ETV Bharat / city

অসম ৰাজ্যিক চিৰিয়াখানা প্ৰাংগণত চিত্ৰাংকন প্ৰতিযোগিতা

author img

By

Published : May 29, 2022, 4:41 PM IST

দেওবাৰে অসম ৰাজ্যিক চিৰিয়াখানা প্ৰাংগণত এখন চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় (Painting competition in Guwahati) ৷ বিশ্ব পৰিবেশ দিৱসৰ লগত সংগতি এই চিত্ৰাংকন প্ৰতিযোগিতা আয়োজন কৰা হয় ৷

Painting competition at Assam State Zoo cum Botanical Garden in Guwahati
অসম ৰাজ্যিক চিৰিয়াখানা প্ৰাংগনত চিত্ৰাংকন প্ৰতিযোগিতা

গুৱাহাটী, 29মে’: বিশ্ব পৰিবেশ দিৱসৰ লগত সংগতি ৰাখি অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ (Pollution Control Board Assam) উদ্যোগত দেওবাৰে অসম ৰাজ্যিক চিৰিয়াখানা প্ৰাংগণত এখন চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় (Painting competition in Guwahati) ৷ মহানগৰীৰ কেইবাখনো বিদ্যালয়ৰ পৰা অহা প্ৰায় 700 ৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাখন পুৱা 11 বজাৰ পৰা আৰম্ভ হৈ দুপৰীয়া 1 বজাত সামৰণি পৰে ।

''আমাৰ এখনি পৃথিৱী'' বিষয়-বস্তু হিচাপে লৈ এই প্ৰতিযোগিতাখন ছাত্ৰ ছাত্ৰীৰ মাজত অনুষ্ঠিত কৰিছে অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে । মূলতঃ চাৰিটা শাখাত বিভক্ত এই প্ৰতিযোগিতাখন প্ৰথম শ্ৰেণীৰ পৰা তৃতীয় শ্ৰেণীলৈ ক’ শাখা, চতুৰ্থ শ্ৰেণীৰ পৰা ষষ্ঠ শ্ৰেণীলৈ খ’ শাখা, সপ্তম শ্ৰেণীৰ পৰা নৱম শ্ৰেণীলৈ গ’ শাখা আৰু বিশেষভাৱে সক্ষম ছাত্ৰ-ছাত্ৰীক লৈ ঘ’ শাখাত অনুষ্ঠিত কৰা হয় ৷

আগন্তুক 5 জুনত বিশ্ব পৰিৱেশ দিৱসৰ (World Environment Day) এক বিশেষ অনুষ্ঠানত এই প্ৰতিযোগিতাৰ বঁটা সমূহ প্ৰদান কৰা হ’ব বুলি আয়োজকমণ্ডলীয়ে জনায় । এই অনুষ্ঠানত অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ সদস্য সচিব ড৹ শান্তনু কুমাৰ দত্ত, মুখ্য পাৰিপাৰ্শ্বিক অভিযন্তা বিধান কুমাৰ দাস, জ্যেষ্ঠ পৰিদৰ্শক অভিযন্তা গকুল ভূঞা, পৰিকল্পনা আৰু গৱেষক বিষয়া কান্তেশ্বৰ কলিতা আদিকে ধৰি বহু গণ্য মান্য ব্যক্তি উপস্থিত থাকে ।

লগতে পঢ়ক : Electricity shortage in India : ক'ল ইণ্ডিয়াক ইন্ধন আমদানিৰ নিৰ্দেশ শক্তি মন্ত্ৰালয়ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.