ETV Bharat / city

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত প্লাজমা দান শিবিৰ - প্লাজমা দান শিবিৰ

দেশৰ অন্য ৰাজ্যৰ লগতে অসমতো প্লাজমা দান প্ৰক্ৰিয়া আৰম্ভ হৈছে । কৰ'ণা সুস্থ ৰোগীক মানৱতাৰ খাতিৰত স্বতঃস্ফুৰ্তভাৱে প্লাজমা দান কৰিবলৈ ইতিমধ্যেই চৰকাৰে আহ্বান জনাইছে ।

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত প্লাজমা দান শিবিৰ

author img

By

Published : Aug 10, 2020, 7:56 PM IST

গুৱাহাটী, 10 আগষ্ট : সোমবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় প্ৰেক্ষাগৃহত এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে প্লাজমা দান শিবিৰ । স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ লগতে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ যৌথ উদ্যোগত অনুষ্ঠিত হৈছে এই শিবিৰ ।

চৰকাৰী তথা বেচৰকাৰী স্বাস্থ্য বিভাগৰ সকলো কৰ্মীৰ বাবে অনুষ্ঠিত হয় এই এদিনীয়া শিবিৰ । বৰ্তমানে এই শিবিৰত ৩গৰাকী স্বাস্থ্য কৰ্মীয়ে প্লাজমা দান কৰিছে বুলি জানিব পৰা গৈছে । ইফালে দুই শতাধিক স্বাস্থ্য বিভাগৰ লগত জড়িত কৰ্মীয়ে প্লাজমা দিয়াৰ বাবে পঞ্জীয়ণ কৰিছে ।

সকলোৰে স্বাস্থ্য পৰীক্ষা কৰি পৰ্যায়ক্ৰমে প্লাজমা সংগ্ৰহৰ ব্যৱস্থা কৰিছে স্বাস্থ্য বিভাগে ।

উল্লেখ্য যে, দেশৰ অন্য ৰাজ্যৰ লগতে অসমতো প্লাজমা দান প্ৰক্ৰিয়া আৰম্ভ হৈছে । কৰ'ণা সুস্থ ৰোগীক মানৱতাৰ খাতিৰত স্বতঃস্ফুৰ্তভাৱে প্লাজমা দান কৰিবলৈ ইতিমধ্যেই চৰকাৰে আহ্বান জনাইছে ।

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত প্লাজমা দান শিবিৰ

চৰকাৰৰ এই সিন্ধান্তৰ পিছতেই সকলো ক্ষেত্ৰৰ লোকে প্লাজমা দানত আগ্ৰহ প্ৰকাশ কৰিছে । আনহাতে অসম আৰক্ষীৰ মুঠ ৬৭ আৰক্ষী বিষয়াই প্লাজমা দানৰ আগ্ৰহ প্ৰকাশ কৰিছে । ইয়াৰে ৪৩গৰাকী বিষয়াৰ স্বাস্থ্য পৰীক্ষাৰ অন্তত প্লাজমা সংগ্ৰহৰ বাবে উপযুক্ত হোৱাত তেওঁলোকৰ পৰা প্লাজমা সংগ্ৰহ কৰিছে স্বাস্থ্য বিভাগে ।

লগতে পঢ়কঃ জুবিন গাৰ্গ কোনো সামাজিক দায়ৱদ্ধতা থকা শিল্পী নহয়ঃ অজিত কুমাৰ ভূঞা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.