ETV Bharat / city

Illegal trade of Burmese Supari in Assam : অপৰাধ অনুসন্ধান শাখাই পাতিলে সংবাদমেল

author img

By

Published : Jan 31, 2022, 6:32 PM IST

Updated : Jan 31, 2022, 8:52 PM IST

সোমবাৰে মহানগৰ আৰক্ষী আয়ুক্ত হৰমীত সিঙে ৰাজ্যত অব্যাহত থকা চুপাৰিৰ চিণ্ডিকেটৰ সন্দৰ্ভত এখন সংবাদমেল আয়োজন কৰে (CP Harmit Singh organise a press conference) ৷ ইফালে চুপাৰিৰ চিণ্ডিকেট সন্দৰ্ভত অনুসন্ধান কৰিবলৈ কাছাৰ, কৰিমগঞ্জৰ পৰা 10 জন আৰক্ষী বিষয়াক গুৱাহাটীলৈ তলব কৰা হৈছে বুলি জানিব পৰা গৈছে ৷

police-commissioner-harmit-singh-organise-press-conference-on-illegal-burmese-supari-smuggling
অপৰাধ অনুসন্ধান শাখাই পাতিলে সংবাদমেল

গুৱাহাটী, 31 জানুৱাৰী : ৰাজ্যত অব্যাহত আছে চুপাৰিৰ চিণ্ডিকেট (Illegal trade of Burmese Supari in Assam) । অসম চৰকাৰৰ চিণ্ডিকেট বিৰোধী স্থিতিৰ পাছতো ৰাজ্যত দুষ্টচক্ৰই অব্যাহত ৰাখিছে বাৰ্মিজ চুপাৰিৰ চিণ্ডিকেট । ইফালে বিগত প্ৰায় দুটা দশকৰো অধিক কালজুৰি চলি থকা চিণ্ডিকেটৰাজ বন্ধ কৰিবলৈ বৰ্তমানৰ চৰকাৰখনে হাতত লোৱা পদক্ষেপৰ অংশস্বৰূপে ইতিমধ্যে কয়লা ব্যৱসায়ৰ বাবে চৰকাৰে অনুজ্ঞাপত্ৰৰ ব্যৱস্থা কৰিছে ।

কিন্তু এতিয়াও বন্ধ হোৱা নাই কয়লাৰ অবৈধ সৰবৰাহ বা বাৰ্মিজ চুপাৰিৰ অবৈধ ব্যৱসায় । বিগত 25 জানুৱাৰী তাৰিখে অপৰাধ অনুসন্ধান শাখাই এক অভিযান চলাই মহানগৰীৰ গোটানগৰ পৰা বিদ্যুৎ সিনহা নামৰ এজন চুপাৰী সৰবৰাহকাৰীক আটক কৰে (Illegal burmese supari supplier arrested by Guwahati Police) ৷

অপৰাধ অনুসন্ধান শাখাই পাতিলে সংবাদমেল

সোমবাৰে মহানগৰ আৰক্ষী আয়ুক্ত হৰমীত সিঙে এক সংবাদমেল সম্বোধন কৰি (CP Harmit Singh organise a press conference) কয় যে, ৰাজ্যত চলি থকা চুপাৰি চিণ্ডিকেটৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে এই চিণ্ডিকেট যিকোনো প্ৰকাৰে বন্ধ কৰাৰ বাবে অপৰাধ অনুসন্ধান শাখাত ভাৰতীয় দণ্ডবিধিৰ 120 (বি)/ 379,/ 411/465/468/471 ধাৰাৰ অধীনত 1/22 নম্বৰত এটি গোচৰ ৰুজু কৰা হৈছে ।

ইয়াৰ পিছতেই অপৰাধ অনুসন্ধান শাখা (Guwahati Crime Branch)ই অভিযান চলাই 25 জানুৱাৰীত মহানগৰীৰ গোটানগৰৰ পৰা চুপাৰি চিণ্ডিকেটৰ লগত জড়িতৰ অভিযোগত বিদ্যুৎ সিনহাক আটক কৰে । এই চিণ্ডিকেটৰ লগত আৰক্ষী বিষয়া পৰ্যায়ৰ লোকো জড়িত হৈ থকা তথ্য ইতিমধ্যে অপৰাধ অনুসন্ধান শাখাৰ হাতত আহি পৰিছে বুলিও এই সংবাদমেলত মহানগৰ আৰক্ষী আয়ুক্ত হৰমীত সিঙে কয় ।

এই তথ্যৰ ভিত্তিত সোমবাৰে কাছাৰ, কৰিমগঞ্জৰ পৰা 10 জন আৰক্ষী বিষয়াক গুৱাহাটীলৈ তলব কৰা হৈছে বুলি জানিব পৰা গৈছে ৷ ইফালে, চিণ্ডিকেটৰ লগত চৰকাৰী যিকোনো বিষয়া জড়িত থাকিলেও এই ক্ষেত্ৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি মন্তব্য কৰি মহানগৰ আৰক্ষী আয়ুক্তগৰাকীয়ে কয় যে, অসমত কোনেও চিণ্ডিকেট কৰিব নোৱাৰিব । কোনো ধৰণৰ অপৰাধ মানি লোৱা নহ'ব ।

ইফালে মুখ্যমন্ত্ৰীয়ে বিগত বিধানসভাৰ শীতকালীন অধিৱেশনত ঘোষণা কৰিছিল যে, ১১ অথবা ১২ জানুৱাৰীত কয়লা আৰু চুপাৰি সৰবৰাহৰ ক্ষেত্ৰত চৰকাৰে এক নতুন নিৰ্দেশনা জাৰি কৰিব (SOP for trade and transportation of coal)। পিছে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা সেই সময় উকলা এই পৰ্যন্ত কেবাদিনো হ'ল । কিন্তু আজিও প্ৰকাশ কৰা নহ'ল কয়লা-চুপাৰিৰ সেই SOP ।

লগতে পঢ়ক : ৰাজ্যসভাৰ গণিত : বিজেপিয়ে এখন আসন এৰি দিব পাৰে ইউ পি পি এলক

Last Updated : Jan 31, 2022, 8:52 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.