গুৱাহাটী, 18 ডিচেম্বৰ: ৰাজ্যত ক্ৰমাৎ তীব্ৰ ৰূপ ধাৰণ কৰিছে নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী আন্দোলনে ৷ আজি উচ্চতম ন্যায়ালয়ত কেবৰ বিৰোধিতাৰে বিভিন্ন লোকে দাখিল কৰা পুনৰীক্ষণৰ আবেদনৰ শুনানিৰ মাজতে মহানগৰীত কেব বিৰোধী শ্লগানত পুনৰ কঁপিল জি এছ ৰোড ৷ আছুৰ গন সত্যাগ্ৰহত অংশ ল'বলৈ ওলাই আহিল ছাত্ৰ-ছাত্ৰীকে আদি কৰি সহস্ৰাধিক জাতি-প্ৰেমী জনতা ৷
চৰকাৰৰ বিভিন্ন বাধা-নিষেধাজ্ঞা নেওচি জি এছ ৰোড হৈ লতাশিল খেল পথাৰলৈ এক বৃহৎ সমদল বাহিৰ দৰে প্ৰতিবাদকাৰী সকলে ৷ সমদলৰ কালছোৱাত প্ৰতিবাদকাৰী ৰাইজে বিভিন্ন "কা" আৰু চৰকাৰ বিৰোধী শ্লগানেৰে মহানগৰীৰ আকাশ-বতাহ কঁপাই তোলাৰ লগতে নাগৰিকত্ব সংশোধনী আইন বাতিল নোহোৱা পৰ্যন্ত এই প্ৰতিবাদ অব্যাহত থাকিব বুলি ৰাইজক সকীয়াই দিয়ে ৷
আৰু পঢ়ক: হিমন্তই বোমা পিষ্টল লৈ ডকাইতি কৰিছিলঃ প্ৰদ্যুৎ বৰদলৈ