ETV Bharat / city

মহানগৰীৰ গোশালাত বিৰল প্ৰজাতিৰ গুই সাপ উদ্ধাৰ

গোশালাত ৰাইজৰ সহযোগত আৰক্ষীয়ে পিঞ্জৰাবদ্ধ কৰিবলৈ সক্ষম হয় এডাল প্ৰকাণ্ড গুই সাপ ৷ ইতিমধ্যে বন বিভাগক চমজাই দিছে গুইসাপ ডালক ৷

One monitor lizard Recovered At Guwahati
মহানগৰীৰ গোশালাত বিৰল প্ৰজাতিৰ গুই সাপ উদ্ধাৰ
author img

By

Published : Jul 27, 2020, 4:14 PM IST

গুৱাহাটী, 27 জুলাইঃ গুৱাহাটী গোশালাত উদ্ধাৰ হয় বিৰল প্ৰজাতিৰ এডাল গুই সাপ । প্ৰদীপ পাল নামৰ লোকজন ঘৰত প্ৰত্যক্ষ কৰে গুই সাপ ডালক ।

মহানগৰীৰ গোশালাত বিৰল প্ৰজাতিৰ গুই সাপ উদ্ধাৰ

সোমবাৰে মহানগৰীৰ গোশালাৰ পানী টেংকীৰ সমীপত উদ্ধাৰ হয় এডাল বিৰল প্ৰজাতিৰ গুই সাপ । প্ৰদীপ পাল নামৰ লোকজনৰ ঘৰত প্ৰথমে প্ৰত্যক্ষ কৰে গুই সাপডালক । ততালিকে স্থানীয় ৰাইজে খবৰ দিয়ে গোশালা আৰক্ষীক। গোশালা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ কৰে গুই সাপডাল। সম্প্ৰতি বন বিভাগক সাপডাল গতাই দিছে গোশালা আৰক্ষীয়ে। এই বিৰল প্ৰজাতিৰ গুই সাপডাল অসম ৰাজ্যিক চিৰিয়াখানাত ৰখাৰ ব্যৱস্থা কৰিছে বন বিভাগে।

উল্লেখ্য যে,বিগত কেইবাদিন ধৰি সাপডাল প্ৰদীপ পাল নামৰ লোকজনৰ ঘৰৰ ভিতৰত আছিল যদিও উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাছিল তেওঁলোকে । যাৰ বাবে আতংকিত হৈ আছিল পৰিয়ালটো। পিছত সোমবাৰে আৰক্ষীৰ সহযোগত পিঞ্জৰাবদ্ধ কৰিবলৈ সক্ষম হয় প্ৰকাণ্ড গুই সাপডালক ।

লগতে পঢ়ক- সোণাৰিত উদ্ধাৰ এটা প্ৰকাণ্ড অজগৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.