আলি নামৰ এজন গাড়ী ছালকক ৰি ভয় জিলাৰ সুমেৰ গাওঁত প্ৰহাৰ কৰাৰ অভিযোগত আৰক্ষীয়ে যুৱক জনক গ্ৰেপ্তাৰ কৰিছিল। উল্লেখ্য যে ৰি ভয় আৰক্ষী অধীক্ষক (এছ পি) c syrti এ জনোৱা অনুসৰি উক্ত অভিযোগত তেওঁলোকে যুৱক জনক আটক কৰা বাবে অক্টোবৰৰ ১৫ তাৰিখৰ দিনা ৰি ভয় শাখাৰ খাচী ছাত্ৰ সংগঠনৰ সভাপতি ferdynald kharkamniৰ নেতৃত্বত এটা দলে উমিয়াম আৰক্ষী চকীত প্ৰৱেশ কৰি আৰক্ষী অধীক্ষক L.Syngkhonক প্ৰহাৰ কৰাৰ লগতে সেই সময়ত থানাত উপস্থিত থকা মুখ্য কনিষ্টবল জনক প্ৰহাৰ কৰে। এই সন্দৰ্ভত মুখ্য কনিষ্টবল বি বৰদলৈয়ে আক্ৰমনকাৰী দলটোৰ বিৰুদ্ধে এখন এজাহাৰ ৰুজু কৰিছে। আৰু আৰক্ষীয়ে তেওঁৰ অভিযোগৰ ভিত্তিত খাচী ছাত্ৰ সংগঠনৰ সভাপতি ferdynald kharkamniৰ সন্ধান অব্যাহত ৰাখিছে ।ইয়াৰ উপৰিও আৰক্ষীয়ে উক্ত ঘটনাৰ লগত জড়িত থকাৰ অভিযোগত kharkamniৰ বিৰুদ্ধে এখন look out notice জাৰি কৰে যত kharkamniৰ সন্ধান দিয়াৰ বিষয়ে উল্লেখ কৰা আছেI লগতে kharkamniৰ সন্ধান দিয়া লোক জনৰ পৰিচয় গুপ্ত ৰখা হব বুলিও look out notice খনত উল্লেখ কৰা আছে।
Conclusion:Asrar Ansari
Guwahati
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.