ETV Bharat / city

গুৰুতৰভাৱে অসুস্থ কন্ঠশিল্পী অৰ্চনা মহন্ত

গুৰুতৰভাৱে অসুস্থ হৈ পৰিছে কন্ঠশিল্পী অৰ্চনা মহন্ত ৷ খগেন মহন্তৰ সহধৰ্মিনী তথা পাপনৰ মাতৃগৰাকীক গুৱাহাটীৰ ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৷

গুৰুতৰভাৱে অসুস্থ কন্ঠশিল্পী অৰ্চনা মহন্ত
গুৰুতৰভাৱে অসুস্থ কন্ঠশিল্পী অৰ্চনা মহন্ত
author img

By

Published : Jul 16, 2020, 12:00 AM IST

Updated : Jul 16, 2020, 12:36 AM IST

গুৱাহাটী, 15 জুলাই : গুৰুতৰভাৱে অসুস্থ হৈ পৰিছে কন্ঠশিল্পী অৰ্চনা মহন্ত ৷ বুধবাৰে হঠাতে অসুস্থ হৈ পৰে বিশিষ্ট কন্ঠশিল্পীগৰাকী ৷ ব্ৰেইন ষ্টোক হোৱাৰ ফলত তেওঁক মহানগৰীৰ হেল্থচিটি হাস্পতালত ভৰ্তি কৰোৱা হয় ৷ স্বাস্থ্যৰ অধিক অৱনতি হোৱাত আইচিইউলৈ বদলি কৰা হয় তেওঁক ৷

দীৰ্ঘদিন ধৰি প্ৰয়াত স্বামী খগেন মহন্তৰ সৈতে অসমৰ ভিন্ন প্ৰান্তত গীত পৰিবেশন কৰি ৰাইজৰ শিল্পী হিচাপে পৰিগনিত হৈছিল তেওঁ ৷

ইতিমধ্যে তেখেতৰ চিকিৎসাৰ বাবে হেল্থচিটি চিকিৎসালয়ে বিশেষ দল নিয়োগ কৰিছে ৷ বৰ্তমান তেওঁক ডাঃ ঋষু গুপ্তা, চন্দনা শৰ্মা আৰু ব্ৰজেন লহকৰে চিকিৎসা সেৱা আগবঢ়াই আছে । চিকিৎসকৰ মতে তেওঁৰ স্বাস্থ্যৰ অৱস্থা বৰ্তমানে সুস্থিৰ বুলি জানিব পৰা গৈছে ৷

ব্ৰেইন ষ্ট্ৰকত আক্ৰান্ত হোৱাৰ সময়ত তেওঁ আছিল জীয়ৰি পাহীৰ ঘৰত । উল্লেখযোগ্য যে, দুয়োখন ভৰি ভগাৰ ফলত শয্যাগত হৈ আছিল অৰ্চনা মহন্ত ।

লগতে পঢ়কঃ হায়দৰাবাদত গুৰুতৰভাৱে অসুস্থ অসমৰ এজন ব্যক্তি

Last Updated : Jul 16, 2020, 12:36 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.