ETV Bharat / city

পাণ্ডুত হ’ব জাহাজ মেৰামতিৰ কাৰখানা: বুজাবুজিৰ চুক্তি স্বাক্ষৰিত

author img

By

Published : Aug 26, 2021, 10:19 PM IST

বৃহস্পতিবাৰে সন্ধিয়া গুৱাহাটীৰ পাণ্ডুঘাটত কেন্দ্ৰীয় জাহাজ, জল পৰিবহন আৰু আয়ুষ মন্ত্ৰনালয়ৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত এই বৃহৎ কাৰখানা পাণ্ডুত স্থাপনৰ বাবে ভাৰত চৰকাৰৰ আভ্যন্তৰীণ জল পৰিবহণ বিভাগ আৰু হুগলী কোচিন শ্বীপয়াৰ্ড লিমিটেডৰ মাজত এক বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয় ।

পাণ্ডুত হ’ব জাহাজ মেৰামতিৰ কাৰখানা: বুজাবুজিৰ চুক্তি স্বাক্ষৰিত
পাণ্ডুত হ’ব জাহাজ মেৰামতিৰ কাৰখানা: বুজাবুজিৰ চুক্তি স্বাক্ষৰিত

গুৱাহাটী, ২৬ আগষ্ট: অসমে জনাই অহা এটা দীৰ্ঘদিনীয়া দাবী বাস্তৱায়িত হোৱাৰ দিশে । সুদীৰ্ঘ সময়জুৰি সদৌ অসম ছাত্ৰ সন্থাকে আদি কৰি বিভিন্ন দল সংগঠনে অসমত জাহাজ মেৰামতিৰ এটা কাৰখানা স্থাপনৰ বাবে দাবী জনাই আহিছিল ।

অৱশেষত বৃহস্পতিবাৰে সন্ধিয়া গুৱাহাটীৰ পাণ্ডুঘাটত কেন্দ্ৰীয় জাহাজ, জল পৰিবহন আৰু আয়ুষ মন্ত্ৰনালয়ৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত এই বৃহৎ কাৰখানা পাণ্ডুত স্থাপনৰ বাবে ভাৰত চৰকাৰৰ আভ্যন্তৰীণ জল পৰিবহণ বিভাগ আৰু হুগলী কোচিন শ্বীপয়াৰ্ড লিমিটেডৰ মাজত এক বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয় ।

এই অনুষ্ঠানত কেন্দ্ৰীয় জাহাজ আৰু জল পৰিবহন মন্ত্ৰণালয়ৰ ৰাজ্যিক মন্ত্ৰী শান্তনু ঠাকুৰ, ৰাজ্যৰ পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু সাংসদ কুইন ওজাৰ উপৰিও চুক্তিত স্বাক্ষৰ কৰা দুয়োটা পক্ষৰে শীৰ্ষ বিষয়া সকল উপস্থিত থাকে ৷

লগতে পঢ়কঃ ফাষ্ট ট্ৰেক আদালতত হ'ব নন্দিতা শইকীয়া হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া

এই অনুষ্ঠানত ভাগ লৈ বিভাগীয় কেন্দ্ৰীয় মন্ত্ৰী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে, ইতিমধ্যে চিটাগং বন্দৰ মুকলি কৰি দিয়া হৈছে আৰু ব্ৰহ্মপুত্ৰৰ জৰিয়তে সকলোৱে ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত এই সুবিধা লব পাৰিব ।

ইয়াৰ বাবে ব্ৰহ্মপুত্ৰৰ খননৰ কামো চৰকাৰে শীঘ্ৰে আৰম্ভ কৰিব । তেওঁ লগতে আৰু কয় যে, ব্ৰহ্মপুত্ৰৰ ১২১ খন উপনৈ আৰু বৰাকৰ ১২ খন উপনৈৰ বুকুত এতিয়াও লুকাই থকা সম্ভাৱনা সমূহ বিচাৰি উলিয়াই তাক বিজ্ঞানসন্মত গৱেষণা কৰিবলৈ তেওঁৰ বিভাগে সিদ্ধান্ত লৈছে । তেওঁ ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাকো প্ৰসংশা কৰে ।

আনহাতে এই অনুষ্ঠানত ভাগ লৈ মুখ্যমন্ত্ৰী ড৹ শৰ্মাই পাণ্ডুত এনে এক উপহাৰ আগবঢ়োৱাৰ বাবে সৰ্বানন্দ সোণোৱালক ধন্যবাদ জনোৱাৰ লগতে অসমত জাহাজৰ সৈতে জড়িত বিভিন্ন কামকাজৰ বাবে প্ৰয়োজন হ’ব পৰা মানৱ সম্পদ সৃষ্টি কৰিব পৰাকৈ এটা বৃহৎ প্ৰতিষ্ঠান নিৰ্মাণ কৰিবলৈও অনুৰোধ জনায় ।

উল্লেখযোগ্য যে, আজিৰ এই অনুষ্ঠানতে পাণ্ডুঘাটত জাহাজ মেৰামতিৰ কাৰখানাটোৰ উপৰি এটা কনভেনছন হলো নিৰ্মাণ কৰা হ’ব বুলি কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে ঘোষণা কৰে ।

লগতে পঢ়কঃ পঞ্চদশ কেবিনেটে গ্ৰহণ কৰিলে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.