ETV Bharat / city

গৰ্গ চেটাৰ্জীক গ্ৰেপ্তাৰ কৰিবলৈ গৈ ওভতি আহিল অসম আৰক্ষী

author img

By

Published : Jun 23, 2020, 7:05 PM IST

গৰ্গ চেটাৰ্জীক গ্ৰেপ্তাৰ কৰিব নোৱাৰি কলকাতাৰ পৰা উভতিল মহানগৰ আৰক্ষীৰ দলটো। ইতিমধ্যে এক সংবাদমেল সম্বোধন কৰি আৰক্ষী আয়ুক্ত মুন্না প্ৰসাদ গুপ্তাই যিকোনো প্ৰক্ৰিয়াৰে বিতৰ্কিত চেটাৰ্জীক গ্ৰেপ্তাৰ কৰিব বুলি উল্লেখ কৰে ৷

Police Commissioner Pressmeet About garga  chatarjee case in Guwahati
গৰ্গ চেটাৰ্জীক গ্ৰেপ্তাৰ কৰিবলৈ গৈ ওভতি আহিল অসম আৰক্ষী!

গুৱাহাটী, 23 জুনঃ পশ্চিম বংগৰ বিতৰ্কিত বুদ্ধিজীৱি গৰ্গ চেটাৰ্জীক গ্ৰেপ্তাৰ কৰিবলৈ গৈ ওভতি আহিল অসম আৰক্ষী ৷ যিকোনো প্ৰক্ৰিয়াৰে বিতৰ্কিত চেটাৰ্জীক গ্ৰেপ্তাৰ কৰিব বুলি উল্লেখ কৰে মহানগৰ আৰক্ষী আয়ুক্ত মুন্না প্ৰসাদ গুপ্তাই ।

পশ্চিম বংগৰ বিতৰ্কিত বুদ্ধিজীৱী গৰ্গ চেটাৰ্জীক গ্ৰেপ্তাৰ কৰিবলৈ গৈ ওভতি আহিব লগা হ'ল মহানগৰ আৰক্ষীৰ দলটো । চেটাৰ্জীক গ্ৰেপ্তাৰ কৰাটো দূৰৰে কথা, সোধা পোছাৰ বাবে সাক্ষাতেই কৰিবলৈ নিদিলে মহানগৰ আৰক্ষীক । এই কথা সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে মহানগৰ আৰক্ষী আয়ুক্ত মুন্না প্ৰসাদ গুপ্তাই । আদালতৰ গ্ৰেপ্তাৰী পৰোৱানা থকাৰ পিছতো কলিকতা আৰক্ষীয়ে নানা অজুহাত দেখুৱাই ওভটালে মহানগৰ আৰক্ষীৰ দলটোক ।

ইফালে এইবাৰ সম্পূৰ্ণ আইনী প্ৰক্ৰিয়াৰে গৰ্গ চেটাৰ্জীক গ্ৰেপ্তাৰ কৰাৰ ব্যৱস্থা কৰিব বুলি মহানগৰ আৰক্ষী আয়ুক্ত গৰাকীয়ে সাংবাদিকৰ আগত সদৰি কৰে । উল্লেখযোগ্য যে, বৰ অসমৰ ভেটি প্ৰতিষ্ঠাতা স্বৰ্গদেউ চাওলুং চ্যুকাফাক চাইনিজ আক্ৰমণকাৰী সজাইছিল বিতৰ্কিত নেতাগৰাকীয়ে । তাৰোপৰি অসম আৰু অসমীয়াক বিভিন্ন সময়ত চূড়ান্ত অপমান কৰি আহিছিল গৰ্গ চেটাৰ্জীয়ে । যাৰ বাবে খোদ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে গ্ৰেপ্তাৰ কৰা নিৰ্দেশ দিছিল গৰ্গ চেটাৰ্জীক । ইতিমধ্যে ঘটনা সংক্ৰান্তত 10/2020 নম্বৰত এটা গোচৰ ৰুজু কৰি চেটাৰ্জীক গ্ৰেপ্তাৰ কৰিবলৈ মহানগৰ আৰক্ষীৰ চাৰিজনীয়া এটা দল গৈছিল কলিকতালৈ । কিন্তু কলিকতাৰ ৰাইজৰ প্ৰতিবাদ আৰু স্থানীয় আৰক্ষীৰ অৱহেলাৰ বাবেই অসম হাউছৰ পৰাই বিমুখ হৈ উভতিব লগা হয় মহানগৰ আৰক্ষীৰ দলটো ।

লগতে পঢ়ক- গুৱাহাটীত ড্ৰাগছসহ আৰক্ষীৰ জালত দুই সৰবৰাহকাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.