ETV Bharat / city

কৃত্ৰিম বানৰ কবলত উত্তৰ গুৱাহাটী - ৰহধলা

বাৰিষাৰ আৰম্ভণিত এজাক বৰষুণতেই জলমগ্ন হৈ পৰিছে উত্তৰ গুৱাহাটী । নগৰ সমিতি, পঞ্চায়তৰ দ্বাৰা এতিয়ালৈ নিৰ্মাণ নহ’ল নলা-নৰ্দমা । একাঁঠু পানীতেই যাতায়াত অব্যাহত উত্তৰ গুৱাহাটীবাসীৰ ।

পানীৰ তলত উত্তৰ গুৱাহাটী
পানীৰ তলত উত্তৰ গুৱাহাটী
author img

By

Published : Apr 18, 2021, 6:53 PM IST

গুৱাহাটী,18 এপ্ৰিল: এজাক বৰষুণতেই জলা-কলা খাব লগা হৈছে উত্তৰ গুৱাহাটীবাসীয়ে । হঠাতে অহা এজাক বৰষুণত বুৰ গ’ল ৰূদ্ৰেশ্বৰ, মাজগাঁও, ৰহধলাকে ধৰি উত্তৰ গুৱাহাটীৰ বহু অঞ্চল । ৰূদ্ৰেশ্বৰ পঞ্চায়তে আজিলৈকে অঞ্চলটোৰ নলা-নৰ্দমাসমূহ নিৰ্মাণ নকৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ খোৱাপানীৰ সমস্যা, বাট-পথৰ সমস্যাকে ধৰি এশ এবুৰি সমস্যাৰে ঠাহ খাই থকা গাঁৱবাসীয়ে আজিলৈকে নেদেখিলে পথৰ দাঁতিৰ নলা । যাৰ বাবে প্ৰথমজাক বৰষুণতেই জলমগ্ন হৈ পৰে উত্তৰ গুৱাহাটীৰ বৃহৎ অঞ্চল ।

লোক নিৰ্মাণ বিভাগৰ অপৰিপক্ক অভিযন্তাৰ কামত গাফিলতিৰ বাবেই চৰম দুৰ্দশা ভোগ কৰিবলগা হৈছে অঞ্চলটোৰ সৰ্ব সাধাৰণ ৰাইজে । বছৰ বছৰ ধৰি ৰহধলা-ৰূদ্ৰেশ্বৰ সংযোগী পকী পথছোৱাত আৱদ্ধ পানীৰ বাবেই অঞ্চলটোত যাতায়াত বিঘ্নিত হৈ পৰিছে ।

কৃত্ৰিম বানৰ কবলত উত্তৰ গুৱাহাটী

ইফালে ৰহধলা মাজগাঁৱতো উপযুক্ত নলাৰ অভাৱত বাৰিযা কালত পথৰ মাজত একাঁঠু পানী জমা হয় । উত্তৰ গুৱাহাটী নগৰ সমিতিয়ে নিৰ্মাণ কৰা নলাৰেও পানী ওলাই নাযায় ৷ কটাহ বজাৰ, অভয়পুৰ, মধুপুৰ আদি অঞ্চলৰ লোকে বাৰিষাৰ প্ৰায় ছমাহেই পানীৰ তলত থাকে বুলি অভিযোগ তোলে ।

লগতে পঢ়ক : পুৰণিগুদামত ‘অংগাভিনয় অসম’ৰ দ্বাৰা বিহু প্ৰদৰ্শন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.