গুৱাহাটী,২৫ নৱেম্বৰ : পুনৰ জাৰি কৰা হ'ল কাগজ কল নিলাম কৰাৰ জাননী(paper mill Auction Notice reissued)। নগাঁও আৰু কাছাৰ কাগজকলৰ ভূমি অসম চৰকাৰে নিজৰ হাতলৈ নিয়াৰ পৰিকল্পনা কৰাৰ সময়তে পুনৰ সা-সম্পত্তিসহ কাগজ কল দুটা নিলামৰ বাবে নিবিদা প্ৰকাশ কৰিছে লিকুইডেটৰ কুলদীপ বার্মাই ।
বৃহস্পতিবাৰে লিকুইডেটৰ কুলদীপ বার্মাই নগাঁও আৰু কাছাৰ কাগজ কলৰ মূল্য ৭০০ কোটি টকালৈ হ্ৰাস কৰি বিজ্ঞাপন প্ৰকাশ কৰিছে(advertisement of paper mill auction) । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কাগজকলৰ কর্মচাৰীৰ প্ৰাপ্য ৫৭০ কোটি টকা আদায় দিয়াৰ বাবে বুজাবুজি চুক্তি স্বাক্ষৰ কৰাৰ লগতে কাগজকলৰ ভূমি ৰাজ্য চৰকাৰৰ হাতলৈ অনা হ'ব বুলি ঘোষণা কৰিছিল ।
এই সন্দৰ্ভত ৰাজ্য চৰকাৰৰ উদ্যোগ বিভাগে নেশ্যনেল কোম্পানীৰ ল এপীল ট্ৰিবিউনেলত প্ৰস্তাৱ দাখিল কৰাৰ বাবে প্ৰস্তুতি সম্পূর্ণ কৰিছে । ইফালে শেহতীয়াকৈ নেশ্যনেল কোম্পানী ল এপীল ট্ৰিবিউনেলত লিকুইডেটৰ কুলদীপ বার্মাক এবছৰৰ ভিতৰত কাগজ কল দুটা পুনৰুজ্জীৱিত কৰি নিলামৰ ব্যৱস্থা কৰিবলৈ সময়সীমা বান্ধি দিছিল ।
ইয়াৰ পাছতেই বৃহস্পতিবাৰে লিকুইডেটৰ বার্মাই নগাঁও কাগজকলৰ ৫৭৩ একৰ ভূমি, কাছাৰ কাগজ কলৰ ১০০৮ একৰ ভুমি আৰু ডিমা হাচাওৰ ১০ কঠা ভূমি ৭০০ কোটি টকাত নিলামৰ নিৰিখ ধার্য কৰি বিজ্ঞাপন প্ৰকাশ কৰিছে । তদুপৰি এইচ পি চিৰ নামত থকা গুৱাহাটীৰ গেম ভিলেজৰ ১.০৪ কোটি টকাৰ মূল্যৰ দুটা ফ্লেট, মুম্বাইত থকা ১.১০ কোটি টকা মূল্যৰ এটা ফ্লেট, কলকাতাত থকা ৫৮.৫০ কোটি টকা মূল্যৰ হাউছিং কলনী এটা ফ্লেট, দিল্লীত থকা ১০.২১ কোটি টকাৰ কাৰ্যালয়ৰ লগতে নাগালেণ্ড পেপাৰ কোম্পানীত থকা ১৫.৩৩ কোটি টকাৰ শ্বেয়াৰ নিলামৰো বিজ্ঞাপন প্ৰকাশ কৰিছে ।
লক্ষণীয়ভাৱে লিকুইডেটৰ কুলদীপ বার্মাই ইয়াৰ পূৰ্বে দুবাৰকৈ কাগজ কল দুটা নিলামৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰিছিল যদিও প্ৰথমবাৰ কাগজ কলৰ মূল্যৰ ১,১৩৯ কোটি টকা ধার্য কৰিছিল । অৱশ্যে এইবাৰ কাগজ কলৰ মূল্য ৭০০ কোটি টকালৈ হ্ৰাস কৰা হয় ৷
লগতে পঢ়ক: চিৰদিনৰ বাবে বন্ধ হ'ল অপ্সৰা চিনেমা হল