ETV Bharat / city

বহাগত অসমলৈ আহিব মোদী - কেঞ্চাৰ হাস্পতাল

বিহুৰ বতৰতে অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী (PM Modi to visit Assam)। তেজপুৰৰ সমীপৰ বিহগুৰিত নিৰ্মাণ হৈ থকা কেঞ্চাৰ হাস্পতাল উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে ।

modi in assam
বহাগত অসমলৈ মোদী
author img

By

Published : Mar 17, 2022, 2:14 PM IST

গুৱাহাটী, ১৭ মাৰ্চ: বহাগত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । সকলো যদি ঠিকে ঠাকে থাকে তেন্তে ২৪ এপ্ৰিলত এদিনীয়া ভ্ৰমণসূচী লৈ প্ৰধানমন্ত্ৰী গৰাকী অসমলৈ আহিব (PM Modi to visit Assam)। অৱশ্যে তেওঁৰ এইবাৰৰ উক্ত ভ্ৰমণসূচীত ৰাজধানী চহৰ গুৱাহাটীৰ পৰিৱৰ্তে অগ্ৰাধিকাৰ পাব তেজপুৰেহে । কিয়নো তেজপুৰৰ সমীপৰ বিহগুৰিত নিৰ্মাণ হৈ থকা কেঞ্চাৰ হাস্পতালখন প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিব (PM Modi to visit Tezpur) ।

কেৱল বিহগুৰিয়েই নহয়, সেই ঠাইৰ পৰা প্ৰধানমন্ত্ৰী গৰাকীয়ে সম্প্ৰতি নিৰ্মীয়মান অৱস্থাত থকা আৰু ৯ খন অৰ্থাৎ সৰ্বমুঠ ১০ খন কেঞ্চাৰ হাস্পতালৰ উদ্বোধন কৰিব । তেজপুৰৰ পৰা ভাৰ্চুৱেলী উদ্ঘাটন কৰা হ’ব বাকী ৯ খন কেঞ্চাৰ হাস্পতাল । মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ এক সূত্ৰই প্ৰকাশ কৰা মতে ইতিমধ্যে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ ফালৰ পৰা তেওঁৰ এই ভ্ৰমণসূচী নিশ্চিত কৰা হৈছে ।

অৱশ্যে, মুখ্যমন্ত্ৰী ডঃ হিমন্তবিশ্ব শৰ্মাই ইতিমধ্যে প্ৰকাশ কৰিছিল যে সকলো ঠিকে থাকে থাকিলে ২৪ এপ্ৰিলত প্ৰধানমন্ত্ৰী অসমলৈ আহিব । একেদৰে ৰাজ্যিক বিজেপিৰ সভাপতি ভবেশ কলিতায়ো ইতিমধ্যে মন্তব্য কৰিছে যে এপ্ৰিলৰ শেষৰ ফাললৈ প্ৰধানমন্ত্ৰী মোদী অসমলৈ আহিব ।

স্মৰ্তব্য যে প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিবলগীয়া এই দহখন কেঞ্চাৰ হাস্পতাল নিৰ্মাণৰ ক্ষেত্ৰত বিশেষভাৱে ৰাজ্য চৰকাৰক সহায় কৰিছে দেশৰ কিংবদন্তী উদ্যোগপতি ৰতন টাটাই । অসমৰ চিকিৎসা খণ্ডলৈ আগবঢ়োৱা এই অৱদানৰ বাবে কৃতজ্ঞতাৰ চিন স্বৰূপে ইতিমধ্যে অসম চৰকাৰে ৰতন টাটালৈ আগবঢ়াইছে ৰাজ্যৰ সৰ্বোচ্চ অসামৰিক সন্মান "অসম বৈভৱ" । অলপতে মুখ্যমন্ত্ৰীয়ে নিজে মুম্বাইলৈ গৈ বিশিষ্ট উদ্যোগপতি গৰাকীক এই সন্মান প্ৰদান কৰিছে ।

লগতে পঢ়ক: অসম বাজেট 2022-23 ক জনকেন্দ্ৰিক তথা দ্ৰুত উন্নয়নমুখী আখ্যা অগপৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.